--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ ভাৰতবৰ্ষই যেন এই  দিনটোৰ বাবেই এটা দশকৰো অধিক কাল বাট চাইছিল।অৱশেষত আশা পূৰণ হ’ল টি-২০ বিশ্বকাপত দক্ষিণ আফ্ৰিকাক হৰুৱাই ভাৰত চেম্পিয়ন হ’ল। কিন্তু এই বিশ্বজয়ৰ মহানায়ক বিৰাট-ৰোহিতে  জয়ী হোৱাৰ পিছতে টি-২০ৰ পৰা বিদায় লোৱাৰ কথা ঘোষণা কৰে। দুয়োজনে কোনোদিনে দেশৰ হৈ টি-২০ মেচ নেখেলে। বিৰাট-ৰোহিতৰ এনে ঘোষণাই জয়ৰ আনন্দৰ মাজতো বহুতকে বিষাদগ্ৰস্ত কৰি তোলে।  

ভাৰতীয় ক্ৰিকেটত কিংবদন্তিৰ অভাৱ নাই। যুগ যুগ পাৰ হৈ গ’ল। নায়কৰ আসন কেতিয়াও খালী নহয়। সমগ্ৰ দেশে এতিয়া বিশ্বজয়ৰ আনন্দ উদযাপন কৰিছে। কিন্তু  ৰোহিত শৰ্মা আৰু বিৰাট কোহলী  টি-২০ত  আৰু কেতিয়াও দেখা নাযাব। যদিও শ্ৰীলংকাও আয়োজক দেশপৰৱৰ্তী মেগা টুৰ্ণামেণ্টখন অনুষ্ঠিত হ’ব  দেশৰ মাটিত। । ২০২৬ চনত ৰোহিতৰ বয়স হ’ব ৩৯ বছৰ। আৰু বিৰাটৰ ৩৭। কিন্তু  স্পষ্ট হৈ পৰিল যে ফৰ্ম, ফিটনেছৰ মাজতো তেওঁলোকে পুনৰ দেশৰ জাৰ্চি পিন্ধি টি-২০ বিশ্বকাপ ফাইনেল ২০২৬ত  নেখেলে। তেওঁলোকৰ এনে বিদায়ৰ  বাবে সাজু নাছিল ক্ৰিকেট অনুৰাগী।  ২০১৬ চনটো আছিল টি-২০ত বিৰাটৰ বাবে এক  সপোনৰ বছৰ। তেওঁ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৫১টা বলত ৮২ ৰান কৰি ভাৰতক জয়ী কৰিছিল। ২০১৪ চনৰ বিশ্বকাপত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৪২ বলত ৭৪ ৰানৰ ঐতিহাসিক ইনিংছেৰে তেওঁ সকলোৰে মন মুহিছিল।  

ৰোহিতেও প্ৰতিখন বিশ্বকাপতে ইটোৰ পিছত সিটো অসাধাৰণ ইনিংছ উপহাৰ দিছিল। ২০২১ চনত তেওঁ আফগানিস্তানৰ সৈতে ৪৭টা বলত ৭৪ ৰান সংগ্ৰহ কৰিছিল। ২০১০ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে  ৪৬টা বলত ৭৯ ৰান সংগ্ৰহ কৰিও ৰোহিতে জয়ী হ’ব নোৱাৰিলে। সেই অষ্ট্ৰেলিয়াকে  তেওঁ ছুপাৰ এইটত পৰাস্ত কৰিছিল। ৪১টা বলত ৯২ ৰানৰ মহাকাব্যিক ইনিংছত তেওঁ নিজৰ শ্ৰেষ্ঠত্ব প্ৰমাণ কৰিলে। সেয়া মাথোঁ বিশ্বকাপৰ পৰিসংখ্যা। ইয়াৰ পূৰ্বে ২০০৭ চনত ৰোহিতে টি-২০ বিশ্বকাপ জয় কৰিছিল। ২০১১ চনৰ বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈৰ ট্ৰফী লাভ কৰিছিল বিৰাটে। কিন্তু দুয়োজনে কেতিয়াও একেলগে উৎকৃষ্টতাৰ মুকুট পিন্ধা নাছিল। এইবাৰ সেয়া ঘটিল। কিন্তু বিশ্ব জয়ৰ মাজতো সেই বিদায় বিষাদৰ নামান্তৰ মাথো।  বিৰাট আৰু ৰোহিতে দেশৰ হৈ টি-২০ নেখেলে, এয়া এটা বহুতৰে বাবে বেয়া লগা খবৰ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement