--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি সমগ্ৰ বিশ্বই গৌতম আদানিক চিনি পায়। তেওঁ পৃথিৱীৰ অন্যতম ধনী ব্যক্তি। তেওঁ নিজৰ ব্যৱসায়িক জ্ঞানেৰে সমগ্ৰ বিশ্বৰ সন্মুখত নিজৰ দক্ষতা প্ৰমাণ কৰিছে। শূন্যৰ পৰা আৰম্ভ কৰি আজি তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ১০ লাখ কোটি! ইয়াৰ উত্থান অৱশ্যে যোৱা দুবছৰত বেছিকৈ দেখিবলৈ পোৱা গৈছে। কিন্তু আশ্চৰ্যজনক কথাটো হ’ল ইমান ধন-সম্পত্তিৰ মালিক হোৱাৰ পাছতো গৌতম আদানীৰ জীৱনশৈলী অতি সাধাৰণ৷

ইমান ধন-সম্পত্তি থকাৰ পাছতো মাটিৰ শিপা পাহৰা নাই গৌতম আদানীয়ে। যিহেতু তেওঁৰ জীৱনশৈলী অতি সাধাৰণ, তেওঁৰ বিবাহ বা আন জীৱন কাহিনীও বহুত সাধাৰণ। পৰিপাটি ভদ্ৰলোক গৌতম আদানী। আৰ এন ভাস্কৰৰ ‘গৌতম আদানী: ৰিইমেজিনিং বিজনেছ ইন ইণ্ডিয়া’ নামৰ গ্ৰন্থখনত গৌতম আদানীৰ জীৱনৰ বহু দিশ উন্মোচিত হৈছে।

আৰ এন ভাস্কৰে গ্ৰন্থখনত আদানীৰ জীৱনৰ বহু নজনা কথা প্ৰকাশ কৰিছে। সেই গ্ৰন্থখনৰ পৰাই গম পোৱা যায় যে গৌতম আদানীৰ পত্নী প্ৰীতি আদানীয়ে প্ৰথম দৃষ্টিত গৌতম আদানীক পচন্দ কৰা নাছিল। তেওঁলোকৰ কোনো পূৰ্বৰ চিনাকি নাছিল। প্ৰীতিৰ পিতৃ সেৱন্তিলালে প্ৰীতিৰ বাবে গৌতম আদানীক পছন্দ কৰিছিল। আৰু সেই সময়তে তেওঁ স্নাতক ডিগ্ৰীও শেষ কৰা নাছিল।

সেই সময়ত প্ৰীতিয়ে দন্ত চিকিৎসা অধ্যয়ন কৰি আছিল। প্ৰীতিয়ে দেউতাকৰ পচন্দক একেবাৰেই ভাল পোৱা নাছিল। বৰং তেওঁ অনুভৱ কৰিছিল যে গৌতম তেওঁৰ বাবে একেবাৰেই উপযুক্ত নহয়। কিন্তু প্ৰীতিৰ দেউতাক সেৱন্তিলালে প্ৰীতিক পতিয়ন নিয়ালে আৰু অৱশেষত প্ৰীতিয়ে গৌতম আদানীক লগ কৰিবলৈ মান্তি হ'ল। এনেদৰে কথা পাতি দুয়ো চিনাকি হোৱাৰ পাছত দুয়ো বিয়া পাতিবলৈ মান্তি হয়।

১৯৮৬ চনৰ ১ মে’ত তেওঁলোকৰ বিবাহ হয়। বিয়াৰ পিছত অৱশ্যে প্ৰীতি আৰু গৌতম আদানীৰ বাবে সময় অতি কঠিন হৈ পৰিছিল। সেই সময়ত গৌতম আদানীয়ে কামৰ বাবে বহু সময় বাহিৰত থাকিব লগা হৈছিল। কিন্তু যেতিয়াই সময় পাই পত্নী আৰু পৰিয়ালৰ লগত তেওঁ সময় কটাবলৈ যত্ন কৰিছিল। গ্ৰন্থখনত উল্লেখ থকা অনুসৰি প্ৰীতিয়ে কৈছে যে গৌতমে সোনকালে কাম শেষ কৰি বাকী সময়খিনি ঘৰতে কটাবলৈ সদায় চেষ্টা কৰে।

প্ৰীতি আদানী আৰু গৌতম আদানীয়ে বিবাহৰ ৩৫ বছৰ সম্পূৰ্ণ কৰিলে। আৰু আজিও দুয়োৰে মাজত সমান প্ৰেম অটুট আছে। শেহতীয়াকৈ গৌতম আদানীৰ ৬০ সংখ্যক জন্মদিনত টুইটাৰত এখন পুৰণি ফটো শ্বেয়াৰ কৰি প্ৰীতিয়ে লিখিছে, ‘‘৩৫ বছৰতকৈও অধিক পূৰ্বে মই মোৰ কেৰিয়াৰ এৰি গৌতম আদানীৰ সৈতে এক নতুন যাত্ৰা আৰম্ভ কৰিছিলো। আজি পিছলৈ ঘূৰি চালে মানুহজনৰ প্ৰতি মোৰ বহুত শ্ৰদ্ধা আৰু গৌৰৱ বাঢ়ে। তেওঁৰ ৬০ বছৰীয়া জন্মদিনত তেওঁৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনাইছো আৰু তেওঁৰ সকলো সপোন বাস্তৱায়িত হওক।''








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement