--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতীততে সমগ্ৰ বিশ্বতে ভাৰতক সোণালী চৰাই বুলি কোৱা হৈছিল। আগতে ভাৰতৰ ৰাজ পৰিয়ালসমূহৰো বহুত ধন-সম্পত্তি আছিল। স্বাধীনতাৰ আগতে দেশত বহু ৰাজ-পৰিয়াল আছিল,সেই সময়ত এই পৰিয়ালবোৰৰ অপৰিসীম ধন-সম্পত্তি আছিল। এই ৰাজপৰিয়ালৰ মাজত হায়দৰাবাদৰ নবাবৰ নামো উল্লেখনীয়। স্মৰ্তব্য যে স্বাধীনতাৰ সময়ত দেশখন ৫৬৫খন সৰু সৰু ৰাজকীয় ৰাজ্যত বিভক্ত হৈ আছিল। কিন্তু স্বাধীনতাৰ পাছত এই ৰাজকীয় ৰাজ্যসমূহ ভাৰতীয় সংঘত একত্ৰিত হ’ল। কিন্তু কিছুমান ৰাজকীয় ৰাজ্যই প্ৰথমে একত্ৰিত হ’বলৈ অস্বীকাৰ কৰিছিল, তাৰ ভিতৰত এটা আছিল হায়দৰাবাদ ৰাজ্যৰ নিজাম মিৰ ওছমান আলী খান। নিজাম মিৰ ওছমান আলী খানে হায়দৰাবাদক স্বতন্ত্ৰ ৰাজকীয় ৰাজ্য হিচাপে গঢ়ি তুলিব বিচাৰিছিল। কিন্তু শেষত চৰকাৰৰ হেঁচাত তেওঁ ৰাজকীয় ৰাজ্য হায়দৰাবাদক ভাৰতত অন্তৰ্ভুক্ত কৰিবলৈ সন্মতি দিবলগীয়া হ’ল। ইয়াৰ পাছত ভাৰত চৰকাৰে তেওঁক হায়দৰাবাদ ৰাজ্যৰ মুৰব্বী কৰি তুলিলে। উছমান আলী খানৰ বিষয়ে কোৱা হয় যে তেওঁ ১৮৫ কেৰেটৰ জেকব হীৰাটুকুৰাটো কাগজৰ ওজন হিচাপে ব্যৱহাৰ কৰিছিল। যাৰ মূল্য এতিয়া প্ৰায় ১০০০ কোটি টকা বুলি ধৰা হয়।

১৯১১ চনৰ পৰা ১৯৪৮ চনলৈ হায়দৰাবাদ ৰাজপৰিয়ালৰ নবাব আছিল মীৰ ওচমান আলী খান। তেওঁৰ মুঠ সম্পত্তি আছিল প্ৰায় ২৩০ বিলিয়ন ডলাৰ। বিশ্বাস কৰা হয় যে নিজামৰ হাতত ১৮৫ কেৰেটৰ হীৰা আছিল, যিটো তেওঁ কাগজৰ ওজন হিচাপে ব্যৱহাৰ কৰিছিল। ইয়াক জেকব ডাইমণ্ড বুলিও জনা যায়; তথ্য অনুসৰি এই হীৰা বৰ্তমান ভাৰত চৰকাৰৰ ওচৰত সংৰক্ষিত হৈ আছে। দ্বিতীয় এলিজাবেথৰ বিয়াত নিজামে হীৰাৰ হাৰ উপহাৰ হিচাপে দিছিল বুলিও কোৱা হয়। ৰাণীয়ে শেষ নিশ্বাস পৰ্যন্ত এই হাৰ পিন্ধিছিল।

১৯১১ চনত ২৫ বছৰ বয়সত ৰাজপাটত বহে ওছমান আলী খান। ১৯৪৮ চনলৈকে তেওঁ হায়দৰাবাদৰ শেষ নিজাম হিচাপে শাসন কৰিছিল। উল্লেখ্য যে তেওঁক পৃথিৱীৰ অন্যতম ধনী ব্যক্তি হিচাপে গণ্য কৰা হৈছিল। নিজামৰ আয়ৰ আটাইতকৈ ডাঙৰ উৎস আছিল গোলকোণ্ডা খনি, যিটো তেওঁৰ মালিকানাধীন আৰু সেই সময়ত একমাত্ৰ হীৰা যোগানকাৰী খনি আছিল। ১৯৬৭ চনৰ ২৪ ফেব্ৰুৱাৰীত নবাবৰ মৃত্যু হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক