--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনে বিচৰা প্ৰেমিকা লাভৰ ইচ্ছাৰে প্ৰায় ২০০০ কিলোমিটাৰ যাত্ৰা কৰি এটা মন্দিৰত উপস্থিত হয় এজন যুৱক। মন্দিৰত গৈ তেওঁ ভগৱানক সকলো ইচ্ছা ব্যক্ত কৰে আৰু প্ৰেয়সী বিচাৰি ভগৱানক মিনতি কৰে।

এই ঘটনাৰ এটা ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। তাত এটা স্পীকাৰ হাতত লৈ ভগৱান বুদ্ধৰ বৃহৎ প্ৰতিমূৰ্তিৰ সন্মুখত প্ৰাৰ্থনা কৰা দেখা গৈছে। প্ৰেয়সীৰ উপৰিও কোটিপতি হোৱাৰ হেঁপাহ, গাড়ী আৰু ঘৰৰ বাবেও প্ৰাৰ্থনা কৰে যুৱকজনে।

চাউথ চাইনা মৰ্নিং পোষ্টৰ তথ্য অনুসৰি এই ভিডিঅ’টো চীনৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ডৌইনত ঝাং উপাধিৰ এজন ব্যক্তিয়ে শ্বেয়াৰ কৰিছে।

“প্ৰভু, মোৰ বয়স ২৭ বছৰ আৰু মোৰ গাড়ী বা প্ৰেমিকা নাই। মই প্ৰথমে ধনী হ’ব বিচাৰো। মই মাত্ৰ এক কোটি ইউয়ান (ভাৰতীয় মুদ্ৰাত প্ৰায় ১২ কোটি টকা) বিচাৰো। লগতে ধুনীয়া আৰু মোক ভালপোৱা এগৰাকী প্ৰেমিকা বিচাৰো।”- এইদৰে ভগৱানৰ মূৰ্ত্তিৰ সমুখত হাতযোৰ কৰি প্ৰাৰ্থনা কৰে যুৱকজনে।

চীনৰ ঝেজিয়াং প্ৰদেশৰ পৰা ২০০০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ছিচুয়ান প্ৰদেশৰ বৌদ্ধ মন্দিৰ লেছান জায়েন্ট বুদ্ধত উপস্থিত হৈ যুৱকজনে ভগৱানলৈ এই নিবেদন আগবঢ়য়।

উল্লেখ্য যে উক্ত বৌদ্ধ মন্দিৰটোত তাত ভগৱান বুদ্ধৰ বিশাল প্ৰতিমূৰ্তি আছে। শ শ বছৰ আগতে টাং বংশই এই মন্দিৰটো নিৰ্মাণ কৰিছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস