--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়া ফলৰ ৰজা আমৰ বতৰ। বিশ্বৰ আটাইতকৈ দামী আম এইবাৰ মধ্যপ্ৰদেশৰ লগতে পশ্চিমবংগৰ বীৰভূমতো লাগিছে৷  সেই আমক লৈয়েই এতিয়া চলিছে ব্যাপক চৰ্চা। প্ৰতি কিলোগ্ৰামত প্ৰায় তিনি লাখ টকা দামৰ এই আম কোনোৱাই চুৰি কৰি নিয়াৰ ভয়তে আম বিধৰ সুৰক্ষাৰ বাবে এইবোৰো নিয়োজিত কৰা হৈছে নিৰাপত্তাৰক্ষী ৷ 

মধ্য প্ৰদেশৰ এহাল দম্পতীৰ সম্পত্তি এই বিৰল প্ৰজাতিৰ অত্যধিক দামী  আম গছ দুজোপা।  ৰাণী পৰিহাৰ আৰু সংকল্প পৰিহাৰে কিছুবছৰ আগতে দুটা আমৰ পুলি ৰোপণ কৰিছিল। অৱশ্যে সেই দুজোপা আমেই যে তেওঁলোকৰ ভাগ্য সুপ্ৰসন্ন কৰিব সেয়া তেওঁলোকে ভুলতো ভবা নাছিল। সময়ত আম দুজোপা ডাঙৰ হৈ আহিল আৰু আম লাগিবলৈও ধৰিলে। কিন্তু সাধাৰণ আমতকৈ সেই গছ দুজোপাৰ আমৰ ৰং বেলেগ হ'বলৈ ধৰিলে। তেতিয়াই ওলাই পৰিল, সেই আম দুজোপা সাধাৰণ আম নহয়, সেয়া পৃথিৱীৰ অতি বিৰল আৰু মহা মূল্যৱান আম  জাপানী মিয়াজাকি আমহে। মিয়াজাকি আমক পৃথিৱীৰ আটাইতকৈ দামী প্ৰজাতিৰ আম বুলি কোৱা হয়।  জাপানী ভাষাত মিয়াজাকিৰ অৰ্থ হৈছে 'সূৰ্যৰ কণী' ।

যোৱা বছৰ আন্তৰ্জাতিক বজাৰত মিয়াজাকি আম প্ৰতি কিলোগ্ৰামত ২ লাখ ৭০ হাজাৰ টকাকৈ বিক্ৰী হৈছিল। কৃষক দম্পতীহালৰ মতে, যোৱা বছৰ, চোৰে তেওঁলোকৰ বাগিচাত প্ৰৱেশ কৰিছিল আৰু আমবোৰ চুৰি কৰিছিল ।

 কেনেকৈ এই বিৰল প্ৰজাতিৰ আমৰ পুলি পাইছিল বুলি সাংবাদিকে সোধাত পৰিহাৰে কয় যে  তেওঁ  এবাৰ চেন্নাইলৈ গৈ থাকোতে ৰে'লত এজন লোকে কেইটা মান গছপুলি লগত নিয়া দেখিছিল। তেওঁ  পৰিহাৰক তাৰে দুটা আমৰ পুলি উপহাৰ হিচাবে দিছিল। সেয়া যে মিয়াজাকি আমৰ পুলি সেই কথা তেতিয়া তেওঁ জনা নাছিল বুলি পৰিহাৰে কয়। পৰিহাৰে কিছু বছৰ আগৰ স্মৃতি ৰোমন্থন কৰি কয়— "তেওঁ মোক আমৰ গছপুলি দুটা দি আমাৰ কেঁচুৱাৰ দৰে এই উদ্ভিদবোৰৰ যত্ন ল'বলৈ কৈছিল। আমি আমাৰ বাগিচাখনত সাধাৰণ আমৰ দৰেই সেয়া  ৰোপণ কৰিছিলো"। সংকল্পই আমবোৰৰ নাম দামিনী ৰাখিছে, তেওঁৰ মাতৃৰ নামৰ নামেৰে। তেওঁ কয় " পিছত আমি এই প্ৰজাতিটোৰ  বিষয়ে জানিব পাৰিছিলো আৰু প্ৰকৃত নামটো বিচাৰি পাইছিলো। 

কিন্তু এই আমৰ নাম এতিয়াও মোৰ বাবে দামিনীয়েই," ।সংকল্পৰ পত্নী ৰাণীয়ে কয় যে বহুলোকে মিয়াজাকি আম কিনিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। 

মিয়াজাকি আম কি?

জাপানৰ মিয়াজাকি চহৰত এনে মূল্যৱান  আমৰ খেতি কৰা হয়। এনে আমৰ ওজন ৩৫০  গ্ৰামতকৈ অধিক হয়  আৰু ইয়াত ১৫ শতাংশ  বা ততোধিক চেনী থাকে। এই আমবোৰত এণ্টিঅক্সিডেণ্ট থাকে আৰু ইয়াত বিটা-কেৰোটিন তথা ফলিক এচিড প্ৰচুৰ পৰিমাণে  থাকে। এই আম এক ঔষধি হিচাবেও পৰিচিত। এই আম এপ্ৰিল আৰু আগষ্টৰ ভিতৰত সৰ্বাধিক উৎপাদন হয়। জাপানতো অতি কম পৰিমাণে উৎপাদন হোৱা এনে আম দেশ খনে বিদেশলৈ ৰপ্তানি কৰি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস