--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীৰ দ্বিতীয় দামী ঘৰত বাস কৰে মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়ালে। বাকিংহাম পেলেচত থকা ইংলেণ্ডৰ ৰাণীৰ ঘৰটো বিশ্বৰ প্ৰথম দামী ঘৰ। বিশ্বৰ দ্বিতীয় দামী ঘৰ মুম্বাইৰ এণ্টিলিয়া, আৰু এই এন্টিলিয়াতে বাস কৰে আম্বানী পৰিয়াল। সেই ঘৰত কি নাই! ২৭ তলাৰ উচ্চতাৰ এই ঘৰটোৰ ভিতৰৰ অংশই যিকোনো বিলাসী হোটেলক পৰাস্ত কৰিব।

৫৭০ ফুট ওখ আৰু ৪ লাখ বৰ্গফুটৰ ঘৰটোত আছে জিম, বিউটি পাৰ্লাৰ, চুইমিং পুল, আনকি আছে ৫০ জনীয়া থিয়েটাৰ হল! এই ঘৰখনত কি কি আছে, সেই কথা লিখি তালিকাখন সমাপ্ত কৰিব নোৱাৰি। ইমান বৃহৎ ঘৰ এটা ৰক্ষণাবেক্ষণ কৰিবলৈ কিমান কৰ্মচাৰীৰ প্ৰয়োজন হ’ব সেই কথা ভাবকচোন। ইয়াত ৬০০ কৰ্মচাৰীয়ে কাম কৰে।

বিভিন্ন সাক্ষাৎকাৰত আম্বানীয়ে কয় যে কৰ্মচাৰী অবিহনে ইমান বৃহৎ ঘৰ ৰক্ষণাবেক্ষণ কৰিব নোৱাৰিলেহেঁতেন। আম্বানীয়ে নিজৰ ঘৰৰ গোটেই ১ম মহলাটো কৰ্মচাৰী থকাৰ বাবে এৰি দিছে। আম্বানীৰ ঘৰত কাম কৰা প্ৰতিজন কৰ্মচাৰীক আম্বানীয়ে দিছে জীৱন বীমা। আনকি কৰ্মচাৰীৰ শিশুৰ শিক্ষাৰ দায়িত্বও তেওঁ নিজৰ কান্ধত তুলি লৈছে। এই কৰ্মচাৰীসকলে মাহিলী বহুত দৰমহা পায়। ভিন্ন কৰ্মচাৰীৰ ভিন ভিন দৰমহা। কোনো কোনো কৰ্মচাৰীয়ে মাহিলী ২ লাখ টকা পৰ্যন্ত দৰমহা পায়। 

উল্লেখ্য যে আম্বানীৰ 'এণ্টিলিয়া' ঘৰটোৰ নাম আটলাণ্টিক মহাসাগৰৰ এটা দ্বীপৰ নামৰ পৰা লোৱা হৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু