--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৩ বছৰৰ মূৰত  ভাৰতে  টি-২০ বিশ্বকাপ জয় কৰিছে। ভাৰতৰ এই বিশাল জয়ৰ  পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোহিত ব্ৰিগেডৰ সৈতে কথা পাতে। জানিব পৰা মতে, দেওবাৰে পুৱা তেওঁ ভাৰতীয় দললৈ ফোন কৰে। এই জয়ৰ বাবে মোদীয়ে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক বিশেষভাবে  শুভেচ্ছা জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰীয়ে বিদায়ী প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়কো প্ৰশংসা কৰে।

২০২৩ চনৰ বিশ্বকাপৰ ফাইনেলত ভাৰতৰ খেল চাবলৈ ষ্টেডিয়ামত উপস্থিত আছিল মোদী। কিন্তু সেইবেলি অষ্ট্ৰেলিয়াৰ হাতত হৃদয়বিদাৰক পৰাজয়ৰ  সন্মুখীন হ’বলগীয়া হৈছিল মেন ইন ব্লু। সেই পৰাজয়ৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় দলৰ ড্ৰেছিং ৰুমত উপস্থিত হৈছিল। তেওঁ দলৰ প্ৰতিজন ক্ৰিকেটাৰক সান্ত্বনা দিছিল। মোদীয়ে ৰোহিতক বুকুত সাৱটি ধৰিছিল। কোহলীৰ হাতত ধৰি উৎসাহিত কৰিছিল।


এদিনীয়া বিশ্বকাপত সেই পৰাজয়ৰ আঠ মাহৰ ভিতৰতে নতুন ৰূপত ঘূৰি আহিছে টিম ইণ্ডিয়া।  খিতাপৰ যুঁজত  দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলৈ গৈ ভাৰত হেঁচাৰ মাজত আছিল। কিন্তু সকলো প্ৰত্যাহ্বান নেওচি  ভাৰতে বিশ্বকাপ জয় কৰে।

১৩ বছৰৰ অন্তত ভাৰত পুনৰ বিশ্ব চেম্পিয়ন হ’ল। ফাইনেলৰ অন্তত প্ৰধানমন্ত্ৰীয়ে ছচিয়েল মিডিয়াত ভাৰতীয় দলটোক অভিনন্দন জনাই বাৰ্তা প্ৰেৰণ কৰিছে। দেওবাৰে পুৱা ভাৰতীয় দলটোলৈ ফোনো কৰে। জানিব পৰা মতেৃ শেহতীয়াকৈ টি-২০ৰ পৰা অৱসৰ গ্ৰহণ কৰা বিৰাট আৰু ৰোহিতক মোদীয়ে নানান কথাৰে উৎসাহিত কৰে। মোদীয়ে   বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ যছপ্ৰীত বুমৰাহকো অভিনন্দন জনায়। শেষৰ অভাৰত হাৰ্দিক পাণ্ডিয়া আৰু সূৰ্যকুমাৰ যাদৱে কৰা প্ৰদৰ্শনকো মোদীয়ে উচ্চ প্ৰশংসা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ