--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বৰ জনসংখ্যাৰ ৫২ শতাংশতকৈও অধিক লোক মুৰৰ বিষৰ দৰে সমস্যাত ভুগিবলগা হয়, ইয়াৰ ১৪ শতাংশই মাইগ্ৰেইনৰ সমস্যা। শেহতীয়া এক গৱেষণাত প্ৰকাশ পোৱা তথ্য অনুসৰি মহিলাসকলে পুৰুষৰ তুলনাত অধিক মুৰৰ বিষৰ সমস্যাত ভোগে। নৰৱেৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে চলোৱা গৱেষণাৰ প্ৰতিবেদন অনুসৰি বিশ্বব্যাপী ২০ৰ পৰা ৬৫ বছৰ বয়সৰ লোকসকলৰ মূৰৰ বিষ অধিক হোৱা দেখা যায়।

 গৱেষকসকলৰ মতে ১৯৬১ৰ পৰা ২০২০ চনৰ ভিতৰত প্ৰকাশিত প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি মুৰৰ বিষৰ সমস্যা মূল্যায়ন কৰা হৈছিল। তেওঁলোকৰ পৰ্যালোচনা প্ৰতিবেদন অনুসৰি প্ৰায় ২৬ শতাংশ লোক মানসিক চাপৰ ফলত মুৰৰ বিষৰ সমস্যাত ভোগে আৰু ৪.৬ শতাংশই ১৫ বা অধিক দিনত এই সমস্যা ভোগাৰ তথ্য পোহৰলৈ আহে।

 গৱেষণাত এই তথ্যও প্ৰকাশ পাইছিল যে প্ৰায় ১৫.৮ শতাংশ লোকৰ মুৰৰ বিষৰ সমস্যাৰ বিপৰীতে প্ৰায় ৫০ শতাংশই মাইগ্ৰেইনৰ দৰে সমস্যাৰ সন্মুখীন হৈছিল। অধ্যয়নটোৰ মুখ্য লেখক লাৰ্ছ জেকব চোনাৰে কৈছিল যে মুৰৰ বিষৰ সমস্যা বিশ্বজুৰি সচৰাচৰ হয় আৰু পৃথক পৃথক কাৰণতে এই সমস্যাৰ দ্বাৰা প্ৰভাৱিত হয়। মুৰৰ বিষ প্ৰতিৰোধ কৰা আৰু ইয়াৰ চিকিৎসাৰ বাবে উন্নত চিকিৎসাৰ প্ৰয়োজনীয়তা আছে।

 উল্লেখ্য যে, মহিলাসকলে মুৰৰ বিষত বেছি ভোগে। গৱেষণাৰ মতে দেখা যায় যে ৮.৬ শতাংশ পুৰুষ মাইগ্ৰেইনত ভোগাৰ বিপৰীতে ১৭ শতাংশ মহিলাই ইয়াৰ দ্বাৰা আক্ৰান্ত হয়। একেদৰে ৬ শতাংশ মহিলাই ১৫ বা তাতকৈ অধিক দিনৰ বাবে মুৰৰ বিষৰ সমস্যাত ভোগে, আনহাতে পুৰুষৰ ক্ষেত্ৰত ই হৈছে মাত্ৰ ২.৯ শতাংশ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ