--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আশংকাক সত্য প্ৰমাণিত কৰি সপ্তাহটোৰ প্ৰথম দিনাই বিশ্ব বজাৰত ভাৰতীয় মুদ্ৰাৰ পতনৰ অভিলেখ। সহজ ভাষাত ক’বলৈ গ’লে লক্ষ্যণীয়ভাৱে অৱনতি ঘটিছে টকাৰ মূল্যৰ৷ সোমবাৰে মাৰ্কিন ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্ৰাস পালে ২০ পইচা। এতিয়ালৈকে ভাৰতীয় মুদ্ৰাৰ নিম্নগামী মূল্যই গঢ়িছে অভিলেখ। ফলত দিনটোৰ শেষত ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য বৃদ্ধি পাই হ’লগৈ ৭৯.৪৩ টকা।

এতিয়া এক মাৰ্কিন ডলাৰৰ বিপৰীতে প্ৰদান কৰিব লাগিব ৭৯.৪৩ টকা। কিন্তু আজিৰ দিনটোত বজাৰ মুকলি হোৱাৰ পাছতে টকাৰ মূল্য অস্বাভাৱিকভাৱে হ্ৰাস পোৱা পৰিলক্ষিত হৈছে। দিনৰ মাজভাগত ডলাৰত টকাৰ মূল্য সৰ্বকালৰ নিম্নতম স্তৰত,এই পৰিসংখ্যাই প্ৰৱেশ কৰিছে আশীৰ কোঠালীত। কিন্তু ভাৰতৰ কেন্দ্ৰীয় বেংকে বিপদৰ আগতীয়াকৈ কিছু পদক্ষেপ গ্ৰহণ কৰাটো প্ৰয়োজনীয় বুলি বিবেচিত হৈছে। 

স্বাভাৱিকতে, ভাৰতীয় টকাৰ এই নিৰন্তৰ অৱনতিৰ বাবে বিৰোধীয়ে মোদী চৰকাৰৰ দিশহীন অৰ্থনীতিকে দোষাৰোপ কৰিছে। অৰ্থনীতিৰ ব্যৱসায়ীসকলেও শাসকপক্ষৰ নেতিবাচক ধাৰাত বিপদৰ আগজাননী পাইছে। এইবাৰ পেট্ৰ’ল-ডিজেলৰ দাম পুনৰ বৃদ্ধি হ’বলৈ গৈ আছে বুলি আশংকা প্ৰকাশ কৰিছে ব্যৱয়াসীসকলে। কাৰণ, ভাৰতে আন্তঃৰাষ্ট্ৰীয় বজাৰৰ পৰা ডলাৰত ইন্ধন ক্ৰয় কৰিব লাগিব। পৰিৱর্তিত পৰিস্থিতিত কেন্দ্রই কি পদক্ষেপ গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক