--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিম উগাণ্ডাৰ এখন বিদ্যালয়ত  সন্ত্ৰাসবাদীয়ে চলোৱা এক ভয়ংকৰ আক্মণত  প্ৰায় ৪০ জন লোকনিহত হৈছে। নিহতসকলৰ ভিতৰত বেছিভাগেই  ছাত্ৰ-ছাত্ৰী । মপণ্ডৱেৰ লুবিৰিহা মাধ্যমিক বিদ্যালয়ত হোৱা আক্ৰমণটোত আঠজন লোক গুৰুতৰ ভাবে আহত হৈছে। 

এই আক্ৰমণৰ বাবে  উগাণ্ডাৰ সন্ত্ৰাসবাদী গোট এলাইড ডেমক্ৰেটিক ফ'ৰ্চেছ (এডিএফ)ক সন্দেহ কৰা হৈছে।ৰাষ্ট্ৰীয় আৰক্ষীৰ মুখপাত্ৰ ফ্ৰেড এনাঙ্গাই কয় যে বহু মৃতদেহ বিৱেৰা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছে। শুকুৰবাৰে পশ্চিম উগাণ্ডাৰ কাচেজ জিলাৰ বিদ্যালয়খনত এই আক্ৰমণসংঘটিত হয়।বিদ্যালয়খনত ৬০  জনৰো অধিক লোক আছিল।এডিএফ বিদ্ৰোহীসকলে বিদ্যালয় খনৰ  এটা ডৰমিটৰী জ্বলাই দিয়ে আৰু বিদ্যালয়ত থকা   খাদ্যও লুটি নিয়ে। 

উগাণ্ডাৰ সেনাৰ মেজৰ জেনেৰেল ডিক ওলামে সংবাদ মাধ্যমৰ আগত কয় যে নিহত সকলৰ বেছিভাগেই শিক্ষাৰ্থী। বিদ্যালয়খনৰ বহু কেইগৰাকী ছাত্ৰীক সন্ত্ৰাসবাদীয়ে  অপহৰণ কৰি নিয়ে বুলিও তেওঁ   কয়।

আক্ৰমণটোৰ ফলত বহু কেইটা  মৃতদেহ বেয়াকৈ জ্বলি গৈছে।  সেইবোৰ চিনাক্ত কৰিবলৈ ডিএনএ পৰীক্ষা কৰা প্ৰয়োজন হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ