--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জি নিউজৰ পৰা পদত্যাগ কৰাৰ পিছত সুধীৰ চৌধুৰীয়ে ইণ্ডিয়া টুডে গ্ৰুপৰ চেনেল আজ টকত কনছালটিং এডিটৰ হিচাপে যোগদান কৰিছে। এই তথ্য ইণ্ডিয়া টুডে গ্ৰুপৰ উপাধ্যক্ষ কল্লী পুৰীয়ে শ্বেয়াৰ কৰিছে। সুধীৰ চৌধুৰীয়ে আজ টকত যোগদান কৰাৰ তথ্য শ্বেয়াৰ কৰি কল্লী পুৰীয়ে লিখিছে, ‘আজ টকত সুধীৰ চৌধুৰীয়ে আমাৰ লগত পৰামৰ্শদাতা সম্পাদক হিচাপে যোগদান কৰিব বুলি শ্বেয়াৰ কৰিবলৈ পাই সুখী হৈছো। সুধীৰ আৰু আজ টকৰ সহযোগিতাত তেওঁৰ দ্বাৰা এংকৰ কৰা এটি ৰোমাঞ্চকৰ নতুন অনুষ্ঠান আমাৰ ১০ কোটি দৰ্শকৰ মাজলৈ লৈ আহিছে। নিউজ ডাইৰেক্টৰ সুপ্ৰিয়া প্ৰসাদৰ তত্বাৱধানত থাকিব এই অনুষ্ঠান।’

কল্লী পুৰীয়ে লগতে কয়, তেওঁৰ প্ৰথম উদ্যোগটো আমাৰ সৈতে মিত্ৰতা কৰাটো বৰ ভাল কথা আৰু মই আন প্ৰকল্পত একেলগে কাম কৰিবলৈ আগ্ৰহী। মই নিশ্চিত যে সুধীৰ আৰু আজ টক এনে এক শক্তিশালী সংমিশ্ৰণ হ’ব যিয়ে আমাৰ ছুপাৰষ্টাৰ এংকৰৰ পৰ্টফলিঅ’ক আৰু অধিক শক্তিশালী কৰি তুলিব আৰু আমাক দেশৰ ভিতৰতে এক অন্যতম নিউজ ব্ৰেণ্ড কৰি তুলিব। সুধীৰ আপোনাক স্বাগতম!' 

কল্লী পুৰীয়ে সুধীৰ চৌধুৰীক আজ টক পৰিয়াললৈ আদৰণি জনাই কয় যে, ‘ভাৰতীয় টিভি সাংবাদিকতাৰ প্ৰবীণ সাংবাদিক সুধীৰ চৌধুৰী জিৰ সৈতে এক দশকৰো অধিক সময় ধৰি জিৰ সৈতে জড়িত আছিল। অৱশ্যে, জি টিভিত এইটো আছিল তেওঁৰ দ্বিতীয়টো কাৰ্যকাল। প্ৰথম বৰ্ষত তেওঁ জি নিউজত যোগদান কৰিছিল যদিও ২০০৩ চনত ছাহাৰা সময়ত যোগদান কৰে। ইণ্ডিয়া টিভিৰ লগতো কিছুদিন জড়িত আছিল। ২০১২ চনত তেওঁ পুনৰ জি নিউজলৈ উভতি আহে, য’ত তেওঁ হিন্দী নিউজ চেনেলৰ অন্যতম ৰেটিং পোৱা শ্ব’ ডেইলী নিউজ এণ্ড এনালাইছিছৰ আয়োজন কৰিছিল।’

স্বাভাৱিকতে, সুধীৰ চৌধুৰীৰ শেহতীয়া সিন্ধান্তই সুখী কৰি তুলিছে আজ টক পৰিয়ালক। বিগত সময়ছোৱাৰ অভিজ্ঞতাৰে প্ৰৱীণ সাংবাদিকগৰাকীয়ে সংবাদক্ষেত্ৰখনলৈ কিদৰে অৰিহণা যোগায় সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ