--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতীততে সমগ্ৰ বিশ্বতে ভাৰতক সোণালী চৰাই বুলি কোৱা হৈছিল। আগতে ভাৰতৰ ৰাজ পৰিয়ালসমূহৰো বহুত ধন-সম্পত্তি আছিল। স্বাধীনতাৰ আগতে দেশত বহু ৰাজ-পৰিয়াল আছিল,সেই সময়ত এই পৰিয়ালবোৰৰ অপৰিসীম ধন-সম্পত্তি আছিল। এই ৰাজপৰিয়ালৰ মাজত হায়দৰাবাদৰ নবাবৰ নামো উল্লেখনীয়। স্মৰ্তব্য যে স্বাধীনতাৰ সময়ত দেশখন ৫৬৫খন সৰু সৰু ৰাজকীয় ৰাজ্যত বিভক্ত হৈ আছিল। কিন্তু স্বাধীনতাৰ পাছত এই ৰাজকীয় ৰাজ্যসমূহ ভাৰতীয় সংঘত একত্ৰিত হ’ল। কিন্তু কিছুমান ৰাজকীয় ৰাজ্যই প্ৰথমে একত্ৰিত হ’বলৈ অস্বীকাৰ কৰিছিল, তাৰ ভিতৰত এটা আছিল হায়দৰাবাদ ৰাজ্যৰ নিজাম মিৰ ওছমান আলী খান। নিজাম মিৰ ওছমান আলী খানে হায়দৰাবাদক স্বতন্ত্ৰ ৰাজকীয় ৰাজ্য হিচাপে গঢ়ি তুলিব বিচাৰিছিল। কিন্তু শেষত চৰকাৰৰ হেঁচাত তেওঁ ৰাজকীয় ৰাজ্য হায়দৰাবাদক ভাৰতত অন্তৰ্ভুক্ত কৰিবলৈ সন্মতি দিবলগীয়া হ’ল। ইয়াৰ পাছত ভাৰত চৰকাৰে তেওঁক হায়দৰাবাদ ৰাজ্যৰ মুৰব্বী কৰি তুলিলে। উছমান আলী খানৰ বিষয়ে কোৱা হয় যে তেওঁ ১৮৫ কেৰেটৰ জেকব হীৰাটুকুৰাটো কাগজৰ ওজন হিচাপে ব্যৱহাৰ কৰিছিল। যাৰ মূল্য এতিয়া প্ৰায় ১০০০ কোটি টকা বুলি ধৰা হয়।

১৯১১ চনৰ পৰা ১৯৪৮ চনলৈ হায়দৰাবাদ ৰাজপৰিয়ালৰ নবাব আছিল মীৰ ওচমান আলী খান। তেওঁৰ মুঠ সম্পত্তি আছিল প্ৰায় ২৩০ বিলিয়ন ডলাৰ। বিশ্বাস কৰা হয় যে নিজামৰ হাতত ১৮৫ কেৰেটৰ হীৰা আছিল, যিটো তেওঁ কাগজৰ ওজন হিচাপে ব্যৱহাৰ কৰিছিল। ইয়াক জেকব ডাইমণ্ড বুলিও জনা যায়; তথ্য অনুসৰি এই হীৰা বৰ্তমান ভাৰত চৰকাৰৰ ওচৰত সংৰক্ষিত হৈ আছে। দ্বিতীয় এলিজাবেথৰ বিয়াত নিজামে হীৰাৰ হাৰ উপহাৰ হিচাপে দিছিল বুলিও কোৱা হয়। ৰাণীয়ে শেষ নিশ্বাস পৰ্যন্ত এই হাৰ পিন্ধিছিল।

১৯১১ চনত ২৫ বছৰ বয়সত ৰাজপাটত বহে ওছমান আলী খান। ১৯৪৮ চনলৈকে তেওঁ হায়দৰাবাদৰ শেষ নিজাম হিচাপে শাসন কৰিছিল। উল্লেখ্য যে তেওঁক পৃথিৱীৰ অন্যতম ধনী ব্যক্তি হিচাপে গণ্য কৰা হৈছিল। নিজামৰ আয়ৰ আটাইতকৈ ডাঙৰ উৎস আছিল গোলকোণ্ডা খনি, যিটো তেওঁৰ মালিকানাধীন আৰু সেই সময়ত একমাত্ৰ হীৰা যোগানকাৰী খনি আছিল। ১৯৬৭ চনৰ ২৪ ফেব্ৰুৱাৰীত নবাবৰ মৃত্যু হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক