--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত ইউক্ৰেইন। ৰাছিয়ান সৈন্যই প্ৰৱল আগ্ৰাসী ৰূপেৰে বিচৰণ কৰিছে ইউক্ৰেইনৰ ৰাজপথ৷ একপ্ৰকাৰে ভয় আৰু বিভীষিকাৰ মাজেৰে দিন কটাইছে ইউক্ৰেইনৰ বাসিন্দাসকলে৷ কিন্তু এই বিভীষিকাৰ মাজতে শ্বেয়াৰ হোৱা এখন ছবিয়ে মুখত হাঁহি বিৰিঙাই তুলিছে ইউক্ৰেইনৰ লোকসকলৰ। তাৰ কাৰণ হৈছে এটি দেৱশিশু৷ যুদ্ধৰ বিভীষিকাৰ পৰা বাছিবলৈ কিয়েভ মেট্ৰ' ষ্টেচনৰ ছাবৱেত আশ্ৰয় লৈ থকা অৱস্থাতে এগৰাকী মহিলাই জন্ম দিয়ে এগৰাকী কন্যাৰ। ঘটনাটো বৰ্ণনা কৰি দেশখনৰ এজন আৰক্ষী বিষয়াই এটা টুইট কৰিছিল। এই দেৱশিশুটি দেখি সকলোৱে আশীৰ্বাদ দিছিল আৰু দিছিল শুভেচ্ছা বাৰ্তা। তেওঁলোকৰ বহুতে কয় যে এই বিপদৰ মাজত ক’ৰবাত সকাহ দেখিবলৈ পাইছোঁ। নৱজাতকটি জন্মৰ বাবে চাৰিওফালে আশাৰ এক ৰেঙণি দেখিছোঁ বুলি বহুজনে মত পোষণ কৰিছে। আকৌ বহুজনে নৱজাতকটিক শান্তিৰ প্ৰতীক হিচাপেও গণ্য কৰিছে৷ এজন আৰক্ষী বিষয়াই কয় যে প্ৰসৱ বেদনাত মহিলাগৰাকী কিয়েভ মেট্ৰ' ষ্টেচনত ছটফটাই আছিল৷ চিকিৎসালয় কিম্বা নাৰ্ছিং হোমতো দূৰৈৰে কথা এগৰাকী চিকিৎসকক পাবলৈও বহু কঠিন হৈছিল সেই সময়ত৷ যাৰফলত আৰক্ষীয়ে সহায় কৰে প্ৰসৱ বেদনাত ছটফটাই থকা মহিলাগৰাকীক। অৱশেষত নিশা ৮:৩০ বজাত মহিলাগৰাকীয়ে প্ৰসৱ কৰে এটি কন্যা সন্তান। আৰু শিশুটিক মিয়া নামেৰে কৰা হয় নামকৰণ। পাছত মাতৃ আৰু শিশুটিক এখন এম্বুলেন্সেৰে চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। দুয়োজন বৰ্তমান সুস্থ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন