--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বন্দৰ উন্নয়ন কাৰ্যসূচীক এক উল্লেখযোগ্য উদ্গনি যোগাই, বিশ্ব বেংক আৰু এছ এণ্ড পি গ্ল’বেল মাৰ্কেটিং ইণ্টেলিজেন্সে প্ৰস্তুত কৰা এক প্ৰতিবেদন- কণ্টেইনাৰ প’ৰ্ট পাৰফৰমেন্স ইনডেক্স (চিপিপিআই), ২০২৩ৰ শেহতীয়া সংস্কৰণত ভাৰতৰ ৯টা বন্দৰে গ্ল’বেল টপ ১০০ৰ ভিতৰত স্থান লাভ কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কল্পনা কৰা অভিলাষী সাগৰমালা কাৰ্যসূচীক বন্দৰসমূহৰ আধুনিকীকৰণ আৰু ইয়াৰ কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে কৃতিত্ব প্ৰদান কৰে।

এই উপলক্ষে মন্তব্য কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "ভাৰতীয় বন্দৰসমূহৰ বাবে এয়া এক উৎকৃষ্ট প্ৰাপ্তি আৰু কৰ্মক্ষমতা বৃদ্ধি আৰু দক্ষতা বৃদ্ধিৰ বাবে নৰেন্দ্ৰ মোদী চৰকাৰে আধুনিকীকৰণ, যান্ত্ৰিকীকৰণ আৰু প্ৰযুক্তিগতভাৱে বিজ্ঞ কৰি তোলাৰ যি প্ৰচেষ্টা হাতত লৈছে, ই হৈছে তাৰ প্ৰমাণ। জাহাজ আৰু মালবাহী সামগ্ৰীৰ দক্ষতাপূৰ্ণ পৰিচালনাৰ ক্ষেত্ৰত কাৰ্যকৰী দক্ষতা আৰু সেৱা প্ৰদানৰ জৰিয়তে যথেষ্ট উন্নতি হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীৰ দূৰদৰ্শী নেতৃত্বৰ বাবেই আমি সাগৰমালাৰ দৰে বাট কটীয়া অভিলাষী পদক্ষেপৰ জৰিয়তে আমাৰ বন্দৰসমূহৰ কাৰ্যক্ষমতা বৃদ্ধিৰ বাবে কাম কৰিবলৈ সক্ষম হৈছোঁ। ই আমাক স্থিতিস্থাপকতা গঢ়ি তোলাত সহায় কৰিছে, নতুন প্ৰযুক্তি, আৰু সেউজ আন্তঃগাঁথনি অন্তৰ্ভুক্ত কৰি বিশ্বৰ বজাৰৰ স্থিতিশীলতা আৰু ভাৰতৰ সামুদ্ৰিক উদ্যোগৰ বহনক্ষমতা নিশ্চিত কৰিছে। এই ক্ষেত্ৰত স্থায়ী প্ৰচেষ্টাৰে, ভাৰতীয় সামুদ্ৰিক খণ্ডই সামুদ্ৰিক গেটৱেৰ স্থিতিস্থাপকতা আৰু দক্ষতা অধিক উন্নত কৰাৰ লগতে বন্দৰ নেতৃত্বাধীন অৰ্থনৈতিক উন্নয়ন বৃদ্ধি কৰিব বুলি আমি নিশ্চিত।”

বিশাখাপট্টনম বন্দৰে প্ৰতি ক্ৰেন ঘণ্টাত ২৭.৫টা মুভ, ২১.৪ ঘণ্টা টাৰ্ণএৰাউণ্ড টাইম (টি আৰ টি), আৰু নূন্যতম বাৰ্থ অচল সময়েৰে শক্তিশালী প্ৰদৰ্শন কৰিছে। এই মেট্ৰিকসমূহে কণ্টেইনাৰ জাহাজ পৰিচালনাৰ ক্ষেত্ৰত বন্দৰৰ দক্ষতাক উজ্জ্বল কৰি তোলে আৰু গ্ৰাহকৰ পছন্দক যথেষ্ট প্ৰভাৱান্বিত  কৰে। শীৰ্ষ ১০০ৰ ভিতৰত স্থান দখল কৰা ভাৰতৰ আন ৭টা বন্দৰ হ’ল পিপাভাভ (৪১), কামৰাজাৰ (৪৭), কোচিন (৬৩), হাজিৰা (৬৮), কৃষ্ণপট্টনম (৭১), চেন্নাই (৮০) আৰু জৱাহৰলাল নেহৰু (৯৬)।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু