--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীৰ দ্বিতীয় দামী ঘৰত বাস কৰে মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালে। বাকিংহাম পেলেচত থকা ইংলেণ্ডৰ ৰাণীৰ ঘৰটো বিশ্বৰ প্ৰথম দামী ঘৰ। বিশ্বৰ দ্বিতীয় দামী ঘৰ মুম্বাইৰ এণ্টিলিয়া, আৰু এই এন্টিলিয়াতে বাস কৰে আম্বানী পৰিয়াল। সেই ঘৰত কি নাই! ২৭ তলাৰ উচ্চতাৰ এই ঘৰটোৰ ভিতৰৰ অংশই যিকোনো বিলাসী হোটেলক পৰাস্ত কৰিব।

৫৭০ ফুট ওখ আৰু ৪ লাখ বৰ্গফুটৰ ঘৰটোত আছে জিম, বিউটি পাৰ্লাৰ, চুইমিং পুল, আনকি আছে ৫০ জনীয়া থিয়েটাৰ হল! এই ঘৰখনত কি কি আছে, সেই কথা লিখি তালিকাখন সমাপ্ত কৰিব নোৱাৰি। ইমান বৃহৎ ঘৰ এটা ৰক্ষণাবেক্ষণ কৰিবলৈ কিমান কৰ্মচাৰীৰ প্ৰয়োজন হ’ব সেই কথা ভাবকচোন। ইয়াত ৬০০ কৰ্মচাৰীয়ে কাম কৰে।

বিভিন্ন সাক্ষাৎকাৰত আম্বানীয়ে কয় যে কৰ্মচাৰী অবিহনে ইমান বৃহৎ ঘৰ ৰক্ষণাবেক্ষণ কৰিব নোৱাৰিলেহেঁতেন। আম্বানীয়ে নিজৰ ঘৰৰ গোটেই ১ম মহলাটো কৰ্মচাৰী থকাৰ বাবে এৰি দিছে। আম্বানীৰ ঘৰত কাম কৰা প্ৰতিজন কৰ্মচাৰীক আম্বানীয়ে দিছে জীৱন বীমা। আনকি কৰ্মচাৰীৰ শিশুৰ শিক্ষাৰ দায়িত্বও তেওঁ নিজৰ কান্ধত তুলি লৈছে। এই কৰ্মচাৰীসকলে মাহিলী বহুত দৰমহা পায়। ভিন্ন কৰ্মচাৰীৰ ভিন ভিন দৰমহা। কোনো কোনো কৰ্মচাৰীয়ে মাহিলী ২ লাখ টকা পৰ্যন্ত দৰমহা পায়। 

উল্লেখ্য যে আম্বানীৰ 'এণ্টিলিয়া' ঘৰটোৰ নাম আটলাণ্টিক মহাসাগৰৰ এটা দ্বীপৰ নামৰ পৰা লোৱা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক