--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তীব্ৰ  অৰ্থনৈতিক সংকটে গ্ৰাস কৰিছে দেশ খনক। সেয়ে খৰচ কমাবলৈ এতিয়া দেশ খনে  বিবাহ ভৱন এক নিৰ্দিষ্ট সময়ৰ ভিতৰত বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লৈছে। কেৱল সেয়াই নহয় ,লাইট-ফেনৰ উৎপাদনো বন্ধ কৰা হ’ব। পাকিস্তানৰ চৰকাৰৰ অৰ্থনৈতিক আমূল পৰিৱৰ্তনৰ অংশ হিচাবেই এনে সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমান এক ভয়াৱহ  অৰ্থনৈতিক সংকটৰ মাজেৰে পৰিচালিত হৈ  থকা পাকিস্তানৰ চৰকাৰে  বিদ্যুত শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ আৰু  ৰাজকোষৰ বিত্তীয় বোজা হ্ৰাস কৰাৰ বাবে কেইবাটাও পৰিকল্পনা ঘোষণা কৰিছে। 

বৰ্ধিত ঋণ নিয়ন্ত্ৰণত ৰাখিবলৈ চৰকাৰে ক্ৰমান্বয়ে নিশা ৮:৩০ বজাৰ পৰা ১০ বজাৰ ভিতৰত বজাৰ আৰু বিবাহ গৃহ বন্ধ কৰাৰ প্ৰস্তাৱ দিছে ।"এই পৰিকল্পনাই ৰাষ্ট্ৰৰ সামগ্ৰিক জীৱনশৈলী আৰু অভ্যাস সলনি কৰিব আৰু আমাক ২৬ নিযুত ডলাৰ (পিকেআৰ ৬০ বিলিয়ন) ৰাহি কৰিব,"  পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খাজা আচিফ খানে কয়।

তেওঁ কয় "বহু লোকে প্ৰায় ১২০-১৩০  ৱাট বিদ্যুতৰ  অপব্যৱহাৰ কৰে। বিবাহ ভৱন সোনকালে বন্ধ বৱ্ধ কৰিলে বিদ্যুতৰ ব্যৱহাৰো কমিব"।একেদৰে অহা মাহৰ পৰা  বাল্বৰ নিৰ্মাণ বন্ধ কৰা হ'ব।চৰকাৰে বিদ্যুতৰ  বিল আৰু হ্ৰাস কৰিবলৈ ষ্ট্ৰীট লাইটৰ বিকল্প ব্যৱহাৰ কৰিব।  

আচিফে কয় যে দেশখন এক 'সংকটজনক' পৰিস্থিতিৰ মাজেৰে গৈ আছে আৰু ই বৰ্তমানৰ বিদ্যুৎ ব্যৱহাৰৰ বোজা সহি থাকিব  নোৱাৰে। তেওঁ কয় "সকলো চৰকাৰী ভৱন আৰু কাৰ্যালয়ে এই পৰিকল্পনাৰ অধীনত শক্তিৰ ব্যৱহাৰ হ্ৰাস কৰিব" । উল্লেখ্য এনে সিদ্ধান্ত গ্ৰহণ কৰা কেবিনেট বৈঠকত কোনো লাইট জ্বলোৱা হোৱা নাছিল। সভাখন সম্পূৰ্ণ সূৰ্যৰ পোহৰত অনুষ্ঠিত হৈছিল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ