--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্তম্ভিত দেশ! NCRBৰ তথ্যই এইবাৰ উদঙাইছে দেশৰ আগশাৰীৰ চহৰ বেংগালুৰুৰ নাৰী সুৰক্ষাৰ ৰূপ৷নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৱে প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদনত কোৱা হৈছে যে ২০২২ চনত কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত মহিলাৰ বিৰুদ্ধে সৰ্বাধিক এছিড আক্ৰমণ সংঘটিত হৈছে।NCRBৰ মতে বেংগালুৰু চহৰ আৰক্ষীয়ে ৮টা গোচৰ ৰুজু কৰিছে৷


এনডিটিভিৰ প্ৰতিবেদন অনুসৰি, এনচিআৰবিৰ তথ্যত তালিকাভুক্ত ১৯খন মহানগৰৰ ভিতৰত বেংগালুৰু শীৰ্ষত আছিল আৰু যোৱা বছৰ আঠগৰাকী মহিলা এছিড আক্ৰমণৰ বলি হৈছিল। দ্বিতীয় স্থানত আছিল দিল্লী, য’ত ২০২২ চনত এচিড আক্ৰমণৰ বলি হৈছিল ৭ গৰাকী মহিলা। ইয়াৰ পাছতেই আহমেদাবাদ এনেধৰণৰ ৫টা ঘটনাৰে তৃতীয় স্থানত থাকিল।


তদুপৰি এই সময়ছোৱাত হায়দৰাবাদ আৰু আহমেদাবাদৰ দৰে মহানগৰত ২০২২ চনত এনে ২টা আক্ৰমণৰ চেষ্টাৰ গোচৰ ৰেকৰ্ড কৰা হৈছে।যোৱা বছৰ বেংগালুৰুক জোকাৰি যোৱা এচিড আক্ৰমণৰ অন্যতম গোচৰ আছিল এম.কম অধ্যয়নৰত এগৰাকী ২৪ বছৰীয়া যুৱতীক ২৮ এপ্ৰিলত কামলৈ যোৱাৰ সময়ত আক্ৰমণ কৰিছিল। আৰক্ষীৰ মতে, অভিযুক্তই বহু বছৰ ধৰি ছোৱালীজনীক খেদি ফুৰিছিল।


২০২২ চনৰ ১০ জুনত আন এক অনুৰূপ গোচৰ পোহৰলৈ আহিছিল, য’ত এজন লোকে প্ৰেমিকাৰ বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ পাছত যুৱতীগৰাকীৰ মুখত এছিড নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক