--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ স্তম্ভিত দেশ! NCRBৰ তথ্যই এইবাৰ উদঙাইছে দেশৰ আগশাৰীৰ চহৰ বেংগালুৰুৰ নাৰী সুৰক্ষাৰ ৰূপ৷নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৱে প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদনত কোৱা হৈছে যে ২০২২ চনত কৰ্ণাটকৰ ৰাজধানী বেংগালুৰুত মহিলাৰ বিৰুদ্ধে সৰ্বাধিক এছিড আক্ৰমণ সংঘটিত হৈছে।NCRBৰ মতে বেংগালুৰু চহৰ আৰক্ষীয়ে ৮টা গোচৰ ৰুজু কৰিছে৷


এনডিটিভিৰ প্ৰতিবেদন অনুসৰি, এনচিআৰবিৰ তথ্যত তালিকাভুক্ত ১৯খন মহানগৰৰ ভিতৰত বেংগালুৰু শীৰ্ষত আছিল আৰু যোৱা বছৰ আঠগৰাকী মহিলা এছিড আক্ৰমণৰ বলি হৈছিল। দ্বিতীয় স্থানত আছিল দিল্লী, য’ত ২০২২ চনত এচিড আক্ৰমণৰ বলি হৈছিল ৭ গৰাকী মহিলা। ইয়াৰ পাছতেই আহমেদাবাদ এনেধৰণৰ ৫টা ঘটনাৰে তৃতীয় স্থানত থাকিল।


তদুপৰি এই সময়ছোৱাত হায়দৰাবাদ আৰু আহমেদাবাদৰ দৰে মহানগৰত ২০২২ চনত এনে ২টা আক্ৰমণৰ চেষ্টাৰ গোচৰ ৰেকৰ্ড কৰা হৈছে।যোৱা বছৰ বেংগালুৰুক জোকাৰি যোৱা এচিড আক্ৰমণৰ অন্যতম গোচৰ আছিল এম.কম অধ্যয়নৰত এগৰাকী ২৪ বছৰীয়া যুৱতীক ২৮ এপ্ৰিলত কামলৈ যোৱাৰ সময়ত আক্ৰমণ কৰিছিল। আৰক্ষীৰ মতে, অভিযুক্তই বহু বছৰ ধৰি ছোৱালীজনীক খেদি ফুৰিছিল।


২০২২ চনৰ ১০ জুনত আন এক অনুৰূপ গোচৰ পোহৰলৈ আহিছিল, য’ত এজন লোকে প্ৰেমিকাৰ বিবাহৰ প্ৰস্তাৱ নাকচ কৰাৰ পাছত যুৱতীগৰাকীৰ মুখত এছিড নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক