--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ ভাৰতবৰ্ষই যেন এই  দিনটোৰ বাবেই এটা দশকৰো অধিক কাল বাট চাইছিল।অৱশেষত আশা পূৰণ হ’ল টি-২০ বিশ্বকাপত দক্ষিণ আফ্ৰিকাক হৰুৱাই ভাৰত চেম্পিয়ন হ’ল। কিন্তু এই বিশ্বজয়ৰ মহানায়ক বিৰাট-ৰোহিতে  জয়ী হোৱাৰ পিছতে টি-২০ৰ পৰা বিদায় লোৱাৰ কথা ঘোষণা কৰে। দুয়োজনে কোনোদিনে দেশৰ হৈ টি-২০ মেচ নেখেলে। বিৰাট-ৰোহিতৰ এনে ঘোষণাই জয়ৰ আনন্দৰ মাজতো বহুতকে বিষাদগ্ৰস্ত কৰি তোলে।  

ভাৰতীয় ক্ৰিকেটত কিংবদন্তিৰ অভাৱ নাই। যুগ যুগ পাৰ হৈ গ’ল। নায়কৰ আসন কেতিয়াও খালী নহয়। সমগ্ৰ দেশে এতিয়া বিশ্বজয়ৰ আনন্দ উদযাপন কৰিছে। কিন্তু  ৰোহিত শৰ্মা আৰু বিৰাট কোহলী  টি-২০ত  আৰু কেতিয়াও দেখা নাযাব। যদিও শ্ৰীলংকাও আয়োজক দেশপৰৱৰ্তী মেগা টুৰ্ণামেণ্টখন অনুষ্ঠিত হ’ব  দেশৰ মাটিত। । ২০২৬ চনত ৰোহিতৰ বয়স হ’ব ৩৯ বছৰ। আৰু বিৰাটৰ ৩৭। কিন্তু  স্পষ্ট হৈ পৰিল যে ফৰ্ম, ফিটনেছৰ মাজতো তেওঁলোকে পুনৰ দেশৰ জাৰ্চি পিন্ধি টি-২০ বিশ্বকাপ ফাইনেল ২০২৬ত  নেখেলে। তেওঁলোকৰ এনে বিদায়ৰ  বাবে সাজু নাছিল ক্ৰিকেট অনুৰাগী।  ২০১৬ চনটো আছিল টি-২০ত বিৰাটৰ বাবে এক  সপোনৰ বছৰ। তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫১টা বলত ৮২ ৰান কৰি ভাৰতক জয়ী কৰিছিল। ২০১৪ চনৰ বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৪২ বলত ৭৪ ৰানৰ ঐতিহাসিক ইনিংছেৰে তেওঁ সকলোৰে মন মুহিছিল।  

ৰোহিতেও প্ৰতিখন বিশ্বকাপতে ইটোৰ পিছত সিটো অসাধাৰণ ইনিংছ উপহাৰ দিছিল। ২০২১ চনত তেওঁ আফগানিস্তানৰ সৈতে ৪৭টা বলত ৭৪ ৰান সংগ্ৰহ কৰিছিল। ২০১০ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে  ৪৬টা বলত ৭৯ ৰান সংগ্ৰহ কৰিও ৰোহিতে জয়ী হ’ব নোৱাৰিলে। সেই অষ্ট্ৰেলিয়াকে  তেওঁ ছুপাৰ এইটত পৰাস্ত কৰিছিল। ৪১টা বলত ৯২ ৰানৰ মহাকাব্যিক ইনিংছত তেওঁ নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিলে। সেয়া মাথোঁ বিশ্বকাপৰ পৰিসংখ্যা। ইয়াৰ পূৰ্বে ২০০৭ চনত ৰোহিতে টি-২০ বিশ্বকাপ জয় কৰিছিল। ২০১১ চনৰ বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈৰ ট্ৰফী লাভ কৰিছিল বিৰাটে। কিন্তু দুয়োজনে কেতিয়াও একেলগে উৎকৃষ্টতাৰ মুকুট পিন্ধা নাছিল। এইবাৰ সেয়া ঘটিল। কিন্তু বিশ্ব জয়ৰ মাজতো সেই বিদায় বিষাদৰ নামান্তৰ মাথো।  বিৰাট আৰু ৰোহিতে দেশৰ হৈ টি-২০ নেখেলে, এয়া এটা বহুতৰে বাবে বেয়া লগা খবৰ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু