--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পদপথৰ কুকুৰ বা বান্দৰক খাদ্য বিতৰণ কৰাৰ দৃশ্য আমি প্ৰায়ে ছ'চিয়েল মিডিয়াত প্ৰত্যক্ষ কৰো৷ কিন্তু বান্দৰক খাদ্য খুৱাই বিপদত পৰিল এগৰাকী মহিলা৷ মুম্বাইৰ মালাডৰ এগৰাকী ৫৯ বছৰীয়া মহিলাই বান্দৰ এটাক বিস্কুট খুৱাই দিয়াৰ বাবে যথেষ্ট মূল্য পৰিশোধ কৰিবলগীয়া হৈছিল। বান্দৰটোৱে হঠাতে তেওঁৰ মুখতে আক্ৰমণ কৰে। বান্দৰৰ আক্ৰমণৰ ফলত মহিলাগৰাকীৰ মুখত ১০ টা চিলাই পৰিছিল। একে সময়তে মালাড ইষ্টৰ সঞ্জয় গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ উপকণ্ঠত থকা আপ্পাপাৰাৰ স্থানীয় লোকে দাবী কৰে যে বান্দৰটোৱে অলপতে নিজৰ সন্তান হেৰুৱাইছিল৷ যাৰ ফলত কেইবাজনো লোকক আক্ৰমণ কৰে সন্তানহীনা বান্দৰটোৱে। এই ঘটনাটো সংঘটিত হৈছিল বৃহস্পতিবাৰে আবেলি। সৰোজ শুক্লা নামৰ মহিলাগৰাকী আইচক্ৰীমৰ দোকানত আছিল। প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, বান্দৰটো আহি আইচক্ৰীম ফ্ৰিজত বহিছিল, যাৰ পাছত শুক্লাই তেওঁক বিস্কুট খাবলৈ দিছিল। কিন্তু বান্দৰে তেওঁৰ মুখত আক্ৰমণ কৰাৰ ফলত মহিলাগৰাকী বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। শুক্লাক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল য'ত তেওঁৰ মুখত ১০ টাকৈ চিলাই পৰিছিল। চিকিৎসকসকলে কৈছিল যে তেওঁৰ অৱস্থা আগতকৈ উন্নত হৈছে আৰু কোনো বিপদৰ শংকা নাই। আন এজন স্থানীয় লোকে কৈছিল যে বান্দৰটোৱে শুকুৰবাৰে এটা শিশুক আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু বিফল হৈছিল। বান্দৰটোৰ ফলত স্থানীয় লোকসকলে কেতিয়াবা আতংকিত হৈ পৰে। একাংশৰ মতে নিজৰ সন্তানক হেৰুৱাই মৰ্মাহত হৈছে বান্দৰটো, যাৰফলত হয়টো মানুহৰ স্পৰ্শলৈ আহিলেই ভয় আৰু শংকাত যিকোনো মানুহকেই আটক কৰিবলৈ চেষ্টা কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান