--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একেটা বাসগৃহতে একেলগে ২০ হাজাৰ আৱাসীয়ে বাস কৰা শুনিছেনে? হয়, আজি আপোনালোকক ক’বলৈ লোৱা হৈছে এনে এটা বাসগৃহৰ কথা, য’ত একেলগে বাস কৰে ২০ হাজাৰ আৱাসীয়ে। শেহতীয়াকৈ ঘৰটো বিশ্বৰ আটাইতকৈ বেছি আৱাসী থকা বাসস্থান হিচাপে পৰিগণিত হৈছে।

এটা টুইটাৰ পোষ্ট অনুসৰি বিশ্বৰ সৰ্বাধিক জনবসতিপূৰ্ণ আৱাসিক ভৱনটো চীনৰ হাংঝুত অৱস্থিত। একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তাত ২০ হাজাৰৰো অধিক লোক একেলগে বাস কৰে।

টুইটাৰ ব্যৱহাৰকাৰী ডেনিয়েল ফেল্ডমেনৰ মতে হাংঝুস্থিত এই ভৱনটোৰ ফ্লেটবোৰ যথেষ্ট ডাঙৰ আৰু বিলাসী। প্ৰতিটো ফ্লেট কমেও ১৫০০ বৰ্গফুটৰ। ইয়াৰ উপৰিও ফ্লেটটোৰ ভাড়াও ৩০০০ ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ২.৪৫ লাখ টকা) বুলি দাবী কৰা হৈছে।

ইফালে একাংশ মিডিয়াই দাবী কৰিছে যে তাত ৩০ হাজাৰতকৈ অধিক লোক বাস কৰে। কিন্তু এই বিষয়ে কোনো প্ৰমাণ পোৱা নাই। চীনৰ কিছুমান সংবাদ মাধ্যমৰ মতে অৱশ্যে ১০,০০০ ৰ পৰা ২০,০০০ লোক তাত বাস কৰে ।

মেণ্ডী নিউজ নামৰ এটা ৱেবছাইটত প্ৰকাশ পাইছিল যে ইয়াৰ আগতে ৰিজেণ্ট ইণ্টাৰনেশ্যনেলে এই বিল্ডিঙৰ ঠাইত ৬ তাৰকা হোটেল নিৰ্মাণ কৰাৰ কথা আছিল। অৱশ্যে এতিয়া ই এটা শ্বেয়াৰড এপাৰ্টমেণ্ট কমপ্লেক্স। বহুতো বৃত্তিৰ লগতে চেলিব্ৰিটি আৰু ইণ্টাৰনেটৰ প্ৰভাৱশালী লোকো তাত বাস কৰে। এই কমপ্লেক্সটো এনেদৰে সজোৱা হৈছে যে ইয়াত হাজাৰ হাজাৰ লোকে আৰামত থাকিব পাৰে।

ৰিজেণ্ট ইণ্টাৰনেশ্যনেলে বিল্ডিঙৰ ভিতৰৰ অংশকো বিলাসী ৰূপ দিছে। অট্টালিকাটোত ফ্লেটবোৰত যথেষ্ট ঠাই থকাৰ লগতে ফুৰিবলৈ যথেষ্ট ঠাই আছে। দূৰৰ পৰা এই অট্টালিকাটো দেখাত অতি লেতেৰা, কিন্তু ভাড়াতীয়াসকলে এই অট্টালিকাটোত ফ্লেট পাবলৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। জনা যায় যে যেতিয়া এটা ফ্লেট খালী হয়, তেতিয়া ৩-৫ দিনৰ ভিতৰত আন এজন ভাড়াতীয়া এই অট্টালিকাটোলৈ স্থানান্তৰিত হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে