--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী যুৱতীয়ে। নাম তেওঁৰ নন্দিনী আগৰৱালা । অত্যন্ত্য মেধা নন্দিনীয়ে  ১৩ বছৰ বয়সতে দশম শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষা আৰু ১৫  বছৰ বয়সত দ্বাদশ শ্ৰেণীৰ ব'ৰ্ড পৰীক্ষাত সুখ্যাতিৰে  উত্তীৰ্ণ হৈছিল। তেওঁ ১৯ বছৰ বয়সতে চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাবে পেছা আৰম্ভ কৰিছে।

 নন্দিনীৰ নাম সেয়ে গীনিজ বুক  অব ৱৰ্ল্ড ৰেকৰ্ডছত  অন্তৰ্ভুক্ত হৈছে । নন্দিনী আগৰৱাল মধ্য প্ৰদেশৰ এখন সৰু চহৰ মোৰেনাৰ বাসিন্দা। বিশ্বৰ আটাইতকৈ কম বয়সীয়া মহিলা চাৰ্টাৰ্ড একাউণ্টেণ্ট হিচাপে তেওঁ  স্বীকৃতি লাভ কৰিছে। চিএ চূড়ান্ত পৰীক্ষাত তেওঁ দেশৰ শীৰ্ষস্থান দখল কৰিছে। ২০২১ চনৰ জুলাই মাহত যেতিয়া তাই চূড়ান্ত চিএ পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেতিয়া তাইৰ বয়স মাত্ৰ ১৯ বছৰ আছিল। তেওঁ ২৯ নৱেম্বৰ,২০২১ ত  ১৯ বছৰ ৮ মাহ আৰু ১৮  দিন সম্পূৰ্ণ কৰিছে।

 নন্দিনী আগৰৱালাই ২০২১ চনত চাৰ্টাৰ্ড একাউণ্টিং চূড়ান্ত পৰীক্ষা তেওঁ ৮০০ নম্বৰৰ ভিতৰত ৬১৪ নম্বৰ লাভ কৰিছে(৭৬..৭৫%)। তেওঁ ৮৩,০০০ প্ৰাৰ্থীৰ ভিতৰত নন্দিনীয়ে প্ৰথম  স্থান লাভ কৰিছিল।নন্দিনীয়ে  চিএ পৰীক্ষাত বহাৰ বাবে আৰম্ভনিৰে পৰা মন স্থিৰ কৰিছিল। 

কোনো কোনো ক্ষেত্ৰত দেখা দিয়া বিফলতাই তেওঁক  অধিক  শক্তিশালী আৰু  সংকল্পবদ্ধ কৰি তুলিছিল। নন্দিনীৰ  ভায়েক ২১ বছৰীয়া শচীনেও ২০২১ চনত এআইআৰত ১৮ সংখ্যক স্থান লাভ কৰিছিল আৰু ৮০০ নম্বৰৰ ভিতৰত  ৫৬৮ নম্বৰ লাভ কৰিছিল। তেওঁলোকে  ভিক্টৰ কনভেন্ট স্কুলত অধ্যয়ন  কৰিছিল।  নন্দিনীৰ পিতৃ  নৰেশ চন্দ্ৰ গুপ্তা এজন কৰ পৰামৰ্শদাতা  আৰু  মাক ডিম্পল গুপ্তা এগৰাকী গৃহিণী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব