--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কৰ’নাৰ কৰাল গ্ৰাসত পৰি সমগ্ৰ বিশ্বখনেই নিবনুৱা সমস্যাত ককবকাই থকাৰ সময়ত চাকৰি এৰি বাতৰি শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে এগৰাকী মহিলা। ছ’চিয়েল মিডিয়াক কেৰিয়াৰ হিচাপে বাছি লৈছে এগৰাকী মহিলাই। ছ’চিয়েল মিডিয়াৰ উপাৰ্জনেৰে এটা ডাঙৰ পৰিয়াল পোহপাল দি চৰ্চালৈ আহিছে মহিলাগৰাকী। ব্ৰিটনি চাৰ্চ নামৰ আমেৰিকান মহিলাগৰাকীয়ে চাকৰি এৰি ঘৰৰ পৰাই কিবা এটা কৰাৰ সিদ্ধান্ত লয়। কিন্তু ব্ৰিটনিয়ে ইয়াৰ বাবে বেছি সংগ্ৰাম কৰিবলগীয়া নহ’ল। তেওঁ বাছি লয় নতুন ব্যৱসায়।

৩৩ বছৰীয়া মহিলাগৰাকীয়ে কেৰিয়াৰ হিচাপে নিৰ্বাচন কৰে সামাজিক মাধ্যম। তেওঁ ঘৰত থাকিয়েই তেওঁলোকৰ দৈনন্দিন জীৱনৰ ভিডিঅ’ প্ৰস্তুত কৰি টিকটকত আপলোড কৰে আৰু ইয়াৰ পৰা তেওঁ যথেষ্ট উপাৰ্জন কৰে। এই উপাৰ্জন অক্ষুণ্ণ ৰাখিবলৈকে তেওঁ ১২টা সন্তানেৰে এক বৃহৎ বংশবৃক্ষ গঢ়ি তোলে। এতিয়া তেওঁ ঘৰতে বহিয়েই ভিডিঅ’ প্ৰস্তুত কৰাৰ লগতে ১২টাকৈ সন্তানৰ খৰচ অনায়াসে বহন কৰে। বৰ্তমান ব্ৰিটনিৰ ১.৮ বিলিয়ন অনুগামী আছে। এনেদৰে নিজা দৃষ্টিভংগীৰে উপাৰ্জন কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ব্ৰিটনি।


অনুগামীসকলে স্বামী বিষয়ত প্ৰশ্ন কৰিলে অধিক কোৱাৰ পৰা বিৰত আছিল ব্ৰিটনি। তেওঁৰ চাকৰি অৱস্থাত আছিল ৮টা সন্তান আৰু একে সময়তে ৩টা সন্তান জন্ম হোৱাৰ পাছত তেওঁ চাকৰি এৰি ভিডিঅ’ প্ৰস্তুত কৰি ছ’চিয়েল মিডিয়াত পোষ্ট দিয়া আৰম্ভ কৰিছিল।

ব্ৰিটনিয়ে ৫৩ মিলিয়নতকৈও অধিক লাইক লাভ কৰিছে। টিকটকৰ উপৰি ব্ৰিটনিৰ ইনষ্টাগ্ৰামত আছে লাখ লাখ অনুসৰণকাৰী। তেওঁ কয় যে প্ৰতি সপ্তাহত খাদ্যৰ বাবে ২৩ হেজাৰ টকা খৰচ হোৱাৰ বিপৰীতে তেওঁলোকক প্ৰতি সপ্তাহত লাগে ৬৬কাৰ্টুন গাখীৰৰ উপৰি ৬০০ ডায়পাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু