--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ চাওঁতে চাওঁতে ২০২১ বৰ্ষটোৱে মেলানি মাগিবলৈ মাজত মাথোঁ কেইটামান ঘণ্টা। প্ৰত্যেকবাৰৰ দৰে ২০২২ বৰ্ষটোক আদৰিবলৈ সকলোৱে প্ৰস্তুতি চলাইছে। সমগ্ৰ ভাৰতৰ লগতে বিভিন্ন দেশত বি ভিন্ন ধৰণে নতুন বৰ্ষটোক আদৰাৰ প্ৰস্তুতি প্ৰায় তুংগত।

বিভিন্ন দেশত ভিন্ন পৰম্পৰাৰে নতুন বৰ্ষক আদৰণি জনায়। কোনো কোনো দেশত ফটকা বা আতচবাজী ফুটাই নৱবৰ্ষক আদৰণি জনোৱাৰ নিয়ম আছে যদিও জাপানত ঘণ্টা বজাই নতুন বছৰটোক স্বাগতম জনায়। সেয়ে জাপানত সেইদিনা ১০৮বাৰ ঘণ্টা বজাই নৱবৰ্ষক আদৰণি জনোৱা হয়। মান্যতা আছে যে, ১০৮বাৰ ঘণ্টা বজালে বছৰটো সুখ আৰু সমৃদ্ধিৰে ভৰি পৰে।
ব্ৰাজিলতো এক অদ্ভুত পদ্ধতিৰে নতুন বছৰক আদৰাৰ নিয়ম আছে। সেয়ে ব্ৰাজিলত সেইদিনা দাইল খাই নতুন বছৰটোক আদৰণি জনায়। আনহাতে স্পেইনতো এক পৃথক ধৰণে নৱবৰ্ষ পালন কৰে। স্পেইনৰ লোকসকলে নিশা ১২ বজাৰ লগে লগে (তাৰ সময় অনুযায়ী) ১২টা আঙুৰ খাই বছৰটোক আদৰণি জনায়। মান্যতা আছে যে ১২টা আঙুৰ খালে বছৰ ১২ মাহে শুভ হয়। দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ লোকসকলে পুৰণি অলাগতিয়াল আচবাব ঘৰৰ বাহিৰলৈ উলিয়াই পেলায়। তাৰ বাসিন্দাসকলৰ মতে পুৰণিক আঁতৰাই নতুনক আদৰাৰ এক অদ্ভুত পৰম্পৰা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু