--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া ফলৰ ৰজা আমৰ বতৰ। বিশ্বৰ আটাইতকৈ দামী আম এইবাৰ মধ্যপ্ৰদেশৰ লগতে পশ্চিমবংগৰ বীৰভূমতো লাগিছে৷  সেই আমক লৈয়েই এতিয়া চলিছে ব্যাপক চৰ্চা। প্ৰতি কিলোগ্ৰামত প্ৰায় তিনি লাখ টকা দামৰ এই আম কোনোৱাই চুৰি কৰি নিয়াৰ ভয়তে আম বিধৰ সুৰক্ষাৰ বাবে এইবোৰো নিয়োজিত কৰা হৈছে নিৰাপত্তাৰক্ষী ৷ 

মধ্য প্ৰদেশৰ এহাল দম্পতীৰ সম্পত্তি এই বিৰল প্ৰজাতিৰ অত্যধিক দামী  আম গছ দুজোপা।  ৰাণী পৰিহাৰ আৰু সংকল্প পৰিহাৰে কিছুবছৰ আগতে দুটা আমৰ পুলি ৰোপণ কৰিছিল। অৱশ্যে সেই দুজোপা আমেই যে তেওঁলোকৰ ভাগ্য সুপ্ৰসন্ন কৰিব সেয়া তেওঁলোকে ভুলতো ভবা নাছিল। সময়ত আম দুজোপা ডাঙৰ হৈ আহিল আৰু আম লাগিবলৈও ধৰিলে। কিন্তু সাধাৰণ আমতকৈ সেই গছ দুজোপাৰ আমৰ ৰং বেলেগ হ'বলৈ ধৰিলে। তেতিয়াই ওলাই পৰিল, সেই আম দুজোপা সাধাৰণ আম নহয়, সেয়া পৃথিৱীৰ অতি বিৰল আৰু মহা মূল্যৱান আম  জাপানী মিয়াজাকি আমহে। মিয়াজাকি আমক পৃথিৱীৰ আটাইতকৈ দামী প্ৰজাতিৰ আম বুলি কোৱা হয়।  জাপানী ভাষাত মিয়াজাকিৰ অৰ্থ হৈছে 'সূৰ্যৰ কণী' ।

যোৱা বছৰ আন্তৰ্জাতিক বজাৰত মিয়াজাকি আম প্ৰতি কিলোগ্ৰামত ২ লাখ ৭০ হাজাৰ টকাকৈ বিক্ৰী হৈছিল। কৃষক দম্পতীহালৰ মতে, যোৱা বছৰ, চোৰে তেওঁলোকৰ বাগিচাত প্ৰৱেশ কৰিছিল আৰু আমবোৰ চুৰি কৰিছিল ।

 কেনেকৈ এই বিৰল প্ৰজাতিৰ আমৰ পুলি পাইছিল বুলি সাংবাদিকে সোধাত পৰিহাৰে কয় যে  তেওঁ  এবাৰ চেন্নাইলৈ গৈ থাকোতে ৰে'লত এজন লোকে কেইটা মান গছপুলি লগত নিয়া দেখিছিল। তেওঁ  পৰিহাৰক তাৰে দুটা আমৰ পুলি উপহাৰ হিচাবে দিছিল। সেয়া যে মিয়াজাকি আমৰ পুলি সেই কথা তেতিয়া তেওঁ জনা নাছিল বুলি পৰিহাৰে কয়। পৰিহাৰে কিছু বছৰ আগৰ স্মৃতি ৰোমন্থন কৰি কয়— "তেওঁ মোক আমৰ গছপুলি দুটা দি আমাৰ কেঁচুৱাৰ দৰে এই উদ্ভিদবোৰৰ যত্ন ল'বলৈ কৈছিল। আমি আমাৰ বাগিচাখনত সাধাৰণ আমৰ দৰেই সেয়া  ৰোপণ কৰিছিলো"। সংকল্পই আমবোৰৰ নাম দামিনী ৰাখিছে, তেওঁৰ মাতৃৰ নামৰ নামেৰে। তেওঁ কয় " পিছত আমি এই প্ৰজাতিটোৰ  বিষয়ে জানিব পাৰিছিলো আৰু প্ৰকৃত নামটো বিচাৰি পাইছিলো। 

কিন্তু এই আমৰ নাম এতিয়াও মোৰ বাবে দামিনীয়েই," ।সংকল্পৰ পত্নী ৰাণীয়ে কয় যে বহুলোকে মিয়াজাকি আম কিনিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। 

মিয়াজাকি আম কি?

জাপানৰ মিয়াজাকি চহৰত এনে মূল্যৱান  আমৰ খেতি কৰা হয়। এনে আমৰ ওজন ৩৫০  গ্ৰামতকৈ অধিক হয়  আৰু ইয়াত ১৫ শতাংশ  বা ততোধিক চেনী থাকে। এই আমবোৰত এণ্টিঅক্সিডেণ্ট থাকে আৰু ইয়াত বিটা-কেৰোটিন তথা ফলিক এচিড প্ৰচুৰ পৰিমাণে  থাকে। এই আম এক ঔষধি হিচাবেও পৰিচিত। এই আম এপ্ৰিল আৰু আগষ্টৰ ভিতৰত সৰ্বাধিক উৎপাদন হয়। জাপানতো অতি কম পৰিমাণে উৎপাদন হোৱা এনে আম দেশ খনে বিদেশলৈ ৰপ্তানি কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক