--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৩ বছৰৰ মূৰত  ভাৰতে  টি-২০ বিশ্বকাপ জয় কৰিছে। ভাৰতৰ এই বিশাল জয়ৰ  পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোহিত ব্ৰিগেডৰ সৈতে কথা পাতে। জানিব পৰা মতে, দেওবাৰে পুৱা তেওঁ ভাৰতীয় দললৈ ফোন কৰে। এই জয়ৰ বাবে মোদীয়ে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক বিশেষভাবে  শুভেচ্ছা জ্ঞাপন কৰে । প্ৰধানমন্ত্ৰীয়ে বিদায়ী প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়কো প্ৰশংসা কৰে।

২০২৩ চনৰ বিশ্বকাপৰ ফাইনেলত ভাৰতৰ খেল চাবলৈ ষ্টেডিয়ামত উপস্থিত আছিল মোদী। কিন্তু সেইবেলি অষ্ট্ৰেলিয়াৰ হাতত হৃদয়বিদাৰক পৰাজয়ৰ  সন্মুখীন হ’বলগীয়া হৈছিল মেন ইন ব্লু। সেই পৰাজয়ৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতীয় দলৰ ড্ৰেছিং ৰুমত উপস্থিত হৈছিল। তেওঁ দলৰ প্ৰতিজন ক্ৰিকেটাৰক সান্ত্বনা দিছিল। মোদীয়ে ৰোহিতক বুকুত সাৱটি ধৰিছিল। কোহলীৰ হাতত ধৰি উৎসাহিত কৰিছিল।


এদিনীয়া বিশ্বকাপত সেই পৰাজয়ৰ আঠ মাহৰ ভিতৰতে নতুন ৰূপত ঘূৰি আহিছে টিম ইণ্ডিয়া।  খিতাপৰ যুঁজত  দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলৈ গৈ ভাৰত হেঁচাৰ মাজত আছিল। কিন্তু সকলো প্ৰত্যাহ্বান নেওচি  ভাৰতে বিশ্বকাপ জয় কৰে।

১৩ বছৰৰ অন্তত ভাৰত পুনৰ বিশ্ব চেম্পিয়ন হ’ল। ফাইনেলৰ অন্তত প্ৰধানমন্ত্ৰীয়ে ছচিয়েল মিডিয়াত ভাৰতীয় দলটোক অভিনন্দন জনাই বাৰ্তা প্ৰেৰণ কৰিছে। দেওবাৰে পুৱা ভাৰতীয় দলটোলৈ ফোনো কৰে। জানিব পৰা মতেৃ শেহতীয়াকৈ টি-২০ৰ পৰা অৱসৰ গ্ৰহণ কৰা বিৰাট আৰু ৰোহিতক মোদীয়ে নানান কথাৰে উৎসাহিত কৰে। মোদীয়ে   বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈ যছপ্ৰীত বুমৰাহকো অভিনন্দন জনায়। শেষৰ অভাৰত হাৰ্দিক পাণ্ডিয়া আৰু সূৰ্যকুমাৰ যাদৱে কৰা প্ৰদৰ্শনকো মোদীয়ে উচ্চ প্ৰশংসা কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু