--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিশ্বৰ আটাইতকৈ দীঘল নদীখনৰ কথা হয়টো সকলোৱে জানে। যিখন নদীৰ দৈৰ্ঘ্য ৬,৬৫০ কিলোমিটাৰ, কিন্তু বিশ্বৰ আটাইতকৈ সৰু নদীখনৰ বিষয়ে আপুনি জানেনে? এই নদীখনৰ দূৰত্ব মাত্ৰ ২০১ ফুট অৰ্থাৎ ৬১ মিটাৰ, যিটো খোজকাঢ়িও অতি সহজেই অতিক্ৰম কৰিব পাৰি।

উল্লেখ্য যে সমগ্ৰ বিশ্বতে শ শ নদী, উপ-নদী আছে, এই নদী, উপ-নদীসমূহৰ পাৰতে গঢ় লৈ উঠিছে মানৱ সভ্যতা। ইয়াৰ উপৰি এনে কিছুমান নদীৰ দৈৰ্ঘ্য শ শ কিলোমিটাৰ হোৱাৰ বিপৰীতে কিছুমান নদীৰ দৈৰ্ঘ্য অতি কম। যদি আমি পৃথিৱীৰ আটাইতকৈ দীঘল নদীৰ কথা কওঁ, তেন্তে সেয়া হ’ল আফ্ৰিকাত থকা নীল নদীখন, যাৰ দৈৰ্ঘ্য ৬,৬৫০ কি.মি. কিন্তু পৃথিৱীৰ আটাইতকৈ চুটি নদীখনৰ বিষয়ে আপুনি জানেনে? যিখন নদী উৎপত্তিস্থলৰ পৰা আৰম্ভ হৈ মাত্ৰ ৬১ মিটাৰ দূৰত্ব, যাক খোজকাঢ়িও অতি সহজেই অতিক্ৰম কৰিব পাৰি।


আৰু পঢ়ক : উগাণ্ডাৰ বিদ্যালয়ত ভয়ংকৰ আক্ৰমণ: ছাত্ৰ-ছাত্ৰীসহ ৪০ জন নিহত 

বিশ্বৰ আটাইতকৈ সৰু এই নদীখন আমেৰিকাৰ মন্টানা ৰাজ্যৰ মাজেৰে বৈ গৈছে। এই নদীখনৰ নাম 'ৰ' নদী। ১৯৮৯ চনত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত ইয়াক বিশ্বৰ আটাইতকৈ চুটি নদী হিচাপে লিপিবদ্ধ কৰা হয়। নদীখনৰ মুঠ দৈৰ্ঘ্য ২০১ ফুট। ‘ৰ’ নদীৰ মুঠ দৈৰ্ঘ্য ২০১ ফুট অৰ্থাৎ ৬১ মিটাৰ। কেইছেকেণ্ডমানৰ ভিতৰতে খোজকাঢ়ি এই দূৰত্ব অতি সহজেই জুখিব পাৰি। পৃথিৱীৰ এই সৰু নদীখনৰ লিটিল বেল্ট মাউণ্টেন ৰেঞ্জৰ পৰা পানী আহে যদিও এই নদীখন মাটিৰ তলত বৈ যোৱা ঝৰ্ণাৰে গঠিত। এই নদীখন পাছলৈ মিছৌৰী নদীৰ লগত মিলিত হয়। মিছৌৰী নদী আমেৰিকাৰ আটাইতকৈ দীঘল নদী বুলি জনা যায়।

স্মৰ্তব্য যে বিশ্বৰ আটাইতকৈ চুটি নদীৰ মৰ্যাদা পূৰ্বে অৰেগনৰ ‘ডি ৰিভাৰ’ক দিয়া হৈছিল। সেই নদীখনৰ দৈৰ্ঘ্য আছিল প্ৰায় ৪৪০ ফুট। অৱশ্যে ২০১ ফুট দীঘল ৰ’ নদীখনে এই অভিলেখ ভংগ কৰি বিশ্বৰ আটাইতকৈ চুটি নদী হিচাপে পৰিগণিত হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস