--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বন্দৰ উন্নয়ন কাৰ্যসূচীক এক উল্লেখযোগ্য উদ্গনি যোগাই, বিশ্ব বেংক আৰু এছ এণ্ড পি গ্ল’বেল মাৰ্কেটিং ইণ্টেলিজেন্সে প্ৰস্তুত কৰা এক প্ৰতিবেদন- কণ্টেইনাৰ প’ৰ্ট পাৰফৰমেন্স ইনডেক্স (চিপিপিআই), ২০২৩ৰ শেহতীয়া সংস্কৰণত ভাৰতৰ ৯টা বন্দৰে গ্ল’বেল টপ ১০০ৰ ভিতৰত স্থান লাভ কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কল্পনা কৰা অভিলাষী সাগৰমালা কাৰ্যসূচীক বন্দৰসমূহৰ আধুনিকীকৰণ আৰু ইয়াৰ কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে কৃতিত্ব প্ৰদান কৰে।

এই উপলক্ষে মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "ভাৰতীয় বন্দৰসমূহৰ বাবে এয়া এক উৎকৃষ্ট প্ৰাপ্তি আৰু কৰ্মক্ষমতা বৃদ্ধি আৰু দক্ষতা বৃদ্ধিৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে আধুনিকীকৰণ, যান্ত্ৰিকীকৰণ আৰু প্ৰযুক্তিগতভাৱে বিজ্ঞ কৰি তোলাৰ যি প্ৰচেষ্টা হাতত লৈছে, ই হৈছে তাৰ প্ৰমাণ। জাহাজ আৰু মালবাহী সামগ্ৰীৰ দক্ষতাপূৰ্ণ পৰিচালনাৰ ক্ষেত্ৰত কাৰ্যকৰী দক্ষতা আৰু সেৱা প্ৰদানৰ জৰিয়তে যথেষ্ট উন্নতি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীৰ দূৰদৰ্শী নেতৃত্বৰ বাবেই আমি সাগৰমালাৰ দৰে বাট কটীয়া অভিলাষী পদক্ষেপৰ জৰিয়তে আমাৰ বন্দৰসমূহৰ কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে কাম কৰিবলৈ সক্ষম হৈছোঁ। ই আমাক স্থিতিস্থাপকতা গঢ়ি তোলাত সহায় কৰিছে, নতুন প্ৰযুক্তি, আৰু সেউজ আন্তঃগাঁথনি অন্তৰ্ভুক্ত কৰি বিশ্বৰ বজাৰৰ স্থিতিশীলতা আৰু ভাৰতৰ সামুদ্ৰিক উদ্যোগৰ বহনক্ষমতা নিশ্চিত কৰিছে। এই ক্ষেত্ৰত স্থায়ী প্ৰচেষ্টাৰে, ভাৰতীয় সামুদ্ৰিক খণ্ডই সামুদ্ৰিক গেটৱেৰ স্থিতিস্থাপকতা আৰু দক্ষতা অধিক উন্নত কৰাৰ লগতে বন্দৰ নেতৃত্বাধীন অৰ্থনৈতিক উন্নয়ন বৃদ্ধি কৰিব বুলি আমি নিশ্চিত।”

বিশাখাপট্টনম বন্দৰে প্ৰতি ক্ৰেন ঘণ্টাত ২৭.৫টা মুভ, ২১.৪ ঘণ্টা টাৰ্ণএৰাউণ্ড টাইম (টি আৰ টি), আৰু নূন্যতম বাৰ্থ অচল সময়েৰে শক্তিশালী প্ৰদৰ্শন কৰিছে। এই মেট্ৰিকসমূহে কণ্টেইনাৰ জাহাজ পৰিচালনাৰ ক্ষেত্ৰত বন্দৰৰ দক্ষতাক উজ্জ্বল কৰি তোলে আৰু গ্ৰাহকৰ পছন্দক যথেষ্ট প্ৰভাৱান্বিত  কৰে। শীৰ্ষ ১০০ৰ ভিতৰত স্থান দখল কৰা ভাৰতৰ আন ৭টা বন্দৰ হ’ল পিপাভাভ (৪১), কামৰাজাৰ (৪৭), কোচিন (৬৩), হাজিৰা (৬৮), কৃষ্ণপট্টনম (৭১), চেন্নাই (৮০) আৰু জৱাহৰলাল নেহৰু (৯৬)।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement