--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাজ আকাশতে এখন বিমানত চাৰিজন যাত্ৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। যুদ্ধক্ষেত্ৰ হৈ পৰে বিমানৰ অন্তৰ্ভাগ। যাত্ৰীকেইজনৰ মাজত হোৱা কাজিয়াৰ বাবে বিমানখনেও জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। ঘটনাটো সন্দৰ্ভত অষ্ট্ৰেলিয়ান ফেডাৰেল পুলিচে (এ এফ পি) আটক কৰে চাৰিজন যাত্ৰীক। সংবাদ মাধ্যমৰ খবৰ অনুসৰি অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ কেয়াৰ্নছৰ পৰা দেশৰ উত্তৰ অঞ্চললৈ গৈ আছিল বিমানখন।

এ এফ পিৰ এজন বিষয়াই জনোৱা মতে, ২০ এপ্ৰিলত কেয়াৰ্নছৰ পৰা গ্ৰুট দ্বীপলৈ যোৱা এখন বিমানত এই ঘটনা সংঘটিত হৈছিল। চাৰিজন যাত্ৰীৰ মাজত কাজিয়া তীব্ৰতৰ হৈ পৰাত পাইলটে বিমানখন জৰুৰীকালীন অৱতৰণ কৰিবলৈ বাধ্য হয়।

বিমানখনৰ ভিতৰত চাৰিজন যাত্ৰীৰ সংঘৰ্ষৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অৱশ্যে প্ৰাগ ডিজিটেলে এই ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰা নাই। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে এদল যাত্ৰীয়ে নিজৰ আসন এৰি বিমানখনৰ ভিতৰত থিয় হৈ আছে। এগৰাকী মহিলা যাত্ৰীয়ে এটা মদৰ বটলেৰে সহযাত্ৰী এজনক প্ৰহাৰ কৰিছে৷

ইয়াৰ পিছত বাকী যাত্ৰীসকলে পাইলটজনক কুইন্সলেণ্ডলৈ উভতি যাবলৈ অনুৰোধ জনায়। আৰক্ষীয়ে জনোৱা মতে, কুইন্সলেণ্ডত বিমানখন অৱতৰণ কৰাৰ পিছতে মহিলা যাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হয়।

কিন্তু ইয়াৰ পিছতেো বিমানখনত অশান্তিৰ সৃষ্টি হয়। পুনৰ যাত্ৰীসকলৰ মাজত কাজিয়া আৰম্ভ হয়৷ বিমানখনৰ এখন খিৰিকীও ভাঙি যায়। গ্ৰুট দ্বীপৰ আলিয়াংগুলাত বিমানখন অৱতৰণ কৰাৰ পিছতে আৰক্ষীয়ে তিনিজন যাত্ৰীক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জনোৱা মতে, ধৃত আটাইকেইজনেই মদ্যপান কৰি আছিল আৰু সেইবাবেই অশান্তিৰ সৃষ্টি হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস