--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাজ আকাশতে উৰি থকা বিমানৰ দুৱাৰ যাত্ৰীয়ে খুলি দিয়াৰ ঘটনা ইতিমধ্যে বহুবাৰ ঘটিছে। কিন্তু এইবাৰ বিমানৰ দুৱাৰ নিজে নিজেই খুলি যোৱাৰ ঘটনাই আলড়ণৰ সৃষ্টি কৰিছে।ঘটনাটো ব্ৰাজিলত সংঘটিত হৈছে।

ব্ৰাজিলৰ মাৰানহাওৰ চাও লুইছৰ পৰা যাত্ৰা আৰম্ভ কৰা বিমান ফ্লাইট এমব্ৰেয়াৰ-১১০ ৰ দুৱাৰ খন মাজ আকাশতে খুলি যোৱাৰ ফলত যাত্ৰীৰ মাজত হুৱা-দুৱা লাগে। বিমান খনত আন যাত্ৰীৰ সৈতে প্ৰখ্যাত ব্ৰাজিলিয়ান গায়ক টিয়েৰি আৰু তেওঁৰ দলটোও আছিল।

ঘটনাটোৰ এটা ভিডিঅ' 'ব্ৰেকিং এভিয়েচন নিউজ এণ্ড ভিডিঅ' নামৰ এটা টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰা হৈছে। অৱশ্যে, প্ৰাগ নিউজ ডিজিটেলে  ভিডিঅ'টোৰ সত্যতা প্ৰমাণ কৰি চোৱা নাই।  ভিডিঅ'টোত, বিমানখনৰ জৰুৰীকালীন দুৱাৰ খন খোলা থকা দেখা গৈছে। ফলত বিমানখনৰ ভিতৰত বতাহহো হোৱাই সোমাই যায়। এনে পৰিস্থিতিত ভাৰসাম্য হেৰুৱাই বিমান এখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আশংকা থাকে। সেয়ে বিমান খনৰ যাতৰীসকল আতংকিত হৈ পৰিছিল। এজন যাত্ৰীয়ে ঘটনাটোৰ চিত্ৰগ্ৰহণ কৰিছিল।সেই ভিডিঅ'টো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

পাইলটজনে বিমানখনৰ দুৱাৰ খোলাৰ বিষয়ে চাও লুই বিমানবন্দৰৰ এয়াৰ ট্ৰেফিক নিয়ন্ত্ৰণৰ সৈতে যোগাযোগ কৰিছিল। তাৰ পিছত তেওঁক জৰুৰী কালীন ভিত্তিত বিমানখন অৱতৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। পাইলটজনে বিমানখন সুৰক্ষিতভাৱে অৱতৰণ কৰিবলৈ সক্ষম হোৱা যাত্ৰীসকলৰ প্ৰাণ কথমপি ৰক্ষা পৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ