--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জি নিউজৰ পৰা পদত্যাগ কৰাৰ পিছত সুধীৰ চৌধুৰীয়ে ইণ্ডিয়া টুডে গ্ৰুপৰ চেনেল আজ টকত কনছালটিং এডিটৰ হিচাপে যোগদান কৰিছে। এই তথ্য ইণ্ডিয়া টুডে গ্ৰুপৰ উপাধ্যক্ষ কল্লী পুৰীয়ে শ্বেয়াৰ কৰিছে। সুধীৰ চৌধুৰীয়ে আজ টকত যোগদান কৰাৰ তথ্য শ্বেয়াৰ কৰি কল্লী পুৰীয়ে লিখিছে, ‘আজ টকত সুধীৰ চৌধুৰীয়ে আমাৰ লগত পৰামৰ্শদাতা সম্পাদক হিচাপে যোগদান কৰিব বুলি শ্বেয়াৰ কৰিবলৈ পাই সুখী হৈছো। সুধীৰ আৰু আজ টকৰ সহযোগিতাত তেওঁৰ দ্বাৰা এংকৰ কৰা এটি ৰোমাঞ্চকৰ নতুন অনুষ্ঠান আমাৰ ১০ কোটি দৰ্শকৰ মাজলৈ লৈ আহিছে। নিউজ ডাইৰেক্টৰ সুপ্ৰিয়া প্ৰসাদৰ তত্বাৱধানত থাকিব এই অনুষ্ঠান।’

কল্লী পুৰীয়ে লগতে কয়, তেওঁৰ প্ৰথম উদ্যোগটো আমাৰ সৈতে মিত্ৰতা কৰাটো বৰ ভাল কথা আৰু মই আন প্ৰকল্পত একেলগে কাম কৰিবলৈ আগ্ৰহী। মই নিশ্চিত যে সুধীৰ আৰু আজ টক এনে এক শক্তিশালী সংমিশ্ৰণ হ’ব যিয়ে আমাৰ ছুপাৰষ্টাৰ এংকৰৰ পৰ্টফলিঅ’ক আৰু অধিক শক্তিশালী কৰি তুলিব আৰু আমাক দেশৰ ভিতৰতে এক অন্যতম নিউজ ব্ৰেণ্ড কৰি তুলিব। সুধীৰ আপোনাক স্বাগতম!' 

কল্লী পুৰীয়ে সুধীৰ চৌধুৰীক আজ টক পৰিয়াললৈ আদৰণি জনাই কয় যে, ‘ভাৰতীয় টিভি সাংবাদিকতাৰ প্ৰবীণ সাংবাদিক সুধীৰ চৌধুৰী জিৰ সৈতে এক দশকৰো অধিক সময় ধৰি জিৰ সৈতে জড়িত আছিল। অৱশ্যে, জি টিভিত এইটো আছিল তেওঁৰ দ্বিতীয়টো কাৰ্যকাল। প্ৰথম বৰ্ষত তেওঁ জি নিউজত যোগদান কৰিছিল যদিও ২০০৩ চনত ছাহাৰা সময়ত যোগদান কৰে। ইণ্ডিয়া টিভিৰ লগতো কিছুদিন জড়িত আছিল। ২০১২ চনত তেওঁ পুনৰ জি নিউজলৈ উভতি আহে, য’ত তেওঁ হিন্দী নিউজ চেনেলৰ অন্যতম ৰেটিং পোৱা শ্ব’ ডেইলী নিউজ এণ্ড এনালাইছিছৰ আয়োজন কৰিছিল।’

স্বাভাৱিকতে, সুধীৰ চৌধুৰীৰ শেহতীয়া সিন্ধান্তই সুখী কৰি তুলিছে আজ টক পৰিয়ালক। বিগত সময়ছোৱাৰ অভিজ্ঞতাৰে প্ৰৱীণ সাংবাদিকগৰাকীয়ে সংবাদক্ষেত্ৰখনলৈ কিদৰে অৰিহণা যোগায় সেয়াহে হ’ব লক্ষ্যণীয়!

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক