--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বৰ জনসংখ্যাৰ ৫২ শতাংশতকৈও অধিক লোক মুৰৰ বিষৰ দৰে সমস্যাত ভুগিবলগা হয়, ইয়াৰ ১৪ শতাংশই মাইগ্ৰেইনৰ সমস্যা। শেহতীয়া এক গৱেষণাত প্ৰকাশ পোৱা তথ্য অনুসৰি মহিলাসকলে পুৰুষৰ তুলনাত অধিক মুৰৰ বিষৰ সমস্যাত ভোগে। নৰৱেৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটা দলে চলোৱা গৱেষণাৰ প্ৰতিবেদন অনুসৰি বিশ্বব্যাপী ২০ৰ পৰা ৬৫ বছৰ বয়সৰ লোকসকলৰ মূৰৰ বিষ অধিক হোৱা দেখা যায়।

 গৱেষকসকলৰ মতে ১৯৬১ৰ পৰা ২০২০ চনৰ ভিতৰত প্ৰকাশিত প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি মুৰৰ বিষৰ সমস্যা মূল্যায়ন কৰা হৈছিল। তেওঁলোকৰ পৰ্যালোচনা প্ৰতিবেদন অনুসৰি প্ৰায় ২৬ শতাংশ লোক মানসিক চাপৰ ফলত মুৰৰ বিষৰ সমস্যাত ভোগে আৰু ৪.৬ শতাংশই ১৫ বা অধিক দিনত এই সমস্যা ভোগাৰ তথ্য পোহৰলৈ আহে।

 গৱেষণাত এই তথ্যও প্ৰকাশ পাইছিল যে প্ৰায় ১৫.৮ শতাংশ লোকৰ মুৰৰ বিষৰ সমস্যাৰ বিপৰীতে প্ৰায় ৫০ শতাংশই মাইগ্ৰেইনৰ দৰে সমস্যাৰ সন্মুখীন হৈছিল। অধ্যয়নটোৰ মুখ্য লেখক লাৰ্ছ জেকব চোনাৰে কৈছিল যে মুৰৰ বিষৰ সমস্যা বিশ্বজুৰি সচৰাচৰ হয় আৰু পৃথক পৃথক কাৰণতে এই সমস্যাৰ দ্বাৰা প্ৰভাৱিত হয়। মুৰৰ বিষ প্ৰতিৰোধ কৰা আৰু ইয়াৰ চিকিৎসাৰ বাবে উন্নত চিকিৎসাৰ প্ৰয়োজনীয়তা আছে।

 উল্লেখ্য যে, মহিলাসকলে মুৰৰ বিষত বেছি ভোগে। গৱেষণাৰ মতে দেখা যায় যে ৮.৬ শতাংশ পুৰুষ মাইগ্ৰেইনত ভোগাৰ বিপৰীতে ১৭ শতাংশ মহিলাই ইয়াৰ দ্বাৰা আক্ৰান্ত হয়। একেদৰে ৬ শতাংশ মহিলাই ১৫ বা তাতকৈ অধিক দিনৰ বাবে মুৰৰ বিষৰ সমস্যাত ভোগে, আনহাতে পুৰুষৰ ক্ষেত্ৰত ই হৈছে মাত্ৰ ২.৯ শতাংশ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন