--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিশ্বৰ আটাইতকৈ দীঘল নদীখনৰ কথা হয়টো সকলোৱে জানে। যিখন নদীৰ দৈৰ্ঘ্য ৬,৬৫০ কিলোমিটাৰ, কিন্তু বিশ্বৰ আটাইতকৈ সৰু নদীখনৰ বিষয়ে আপুনি জানেনে? এই নদীখনৰ দূৰত্ব মাত্ৰ ২০১ ফুট অৰ্থাৎ ৬১ মিটাৰ, যিটো খোজকাঢ়িও অতি সহজেই অতিক্ৰম কৰিব পাৰি।

উল্লেখ্য যে সমগ্ৰ বিশ্বতে শ শ নদী, উপ-নদী আছে, এই নদী, উপ-নদীসমূহৰ পাৰতে গঢ় লৈ উঠিছে মানৱ সভ্যতা। ইয়াৰ উপৰি এনে কিছুমান নদীৰ দৈৰ্ঘ্য শ শ কিলোমিটাৰ হোৱাৰ বিপৰীতে কিছুমান নদীৰ দৈৰ্ঘ্য অতি কম। যদি আমি পৃথিৱীৰ আটাইতকৈ দীঘল নদীৰ কথা কওঁ, তেন্তে সেয়া হ’ল আফ্ৰিকাত থকা নীল নদীখন, যাৰ দৈৰ্ঘ্য ৬,৬৫০ কি.মি. কিন্তু পৃথিৱীৰ আটাইতকৈ চুটি নদীখনৰ বিষয়ে আপুনি জানেনে? যিখন নদী উৎপত্তিস্থলৰ পৰা আৰম্ভ হৈ মাত্ৰ ৬১ মিটাৰ দূৰত্ব, যাক খোজকাঢ়িও অতি সহজেই অতিক্ৰম কৰিব পাৰি।


আৰু পঢ়ক : উগাণ্ডাৰ বিদ্যালয়ত ভয়ংকৰ আক্ৰমণ: ছাত্ৰ-ছাত্ৰীসহ ৪০ জন নিহত 

বিশ্বৰ আটাইতকৈ সৰু এই নদীখন আমেৰিকাৰ মন্টানা ৰাজ্যৰ মাজেৰে বৈ গৈছে। এই নদীখনৰ নাম '' নদী১৯৮৯ চনত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত ইয়াক বিশ্বৰ আটাইতকৈ চুটি নদী হিচাপে লিপিবদ্ধ কৰা হয়। নদীখনৰ মুঠ দৈৰ্ঘ্য ২০১ ফুট। ৰ’ নদী মুঠ দৈৰ্ঘ্য ২০১ ফুট অৰ্থাৎ ৬১ মিটাৰ। কেইছেকেণ্ডমানৰ ভিতৰতে খোজকাঢ়ি এই দূৰত্ব অতি সহজেই জুখিব পাৰি। পৃথিৱীৰ এই সৰু নদীখনৰ লিটিল বেল্ট মাউণ্টেন ৰেঞ্জৰ পৰা পানী আহে যদিও এই নদীখন মাটিৰ তলত বৈ যোৱা ঝৰ্ণাৰে গঠিত। এই নদীখন পাছলৈ মিছৌৰী নদীৰ লগত মিলি হয়। মিছৌৰী নদী আমেৰিকাৰ আটাইতকৈ দীঘল নদী বুলি জনা যায়।

স্মৰ্তব্য যে বিশ্বৰ আটাইতকৈ চুটি নদীৰ মৰ্যাদা পূৰ্বে অৰেগনৰ ‘ডি ৰিভাৰ’ক দিয়া হৈছিল। সেই নদীখনৰ দৈৰ্ঘ্য আছিল প্ৰায় ৪৪০ ফুট। অৱশ্যে ২০১ ফুট দীঘল ৰ’ নদীখনে এই অভিলেখ ভংগ কৰি বিশ্বৰ আটাইতকৈ চুটি নদী হিচাপে পৰিগণিত হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ