--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাধাৰণতে মানুহে গাওঁ এৰি উন্নত জীৱনৰ আশাত চহৰলৈ আহে। ফলস্বৰূপে বৃদ্ধ লোকেৰে ভৰি পৰিছে গাঁওসমূহ। বিষয়টো সন্দৰ্ভত গুৰুত্বপূৰ্ণ ব্যৱস্থা লৈছে জাপানৰ চৰকাৰে।

জাপান চৰকাৰে এই সন্দৰ্ভত এটা নতুন পদক্ষেপ ল'বলৈ গৈ আছে। যদি জাপানৰ লোকসকলে দেশৰ ডাঙৰ চহৰবোৰ এৰি গ্ৰাম্য অঞ্চললৈ যায়, তেন্তে চৰকাৰে এক বৃহৎ আৰ্থিক সাহায্য দিব। কেইবাখনো চহৰৰ নিগমসমূহ ইতিমধ্যে এই আঁচনিৰ অধীনলৈ অনা হৈছে।

কৰ্মৰত দম্পতীসকলক প্ৰতিটো শিশুৰ বাবে এক মিলিয়ন য়েনৰ বিনিময়ত চহৰ এৰি যাবলৈ প্ৰস্তাৱ দিয়া হৈছে। ভাৰতীয় মুদ্ৰাত ছয় লাখতকৈও অধিক টকা আগবঢ়োৱা হৈছে।

উল্লেখ্য যে কোভিড মহামাৰীৰ বাবে জাপানৰ জনসংখ্যা যথেষ্ট হ্ৰাস পাইছে। জাপানৰ লোকসকলে টকিঅ', ওচাকাৰ দৰে ডাঙৰ চহৰত বাস কৰা আৰম্ভ কৰিছে। মুখ্যতঃ উপাৰ্জনৰ স্বচ্ছলতাৰ বাবেই এই কাম কৰিছে তেওঁলোকে। আনহাতে বৃদ্ধসকল গাওঁসমূহতে আগৰ দৰেই বাস কৰিবলগা হৈছে। গ্ৰাম্য সমাজ ব্যৱস্থাও ভাঙি পৰিছে।

সকলো দিশ বিবেচনা কৰি জাপান চৰকাৰে সিদ্ধান্ত লৈছে যে মানুহক গ্ৰাম্যাঞ্চলত থাকিবলৈ উৎসাহিত কৰিব। সেয়েহে বিত্তীয় সাহায্যৰ উপৰিও চৰকাৰে একাধিক সুবিধাও প্ৰদান কৰিব।

জানিব পৰা গৈছে যে দেশৰ ১৩০০ খন পৌৰসভাই ইতিমধ্যে এই প্ৰকল্পত যোগদান কৰিছে। টকিঅ'ৰ ২৩ টা অঞ্চলত জনসংখ্যাৰ ঘনত্ব অতি উচ্চ, য'ৰ পৰা প্ৰকল্পটোৰ কাম আৰম্ভ হ'ব। গ্ৰাম্য পৰিৱেশত বাস কৰাৰ লাভালাভবোৰ বিভিন্ন ধৰণে সাধাৰণ লোকসকলৰ বাবে আলোকপাত কৰা হৈছে। কৰ্মৰত দম্পতীৰ সন্তানৰ যত্ন লোৱাৰ বাবে শিশু যত্ন প্ৰণালীৰ সৃষ্টি কৰা হৈছে। 

জাপান চৰকাৰে এইটোও প্ৰচাৰ কৰি আছে যে গাওঁসমূহত 'বিবাহযোগ্য সুপাত্ৰ' উপলব্ধ হ'ব। প্ৰশাসনে অনুমান কৰিছে যে অহা চাৰি বছৰত কমেও ১০,০০০ লোকে টকিঅ' ত্যাগ কৰিব।

অৱশ্যে, জাপান চৰকাৰেও এই প্ৰকল্পটোৰ বাবে কেইবাটাও চৰ্ত আৰোপ কৰিছে। যদি চহৰৰ পৰা গাঁৱলৈ যোৱা লোকসকল অস্থায়ীভাৱে গাঁৱত থাকে, তেন্তে আৰ্থিক সহায় ল'ব নোৱাৰি। নিয়ম অনুসৰি, কমেও পাঁচ বছৰ গাঁৱত বাস কৰিব লাগিব। 
পৰিয়ালৰ এজন সদস্যই গাঁৱত এটা নতুন ব্যৱসায় আৰম্ভ কৰিব লাগিব। যদি সম্ভৱ হয়, চহৰত কৰা চাকৰিও গাঁৱৰ পৰা বজাই ৰাখিব পাৰিব। জাপানপ্ৰশাসনে অনুমান কৰিছে যে সাধাৰণ ৰাইজে এই প্ৰকল্পটোৰ প্ৰতি পৰ্যাপ্ত সঁহাৰি দিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ