--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাজ আকাশতে উৰি থকা বিমানৰ দুৱাৰ যাত্ৰীয়ে খুলি দিয়াৰ ঘটনা ইতিমধ্যে বহুবাৰ ঘটিছে। কিন্তু এইবাৰ বিমানৰ দুৱাৰ নিজে নিজেই খুলি যোৱাৰ ঘটনাই আলড়ণৰ সৃষ্টি কৰিছে।ঘটনাটো ব্ৰাজিলত সংঘটিত হৈছে।

ব্ৰাজিলৰ মাৰানহাওৰ চাও লুইছৰ পৰা যাত্ৰা আৰম্ভ কৰা বিমান ফ্লাইট এমব্ৰেয়াৰ-১১০ ৰ দুৱাৰ খন মাজ আকাশতে খুলি যোৱাৰ ফলত যাত্ৰীৰ মাজত হুৱা-দুৱা লাগে। বিমান খনত আন যাত্ৰীৰ সৈতে প্ৰখ্যাত ব্ৰাজিলিয়ান গায়ক টিয়েৰি আৰু তেওঁৰ দলটোও আছিল।

ঘটনাটোৰ এটা ভিডিঅ' 'ব্ৰেকিং এভিয়েচন নিউজ এণ্ড ভিডিঅ' নামৰ এটা টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰা হৈছে। অৱশ্যে, প্ৰাগ নিউজ ডিজিটেলে  ভিডিঅ'টোৰ সত্যতা প্ৰমাণ কৰি চোৱা নাই।  ভিডিঅ'টোত, বিমানখনৰ জৰুৰীকালীন দুৱাৰ খন খোলা থকা দেখা গৈছে। ফলত বিমানখনৰ ভিতৰত বতাহহো হোৱাই সোমাই যায়। এনে পৰিস্থিতিত ভাৰসাম্য হেৰুৱাই বিমান এখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আশংকা থাকে। সেয়ে বিমান খনৰ যাতৰীসকল আতংকিত হৈ পৰিছিল। এজন যাত্ৰীয়ে ঘটনাটোৰ চিত্ৰগ্ৰহণ কৰিছিল।সেই ভিডিঅ'টো এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

পাইলটজনে বিমানখনৰ দুৱাৰ খোলাৰ বিষয়ে চাও লুই বিমানবন্দৰৰ এয়াৰ ট্ৰেফিক নিয়ন্ত্ৰণৰ সৈতে যোগাযোগ কৰিছিল। তাৰ পিছত তেওঁক জৰুৰী কালীন ভিত্তিত বিমানখন অৱতৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। পাইলটজনে বিমানখন সুৰক্ষিতভাৱে অৱতৰণ কৰিবলৈ সক্ষম হোৱা যাত্ৰীসকলৰ প্ৰাণ কথমপি ৰক্ষা পৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস