--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পদপথৰ কুকুৰ বা বান্দৰক খাদ্য বিতৰণ কৰাৰ দৃশ্য আমি প্ৰায়ে ছ'চিয়েল মিডিয়াত প্ৰত্যক্ষ কৰো৷ কিন্তু বান্দৰক খাদ্য খুৱাই বিপদত পৰিল এগৰাকী মহিলা৷ মুম্বাইৰ মালাডৰ এগৰাকী ৫৯ বছৰীয়া মহিলাই বান্দৰ এটাক বিস্কুট খুৱাই দিয়াৰ বাবে যথেষ্ট মূল্য পৰিশোধ কৰিবলগীয়া হৈছিল। বান্দৰটোৱে হঠাতে তেওঁৰ মুখতে আক্ৰমণ কৰে। বান্দৰৰ আক্ৰমণৰ ফলত মহিলাগৰাকীৰ মুখত ১০ টা চিলাই পৰিছিল। একে সময়তে মালাড ইষ্টৰ সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ উপকণ্ঠত থকা আপ্পাপাৰাৰ স্থানীয় লোকে দাবী কৰে যে বান্দৰটোৱে অলপতে নিজৰ সন্তান হেৰুৱাইছিল৷ যাৰ ফলত কেইবাজনো লোকক আক্ৰমণ কৰে সন্তানহীনা বান্দৰটোৱে। এই ঘটনাটো সংঘটিত হৈছিল বৃহস্পতিবাৰে আবেলি। সৰোজ শুক্লা নামৰ মহিলাগৰাকী আইচক্ৰীমৰ দোকানত আছিল। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, বান্দৰটো আহি আইচক্ৰীম ফ্ৰিজত বহিছিল, যাৰ পাছত শুক্লাই তেওঁক বিস্কুট খাবলৈ দিছিল। কিন্তু বান্দৰে তেওঁৰ মুখত আক্ৰমণ কৰাৰ ফলত মহিলাগৰাকী বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। শুক্লাক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল য'ত তেওঁৰ মুখত ১০ টাকৈ চিলাই পৰিছিল। চিকিৎসকসকলে কৈছিল যে তেওঁৰ অৱস্থা আগতকৈ উন্নত হৈছে আৰু কোনো বিপদৰ শংকা নাই। আন এজন স্থানীয় লোকে কৈছিল যে বান্দৰটোৱে শুকুৰবাৰে এটা শিশুক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু বিফল হৈছিল। বান্দৰটোৰ ফলত স্থানীয় লোকসকলে কেতিয়াবা আতংকিত হৈ পৰে। একাংশৰ মতে নিজৰ সন্তানক হেৰুৱাই মৰ্মাহত হৈছে বান্দৰটো, যাৰফলত হয়টো মানুহৰ স্পৰ্শলৈ আহিলেই ভয় আৰু শংকাত যিকোনো মানুহকেই আটক কৰিবলৈ চেষ্টা কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন