--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাজ আকাশতে এখন বিমানত চাৰিজন যাত্ৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত হয়। যুদ্ধক্ষেত্ৰ হৈ পৰে বিমানৰ অন্তৰ্ভাগ। যাত্ৰীকেইজনৰ মাজত হোৱা কাজিয়াৰ বাবে বিমানখনেও জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। ঘটনাটো সন্দৰ্ভত অষ্ট্ৰেলিয়ান ফেডাৰেল পুলিচে (এ এফ পি) আটক কৰে চাৰিজন যাত্ৰীক। সংবাদ মাধ্যমৰ খবৰ অনুসৰি অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ কেয়াৰ্নছৰ পৰা দেশৰ উত্তৰ অঞ্চললৈ গৈ আছিল বিমানখন।

এ এফ পিৰ এজন বিষয়াই জনোৱা মতে, ২০ এপ্ৰিলত কেয়াৰ্নছৰ পৰা গ্ৰুট দ্বীপলৈ যোৱা এখন বিমানত এই ঘটনা সংঘটিত হৈছিল। চাৰিজন যাত্ৰীৰ মাজত কাজিয়া তীব্ৰতৰ হৈ পৰাত পাইলটে বিমানখন জৰুৰীকালীন অৱতৰণ কৰিবলৈ বাধ্য হয়।

বিমানখনৰ ভিতৰত চাৰিজন যাত্ৰীৰ সংঘৰ্ষৰ ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অৱশ্যে প্ৰাগ ডিজিটেলে এই ভিডিঅ'টোৰ সত্যতা পৰীক্ষা কৰা নাই। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে যে এদল যাত্ৰীয়ে নিজৰ আসন এৰি বিমানখনৰ ভিতৰত থিয় হৈ আছে। এগৰাকী মহিলা যাত্ৰীয়ে এটা মদৰ বটলেৰে সহযাত্ৰী এজনক প্ৰহাৰ কৰিছে৷

ইয়াৰ পিছত বাকী যাত্ৰীসকলে পাইলটজনক কুইন্সলেণ্ডলৈ উভতি যাবলৈ অনুৰোধ জনায়। আৰক্ষীয়ে জনোৱা মতে, কুইন্সলেণ্ডত বিমানখন অৱতৰণ কৰাৰ পিছতে মহিলা যাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হয়।

কিন্তু ইয়াৰ পিছতেো বিমানখনত অশান্তিৰ সৃষ্টি হয়। পুনৰ যাত্ৰীসকলৰ মাজত কাজিয়া আৰম্ভ হয়৷ বিমানখনৰ এখন খিৰিকীও ভাঙি যায়। গ্ৰুট দ্বীপৰ আলিয়াংগুলাত বিমানখন অৱতৰণ কৰাৰ পিছতে আৰক্ষীয়ে তিনিজন যাত্ৰীক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জনোৱা মতে, ধৃত আটাইকেইজনেই মদ্যপান কৰি আছিল আৰু সেইবাবেই অশান্তিৰ সৃষ্টি হৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে