--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঅৱশেষত  অতি  দুখৰ খবৰে শোকাহত কৰি তুলিছে বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলক।  কৰ্কট ৰোগৰ সৈতে দীৰ্ঘদিন যুঁজি থাকি অৱশেষত মৃত্যুক সাৱটিলে  জিম্বাবোৱেৰ কিংবদন্তী ক্ৰিকেট তাৰকা হিথ ষ্ট্ৰীকে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল মাত্ৰ  ৪৯ বছৰ । তাৰকা খেলুৱৈগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে ক্ৰীড়া্ৰেমীসকলক শোকাহত হৈ পৰিছে।  ক্ৰিকেট জগতৰ বহুতেই  তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।আজি খেলুৱৈগৰাকীৰ পত্নীয়ে ফেচবুকত হিথৰ মৃত্যুৰ কথা নিশ্চিত কৰে। 


তেওঁৰ পৰিয়ালে কিছুদিন পূৰ্বে  কৈছিল যে কৰ্কট ৰোগৰ বিৰুদ্ধে ষ্ট্ৰীকৰ যুঁজ কঠিন হৈ আহিছে। মে’ মাহত তেওঁৰ অৱস্থাৰ অৱনতি ঘটিছিল আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ  সিদ্ধান্ত লোৱা হৈছিল। তেওঁক দক্ষিণ আফ্ৰিকাৰ বিশেষজ্ঞ চিকিৎসকে চিকিৎসা কৰি আছিল। কিন্তু তেওঁৰ প্ৰাণৰক্ষা কৰিব পৰা নগ’ল।হিথ হিল্টন ষ্ট্ৰীক (১৬ মাৰ্চ ১৯৭৪ – ২২ আগষ্ট ২০২৩)ৰ বুলাৱায়োত জন্মগ্ৰহণ কৰিছিল। 

 জিম্বাবোৱেৰ এজন প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ  হিথ ষ্ট্ৰীক মুখ্যতঃ জিম্বাবোৱে ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ এজন অলৰাউণ্ডাৰ আছিল। তেওঁ দলটোৰ অধিনায়ক হিচাপেও নিযুক্তি লাভ  কৰিছিল। তেওঁ ১৯৯৫-৯৬ বৰ্ষত মাটাবেলেলেণ্ডৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিল। ইয়াৰ পিছত তেওঁ দেশ খনৰ হৈ বহু কেইখন আন্তঃৰাষ্ট্ৰীয় খেলত নিজৰ ক্ৰীড়া প্ৰতিভা উদঙাই দিবলৈ সক্ষম হৈছিল। উল্লেখ্য কিছুদিন পূৰ্বে খেলুৱৈগৰাকীৰ মত্যু হোৱা বুলি এটা উৰা বাতৰি ওলাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস