--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে মানুহে গাওঁ এৰি উন্নত জীৱনৰ আশাত চহৰলৈ আহে। ফলস্বৰূপে বৃদ্ধ লোকেৰে ভৰি পৰিছে গাঁওসমূহ। বিষয়টো সন্দৰ্ভত গুৰুত্বপূৰ্ণ ব্যৱস্থা লৈছে জাপানৰ চৰকাৰে।

জাপান চৰকাৰে এই সন্দৰ্ভত এটা নতুন পদক্ষেপ ল'বলৈ গৈ আছে। যদি জাপানৰ লোকসকলে দেশৰ ডাঙৰ চহৰবোৰ এৰি গ্ৰাম্য অঞ্চললৈ যায়, তেন্তে চৰকাৰে এক বৃহৎ আৰ্থিক সাহায্য দিব। কেইবাখনো চহৰৰ নিগমসমূহ ইতিমধ্যে এই আঁচনিৰ অধীনলৈ অনা হৈছে।

কৰ্মৰত দম্পতীসকলক প্ৰতিটো শিশুৰ বাবে এক মিলিয়ন য়েনৰ বিনিময়ত চহৰ এৰি যাবলৈ প্ৰস্তাৱ দিয়া হৈছে। ভাৰতীয় মুদ্ৰাত ছয় লাখতকৈও অধিক টকা আগবঢ়োৱা হৈছে।

উল্লেখ্য যে কোভিড মহামাৰীৰ বাবে জাপানৰ জনসংখ্যা যথেষ্ট হ্ৰাস পাইছে। জাপানৰ লোকসকলে টকিঅ', ওচাকাৰ দৰে ডাঙৰ চহৰত বাস কৰা আৰম্ভ কৰিছে। মুখ্যতঃ উপাৰ্জনৰ স্বচ্ছলতাৰ বাবেই এই কাম কৰিছে তেওঁলোকে। আনহাতে বৃদ্ধসকল গাওঁসমূহতে আগৰ দৰেই বাস কৰিবলগা হৈছে। গ্ৰাম্য সমাজ ব্যৱস্থাও ভাঙি পৰিছে।

সকলো দিশ বিবেচনা কৰি জাপান চৰকাৰে সিদ্ধান্ত লৈছে যে মানুহক গ্ৰাম্যাঞ্চলত থাকিবলৈ উৎসাহিত কৰিব। সেয়েহে বিত্তীয় সাহায্যৰ উপৰিও চৰকাৰে একাধিক সুবিধাও প্ৰদান কৰিব।

জানিব পৰা গৈছে যে দেশৰ ১৩০০ খন পৌৰসভাই ইতিমধ্যে এই প্ৰকল্পত যোগদান কৰিছে। টকিঅ'ৰ ২৩ টা অঞ্চলত জনসংখ্যাৰ ঘনত্ব অতি উচ্চ, য'ৰ পৰা প্ৰকল্পটোৰ কাম আৰম্ভ হ'ব। গ্ৰাম্য পৰিৱেশত বাস কৰাৰ লাভালাভবোৰ বিভিন্ন ধৰণে সাধাৰণ লোকসকলৰ বাবে আলোকপাত কৰা হৈছে। কৰ্মৰত দম্পতীৰ সন্তানৰ যত্ন লোৱাৰ বাবে শিশু যত্ন প্ৰণালীৰ সৃষ্টি কৰা হৈছে। 

জাপান চৰকাৰে এইটোও প্ৰচাৰ কৰি আছে যে গাওঁসমূহত 'বিবাহযোগ্য সুপাত্ৰ' উপলব্ধ হ'ব। প্ৰশাসনে অনুমান কৰিছে যে অহা চাৰি বছৰত কমেও ১০,০০০ লোকে টকিঅ' ত্যাগ কৰিব।

অৱশ্যে, জাপান চৰকাৰেও এই প্ৰকল্পটোৰ বাবে কেইবাটাও চৰ্ত আৰোপ কৰিছে। যদি চহৰৰ পৰা গাঁৱলৈ যোৱা লোকসকল অস্থায়ীভাৱে গাঁৱত থাকে, তেন্তে আৰ্থিক সহায় ল'ব নোৱাৰি। নিয়ম অনুসৰি, কমেও পাঁচ বছৰ গাঁৱত বাস কৰিব লাগিব। 
পৰিয়ালৰ এজন সদস্যই গাঁৱত এটা নতুন ব্যৱসায় আৰম্ভ কৰিব লাগিব। যদি সম্ভৱ হয়, চহৰত কৰা চাকৰিও গাঁৱৰ পৰা বজাই ৰাখিব পাৰিব। জাপানপ্ৰশাসনে অনুমান কৰিছে যে সাধাৰণ ৰাইজে এই প্ৰকল্পটোৰ প্ৰতি পৰ্যাপ্ত সঁহাৰি দিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ