--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তীব্ৰ  অৰ্থনৈতিক সংকটে গ্ৰাস কৰিছে দেশ খনক। সেয়ে খৰচ কমাবলৈ এতিয়া দেশ খনে  বিবাহ ভৱন এক নিৰ্দিষ্ট সময়ৰ ভিতৰত বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে। কেৱল সেয়াই নহয় ,লাইট-ফেনৰ উৎপাদনো বন্ধ কৰা হ’ব। পাকিস্তানৰ চৰকাৰৰ অৰ্থনৈতিক আমূল পৰিৱৰ্তনৰ অংশ হিচাবেই এনে সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমান এক ভয়াৱহ  অৰ্থনৈতিক সংকটৰ মাজেৰে পৰিচালিত হৈ  থকা পাকিস্তানৰ চৰকাৰে  বিদ্যুত শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আৰু  ৰাজকোষৰ বিত্তীয় বোজা হ্ৰাস কৰাৰ বাবে কেইবাটাও পৰিকল্পনা ঘোষণা কৰিছে। 

বৰ্ধিত ঋণ নিয়ন্ত্ৰণত ৰাখিবলৈ চৰকাৰে ক্ৰমান্বয়ে নিশা ৮:৩০ বজাৰ পৰা ১০ বজাৰ ভিতৰত বজাৰ আৰু বিবাহ গৃহ বন্ধ কৰাৰ প্ৰস্তাৱ দিছে ।"এই পৰিকল্পনাই ৰাষ্ট্ৰৰ সামগ্ৰিক জীৱনশৈলী আৰু অভ্যাস সলনি কৰিব আৰু আমাক ২৬ নিযুত ডলাৰ (পিকেআৰ ৬০ বিলিয়ন) ৰাহি কৰিব,"  পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাজা আচিফ খানে কয়।

তেওঁ কয় "বহু লোকে প্ৰায় ১২০-১৩০  ৱাট বিদ্যুতৰ  অপব্যৱহাৰ কৰে। বিবাহ ভৱন সোনকালে বন্ধ বৱ্ধ কৰিলে বিদ্যুতৰ ব্যৱহাৰো কমিব"।একেদৰে অহা মাহৰ পৰা  বাল্বৰ নিৰ্মাণ বন্ধ কৰা হ'ব।চৰকাৰে বিদ্যুতৰ  বিল আৰু হ্ৰাস কৰিবলৈ ষ্ট্ৰীট লাইটৰ বিকল্প ব্যৱহাৰ কৰিব।  

আচিফে কয় যে দেশখন এক 'সংকটজনক' পৰিস্থিতিৰ মাজেৰে গৈ আছে আৰু ই বৰ্তমানৰ বিদ্যুৎ ব্যৱহাৰৰ বোজা সহি থাকিব  নোৱাৰে। তেওঁ কয় "সকলো চৰকাৰী ভৱন আৰু কাৰ্যালয়ে এই পৰিকল্পনাৰ অধীনত শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰিব" । উল্লেখ্য এনে সিদ্ধান্ত গ্ৰহণ কৰা কেবিনেট বৈঠকত কোনো লাইট জ্বলোৱা হোৱা নাছিল। সভাখন সম্পূৰ্ণ সূৰ্যৰ পোহৰত অনুষ্ঠিত হৈছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ