--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কৰ’নাৰ কৰাল গ্ৰাসত পৰি সমগ্ৰ বিশ্বখনেই নিবনুৱা সমস্যাত ককবকাই থকাৰ সময়ত চাকৰি এৰি বাতৰি শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে এগৰাকী মহিলা। ছ’চিয়েল মিডিয়াক কেৰিয়াৰ হিচাপে বাছি লৈছে এগৰাকী মহিলাই। ছ’চিয়েল মিডিয়াৰ উপাৰ্জনেৰে এটা ডাঙৰ পৰিয়াল পোহপাল দি চৰ্চালৈ আহিছে মহিলাগৰাকী। ব্ৰিটনি চাৰ্চ নামৰ আমেৰিকান মহিলাগৰাকীয়ে চাকৰি এৰি ঘৰৰ পৰাই কিবা এটা কৰাৰ সিদ্ধান্ত লয়। কিন্তু ব্ৰিটনিয়ে ইয়াৰ বাবে বেছি সংগ্ৰাম কৰিবলগীয়া নহ’ল। তেওঁ বাছি লয় নতুন ব্যৱসায়।

৩৩ বছৰীয়া মহিলাগৰাকীয়ে কেৰিয়াৰ হিচাপে নিৰ্বাচন কৰে সামাজিক মাধ্যম। তেওঁ ঘৰত থাকিয়েই তেওঁলোকৰ দৈনন্দিন জীৱনৰ ভিডিঅ’ প্ৰস্তুত কৰি টিকটকত আপলোড কৰে আৰু ইয়াৰ পৰা তেওঁ যথেষ্ট উপাৰ্জন কৰে। এই উপাৰ্জন অক্ষুণ্ণ ৰাখিবলৈকে তেওঁ ১২টা সন্তানেৰে এক বৃহৎ বংশবৃক্ষ গঢ়ি তোলে। এতিয়া তেওঁ ঘৰতে বহিয়েই ভিডিঅ’ প্ৰস্তুত কৰাৰ লগতে ১২টাকৈ সন্তানৰ খৰচ অনায়াসে বহন কৰে। বৰ্তমান ব্ৰিটনিৰ ১.৮ বিলিয়ন অনুগামী আছে। এনেদৰে নিজা দৃষ্টিভংগীৰে উপাৰ্জন কৰি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল ব্ৰিটনি।


অনুগামীসকলে স্বামী বিষয়ত প্ৰশ্ন কৰিলে অধিক কোৱাৰ পৰা বিৰত আছিল ব্ৰিটনি। তেওঁৰ চাকৰি অৱস্থাত আছিল ৮টা সন্তান আৰু একে সময়তে ৩টা সন্তান জন্ম হোৱাৰ পাছত তেওঁ চাকৰি এৰি ভিডিঅ’ প্ৰস্তুত কৰি ছ’চিয়েল মিডিয়াত পোষ্ট দিয়া আৰম্ভ কৰিছিল।

ব্ৰিটনিয়ে ৫৩ মিলিয়নতকৈও অধিক লাইক লাভ কৰিছে। টিকটকৰ উপৰি ব্ৰিটনিৰ ইনষ্টাগ্ৰামত আছে লাখ লাখ অনুসৰণকাৰী। তেওঁ কয় যে প্ৰতি সপ্তাহত খাদ্যৰ বাবে ২৩ হেজাৰ টকা খৰচ হোৱাৰ বিপৰীতে তেওঁলোকক প্ৰতি সপ্তাহত লাগে ৬৬কাৰ্টুন গাখীৰৰ উপৰি ৬০০ ডায়পাৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ