--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী যুৱতীয়ে। নাম তেওঁৰ নন্দিনী আগৰৱালা । অত্যন্ত্য মেধা নন্দিনীয়ে  ১৩ বছৰ বয়সতে দশম শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষা আৰু ১৫  বছৰ বয়সত দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাত সুখ্যাতিৰে  উত্তীৰ্ণ হৈছিল। তেওঁ ১৯ বছৰ বয়সতে চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাবে পেছা আৰম্ভ কৰিছে।

 নন্দিনীৰ নাম সেয়ে গীনিজ বুক  অব ৱৰ্ল্ড ৰেকৰ্ডছত  অন্তৰ্ভুক্ত হৈছে । নন্দিনী আগৰৱাল মধ্য প্ৰদেশৰ এখন সৰু চহৰ মোৰেনাৰ বাসিন্দা। বিশ্বৰ আটাইতকৈ কম বয়সীয়া মহিলা চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে তেওঁ  স্বীকৃতি লাভ কৰিছে। চিএ চূড়ান্ত পৰীক্ষাত তেওঁ দেশৰ শীৰ্ষস্থান দখল কৰিছে। ২০২১ চনৰ জুলাই মাহত যেতিয়া তাই চূড়ান্ত চিএ পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেতিয়া তাইৰ বয়স মাত্ৰ ১৯ বছৰ আছিল। তেওঁ ২৯ নৱেম্বৰ,২০২১ ত  ১৯ বছৰ ৮ মাহ আৰু ১৮  দিন সম্পূৰ্ণ কৰিছে।

 নন্দিনী আগৰৱালাই ২০২১ চনত চাৰ্টাৰ্ড একাউণ্টিং চূড়ান্ত পৰীক্ষা তেওঁ ৮০০ নম্বৰৰ ভিতৰত ৬১৪ নম্বৰ লাভ কৰিছে(৭৬..৭৫%)। তেওঁ ৮৩,০০০ প্ৰাৰ্থীৰ ভিতৰত নন্দিনীয়ে প্ৰথম  স্থান লাভ কৰিছিল।নন্দিনীয়ে  চিএ পৰীক্ষাত বহাৰ বাবে আৰম্ভনিৰে পৰা মন স্থিৰ কৰিছিল। 

কোনো কোনো ক্ষেত্ৰত দেখা দিয়া বিফলতাই তেওঁক  অধিক  শক্তিশালী আৰু  সংকল্পবদ্ধ কৰি তুলিছিল। নন্দিনীৰ  ভায়েক ২১ বছৰীয়া শচীনেও ২০২১ চনত এআইআৰত ১৮ সংখ্যক স্থান লাভ কৰিছিল আৰু ৮০০ নম্বৰৰ ভিতৰত  ৫৬৮ নম্বৰ লাভ কৰিছিল। তেওঁলোকে  ভিক্টৰ কনভেন্ট স্কুলত অধ্যয়ন  কৰিছিল।  নন্দিনীৰ পিতৃ  নৰেশ চন্দ্ৰ গুপ্তা এজন কৰ পৰামৰ্শদাতা  আৰু  মাক ডিম্পল গুপ্তা এগৰাকী গৃহিণী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস