--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত ইউক্ৰেইন। ৰাছিয়ান সৈন্যই প্ৰৱল আগ্ৰাসী ৰূপেৰে বিচৰণ কৰিছে ইউক্ৰেইনৰ ৰাজপথ৷ একপ্ৰকাৰে ভয় আৰু বিভীষিকাৰ মাজেৰে দিন কটাইছে ইউক্ৰেইনৰ বাসিন্দাসকলে৷ কিন্তু এই বিভীষিকাৰ মাজতে শ্বেয়াৰ হোৱা এখন ছবিয়ে মুখত হাঁহি বিৰিঙাই তুলিছে ইউক্ৰেইনৰ লোকসকলৰ। তাৰ কাৰণ হৈছে এটি দেৱশিশু৷ যুদ্ধৰ বিভীষিকাৰ পৰা বাছিবলৈ কিয়েভ মেট্ৰ' ষ্টেচনৰ ছাবৱেত আশ্ৰয় লৈ থকা অৱস্থাতে এগৰাকী মহিলাই জন্ম দিয়ে এগৰাকী কন্যাৰ। ঘটনাটো বৰ্ণনা কৰি দেশখনৰ এজন আৰক্ষী বিষয়াই এটা টুইট কৰিছিল। এই দেৱশিশুটি দেখি সকলোৱে আশীৰ্বাদ দিছিল আৰু দিছিল শুভেচ্ছা বাৰ্তা। তেওঁলোকৰ বহুতে কয় যে এই বিপদৰ মাজত ক’ৰবাত সকাহ দেখিবলৈ পাইছোঁ। নৱজাতকটি জন্মৰ বাবে চাৰিওফালে আশাৰ এক ৰেঙণি দেখিছোঁ বুলি বহুজনে মত পোষণ কৰিছে। আকৌ বহুজনে নৱজাতকটিক শান্তিৰ প্ৰতীক হিচাপেও গণ্য কৰিছে৷ এজন আৰক্ষী বিষয়াই কয় যে প্ৰসৱ বেদনাত মহিলাগৰাকী কিয়েভ মেট্ৰ' ষ্টেচনত ছটফটাই আছিল৷ চিকিৎসালয় কিম্বা নাৰ্ছিং হোমতো দূৰৈৰে কথা এগৰাকী চিকিৎসকক পাবলৈও বহু কঠিন হৈছিল সেই সময়ত৷ যাৰফলত আৰক্ষীয়ে সহায় কৰে প্ৰসৱ বেদনাত ছটফটাই থকা মহিলাগৰাকীক। অৱশেষত নিশা ৮:৩০ বজাত মহিলাগৰাকীয়ে প্ৰসৱ কৰে এটি কন্যা সন্তান। আৰু শিশুটিক মিয়া নামেৰে কৰা হয় নামকৰণ। পাছত মাতৃ আৰু শিশুটিক এখন এম্বুলেন্সেৰে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। দুয়োজন বৰ্তমান সুস্থ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই