--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এলন মাস্কে  টুইটাৰ টুইটাৰৰ অধিকাৰ ক্ৰয় কৰাৰ পিছৰে পৰাই  কোম্পানীটোৱে এক চৰম পৰিস্থিতিৰ মাজৰে গতি কৰিছে৷  মাস্কৰ কেতবোৰ আচৰিত সিদ্ধান্তৰ বাবেই টুইটাৰৰ ৰাজহ হ্ৰাস হৈছে, বিজ্ঞাপনো হ্ৰাস হৈছে। এককথাত ক’বলৈ গ’লে টুইটাৰ ক্ৰয় কৰাৰ পিছতে এলন মাস্ক  চাপৰ সন্মুখীন হৈছে৷  টুইটাৰৰ কোনো কৰ্মচাৰীয়েই এতিয়া মাস্ককলৈ  খুব আশাবাদী নহয়।


টুইটাৰৰ সহ-প্ৰতিষ্ঠাপক আৰু প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া জেক ডৰ্চেও  এতিয়া টুইটাৰৰ ভৱিষ্যতকলৈ চিন্তা ব্যক্ত কৰিছে৷ বিশ্বৰ অন্যতম ধনী ব্যক্তি এলন মাস্কে যোৱা বছৰ ক্ৰয় কৰাৰ পিছত কোম্পানীটো আৰু ইয়াৰ কৰ্মচাৰীসকলৰ বাবে কেইবাটাও নতুন নিয়ম  কৰিছে। কোম্পানীটো ক্ৰয় কৰাৰ পিছতে  ২০০ বিলিয়ন ডলাৰ সম্পত্তি হেৰুওৱা মাস্ক ইতিহাসৰ প্ৰথম ব্যক্তি হিচাপে পৰিগণিত হৈছে । মাস্কে কিনাৰ পিছতে টুইটাৰৰ বাবে যোৱা বছৰটো বৰ বেয়া আছিল। টুইটাৰৰ মুখ্য কাৰ্যালয়ৰ বাথৰুমত কোনো টয়লেট পেপাৰ নাই, বন্ধ হৈ পৰিছে পাকঘৰো, আনকি কাৰ্যালয়টোৰ  ঘৰভাড়াও আদায় দিবলৈ বাকী আছে!

অৰ্থনৈতিক সংকট দূৰ কৰাৰ বাবেই মাস্কে অসংখ্য টুইটাৰ কৰ্মচাৰীক ছাটাই কৰিছে। তেওঁ ভাবিছিল যে সেই কৰ্মচাৰীসকল কোনো কামৰ নহয়, সেয়েহে তেওঁলোকক খেদি দিয়াৰ  সিদ্ধান্ত লোৱা হৈছিল। প্ৰথম ৰাউণ্ডত মাস্কে তেওঁৰ আধাতকৈও অধিক কৰ্মচাৰীক ছাটাই কৰিছে। তাৰ পিছত, মাস্কে টকা ৰাহি কৰিবলৈ কাৰ্যালয়ৰ সহায়ক আৰু হাউচকিপাৰসকলকো অব্যাহতি দিয়ে। কৰ্মচাৰীসকলক তেওঁলোকৰ নিজৰ টয়লেট পেপাৰ কিনিবলৈ নিৰ্দেশ দিয়া হৈছে৷  






FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ