--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনে বিচৰা প্ৰেমিকা লাভৰ ইচ্ছাৰে প্ৰায় ২০০০ কিলোমিটাৰ যাত্ৰা কৰি এটা মন্দিৰত উপস্থিত হয় এজন যুৱক। মন্দিৰত গৈ তেওঁ ভগৱানক সকলো ইচ্ছা ব্যক্ত কৰে আৰু প্ৰেয়সী বিচাৰি ভগৱানক মিনতি কৰে।

এই ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তাত এটা স্পীকাৰ হাতত লৈ ভগৱান বুদ্ধৰ বৃহৎ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰাৰ্থনা কৰা দেখা গৈছে। প্ৰেয়সীৰ উপৰিও কোটিপতি হোৱাৰ হেঁপাহ, গাড়ী আৰু ঘৰৰ বাবেও প্ৰাৰ্থনা কৰে যুৱকজনে।

চাউথ চাইনা মৰ্নিং পোষ্টৰ তথ্য অনুসৰি এই ভিডিঅ’টো চীনৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ডৌইনত ঝাং উপাধিৰ এজন ব্যক্তিয়ে শ্বেয়াৰ কৰিছে।

“প্ৰভু, মোৰ বয়স ২৭ বছৰ আৰু মোৰ গাড়ী বা প্ৰেমিকা নাই। মই প্ৰথমে ধনী হ’ব বিচাৰো। মই মাত্ৰ এক কোটি ইউয়ান (ভাৰতীয় মুদ্ৰাত প্ৰায় ১২ কোটি টকা) বিচাৰো। লগতে ধুনীয়া আৰু মোক ভালপোৱা এগৰাকী প্ৰেমিকা বিচাৰো।”- এইদৰে ভগৱানৰ মূৰ্ত্তিৰ সমুখত হাতযোৰ কৰি প্ৰাৰ্থনা কৰে যুৱকজনে।

চীনৰ ঝেজিয়াং প্ৰদেশৰ পৰা ২০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ছিচুয়ান প্ৰদেশৰ বৌদ্ধ মন্দিৰ লেছান জায়েন্ট বুদ্ধত উপস্থিত হৈ যুৱকজনে ভগৱানলৈ এই নিবেদন আগবঢ়য়।

উল্লেখ্য যে উক্ত বৌদ্ধ মন্দিৰটোত তাত ভগৱান বুদ্ধৰ বিশাল প্ৰতিমূৰ্তি আছে। শ শ বছৰ আগতে টাং বংশই এই মন্দিৰটো নিৰ্মাণ কৰিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে