--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিম উগাণ্ডাৰ এখন বিদ্যালয়ত  সন্ত্ৰাসবাদীয়ে চলোৱা এক ভয়ংকৰ আক্মণত  প্ৰায় ৪০ জন লোকনিহত হৈছে। নিহতসকলৰ ভিতৰত বেছিভাগেই  ছাত্ৰ-ছাত্ৰী । মপণ্ডৱেৰ লুবিৰিহা মাধ্যমিক বিদ্যালয়ত হোৱা আক্ৰমণটোত আঠজন লোক গুৰুতৰ ভাবে আহত হৈছে। 

এই আক্ৰমণৰ বাবে  উগাণ্ডাৰ সন্ত্ৰাসবাদী গোট এলাইড ডেমক্ৰেটিক ফ'ৰ্চেছ (এডিএফ)ক সন্দেহ কৰা হৈছে।ৰাষ্ট্ৰীয় আৰক্ষীৰ মুখপাত্ৰ ফ্ৰেড এনাঙ্গাই কয় যে বহু মৃতদেহ বিৱেৰা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। শুকুৰবাৰে পশ্চিম উগাণ্ডাৰ কাচেজ জিলাৰ বিদ্যালয়খনত এই আক্ৰমণসংঘটিত হয়।বিদ্যালয়খনত ৬০  জনৰো অধিক লোক আছিল।এডিএফ বিদ্ৰোহীসকলে বিদ্যালয় খনৰ  এটা ডৰমিটৰী জ্বলাই দিয়ে আৰু বিদ্যালয়ত থকা   খাদ্যও লুটি নিয়ে। 

উগাণ্ডাৰ সেনাৰ মেজৰ জেনেৰেল ডিক ওলামে সংবাদ মাধ্যমৰ আগত কয় যে নিহত সকলৰ বেছিভাগেই শিক্ষাৰ্থী। বিদ্যালয়খনৰ বহু কেইগৰাকী ছাত্ৰীক সন্ত্ৰাসবাদীয়ে  অপহৰণ কৰি নিয়ে বুলিও তেওঁ   কয়।

আক্ৰমণটোৰ ফলত বহু কেইটা  মৃতদেহ বেয়াকৈ জ্বলি গৈছে।  সেইবোৰ চিনাক্ত কৰিবলৈ ডিএনএ পৰীক্ষা কৰা প্ৰয়োজন হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস