--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমীয়া সমাজত হালধিৰ আছে সুকীয়া স্থান৷ প্ৰাচীন কালৰে পৰা বৰ্তমানলৈকে হালধিক বিভিন্ন ধৰণৰ ৰোগ নিৰাময়ৰ প্ৰতিৰোধকৰূপে ব্যৱহাৰ হৈ আহিছে।

হালধি হ’ল এবিধ তৃণ জাতীয় বনৌষধি গুণেৰে পৰিপুষ্ট মছলাজাতীয় উদ্ভিদ। আয়ুৰ্বেদ শাস্ত্ৰত হালধিক সবাতোকৈ স্বাস্থ্যকৰ মছলা বুলি কোৱা হয়। বিভিন্ন ধৰণৰ ৰোগৰ নিৰাময়ৰ প্ৰতিৰোধকৰূপে হালধি বহুলভাৱে ব্যৱহাৰ কৰা হয়। ঔষধি গুণৰ লগতে ৰান্ধনি ঘৰত হালধি এক অন্যতম মছলা। সৌন্দয্য চৰ্চাতো হালধিৰ ব্যৱহাৰ উল্লেখনীয়। ইয়াৰ উপৰি হালধি ভাৰতীয় সংস্কৃতিৰ অব্বিচ্ছেদ্য অংগ। বিশ্বত বছৰি ৮ লাখ টন হালধি উৎপাদন কৰা হয়। ইয়াৰে ৭৫% ভাৰতত উৎপাদন কৰা হয়।

অসমীয়া সংস্কৃতিত হালধিৰ বিশেষ গুৰুত্ব আছে। ব’হাগ বিহুত গা ধুবলৈ কেঁচা হালধিৰ সৈতে মাটিমাহৰ প্ৰলেপ বনাই সানি ব্যৱহাৰ কৰা হয়। বিবাহৰ পূৰ্বে কেঁচা হালধি সানি দৰা-কইনাক গা ধুওৱা হয়। 

কোনো পদাৰ্থৰ খাৰুৱা গুণ বা অম্লতা চিনাক্ত কৰিবলৈ হালধি নিমিত কাগজ ব্যৱহাৰ হৈছিল। এচিড মাধ্যমত আনে কাকত হালধীয়া পৰে আৰু খাৰুৱা মাধ্যমত এনে কাকত ৰঙা বৰণৰ হয়। 

ঔষধি গুণেৰে পৰিপুষ্ট হোৱাৰ উপৰি হালধি ৰান্ধনি ঘৰৰ অন্যতম মছলা। ব্যঞ্জন তৈয়াৰ কৰিবলৈ প্ৰতিদিনে হালধি ব্যৱহাৰ কৰা হয়। ই ব্যঞ্জনত ৰং কঢ়িয়াই অনাৰ উপৰি ব্যঞ্জনত সুকীয়া সোৱাদ আনে। আনফালে, সৌন্দয্য চৰ্চা ক্ষেত্ৰতো হালধি বিশেষ গুৰুত্ব আছে। মুখমণ্ডলৰ উজ্বলতা বঢ়াবলৈ, শালমইনা, ৰ’দে পোৰা আদিৰ বাবে হালধি ব্যৱহাৰ কৰা হয়।

হালধিৰ উপকাৰিতা-

১. হালধি হৃদৰোগৰ বাবে উপকাৰী। কেঁচা হালধিৰ নিয়মীয়াকৈ সেৱন কৰিলে দেহত বৃদ্ধি পোৱা কলেষ্টেৰল পৰিমাণ হ্ৰাস কৰাত যথেষ্ট সহায় কৰে। যাৰ ফলত হৃদৰোগৰ পৰা ৰক্ষা পাব পাৰি।

২. শৰীৰৰ যিকোনো ধৰণৰ কটা–ছিঙা বা ঘাঁহ আদি হ’লে তাত কেঁচা হালধি পিচি প্ৰলেপ লগালে উপকাৰ হয়।

৩. শৰীৰৰ গাঁঠিৰ বিষত হালধিৰ উপকাৰিতা দেখা যায়। হালধিয়ে গাঁঠি জোৰাৰ বিষ নিৰাময় কৰে। 

৪. হালধিয়ে খাদ্যৰ পাচন প্ৰক্ৰিয়াত যথেষ্ট সহায় কৰে আৰু হজম শক্তি বঢ়াই। 

৫. হালধি ছালৰ সংক্ৰমণ (skin infections) ৰোধ কৰে। শালমন, কলাদাগ, ৰ’দে পোৰা আদিত হালধিৰ ব্যৱহাৰ কৰে।

৬. হালধি মুখৰ উজ্বলতাৰ বাবেও উপকাৰী। 

৭. হালধি সংক্ৰমণ ৰোধক এণ্টিবেক্টেৰিয়েল, এণ্টিভাইৰেল গুণযুক্ত। 

৮. হালধি চকুৰ ৰোগৰ বাবে উপকাৰী। কেটেৰেক্ট, ইউডিআইটিচৰ দৰে চকুৰ ৰোগসমূহ নিৰাময় কৰে।

৯. লিভাৰৰ ৰোগ, আভোক, জণ্ডিছ, চিৰচিচ আদি ৰোগৰ বাবে হালধি উপকাৰী।

১০. পুৱা সময়ত হালধি গাখীৰ খালে শৰীৰ এলাৰ্জিসমূহ নাইকিয়া হয় ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
প্রায় দুমাহে সমগ্র ইৰানত বন্ধ হৈ আছে শিক্ষা প্রতিষ্ঠানসমূহ; অন্ধকাৰত শিক্ষাৰ্থীৰ ভৱিষ্যৎ
অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
গৰু বিহুৰ দিনা একাংশ মানুহে কিয় খায় আমৰলি পৰুৱাৰ টোপ? জানো আহক
পাৱাৰলুমৰ গামোচাৰে ভৰিছে ৰাজ্যৰ বজাৰ
আজি গৰু বিহু ; চৌদিশে হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতি
ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে জোনাইত অঘটন ; থিতাতে মৃত্যু এজনৰ