--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আশংকাক সত্য প্ৰমাণিত কৰি সপ্তাহটোৰ প্ৰথম দিনাই বিশ্ব বজাৰত ভাৰতীয় মুদ্ৰাৰ পতনৰ অভিলেখ। সহজ ভাষাত ক’বলৈ গ’লে লক্ষ্যণীয়ভাৱে অৱনতি ঘটিছে টকাৰ মূল্যৰ৷ সোমবাৰে মাৰ্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পালে ২০ পইচা। এতিয়ালৈকে ভাৰতীয় মুদ্ৰাৰ নিম্নগামী মূল্যই গঢ়িছে অভিলেখ। ফলত দিনটোৰ শেষত ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য বৃদ্ধি পাই হ’লগৈ ৭৯.৪৩ টকা।

এতিয়া এক মাৰ্কিন ডলাৰৰ বিপৰীতে প্ৰদান কৰিব লাগিব ৭৯.৪৩ টকা। কিন্তু আজিৰ দিনটোত বজাৰ মুকলি হোৱাৰ পাছতে টকাৰ মূল্য অস্বাভাৱিকভাৱে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। দিনৰ মাজভাগত ডলাৰত টকাৰ মূল্য সৰ্বকালৰ নিম্নতম স্তৰত,এই পৰিসংখ্যাই প্ৰৱেশ কৰিছে আশীৰ কোঠালীত। কিন্তু ভাৰতৰ কেন্দ্ৰীয় বেংকে বিপদৰ আগতীয়াকৈ কিছু পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজনীয় বুলি বিবেচিত হৈছে। 

স্বাভাৱিকতে, ভাৰতীয় টকাৰ এই নিৰন্তৰ অৱনতিৰ বাবে বিৰোধীয়ে মোদী চৰকাৰৰ দিশহীন অৰ্থনীতিকে দোষাৰোপ কৰিছে। অৰ্থনীতিৰ ব্যৱসায়ীসকলেও শাসকপক্ষৰ নেতিবাচক ধাৰাত বিপদৰ আগজাননী পাইছে। এইবাৰ পেট্ৰ’ল-ডিজেলৰ দাম পুনৰ বৃদ্ধি হ’বলৈ গৈ আছে বুলি আশংকা প্ৰকাশ কৰিছে ব্যৱয়াসীসকলে। কাৰণ, ভাৰতে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰা ডলাৰত ইন্ধন ক্ৰয় কৰিব লাগিব। পৰিৱর্তিত পৰিস্থিতিত কেন্দ্রই কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ