--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃঅৱশেষত  অতি  দুখৰ খবৰে শোকাহত কৰি তুলিছে বিশ্বৰ ক্ৰীড়াপ্ৰেমীসকলক।  কৰ্কট ৰোগৰ সৈতে দীৰ্ঘদিন যুঁজি থাকি অৱশেষত মৃত্যুক সাৱটিলে  জিম্বাবোৱেৰ কিংবদন্তী ক্ৰিকেট তাৰকা হিথ ষ্ট্ৰীকে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল মাত্ৰ  ৪৯ বছৰ । তাৰকা খেলুৱৈগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতে ক্ৰীড়া্ৰেমীসকলক শোকাহত হৈ পৰিছে।  ক্ৰিকেট জগতৰ বহুতেই  তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।আজি খেলুৱৈগৰাকীৰ পত্নীয়ে ফেচবুকত হিথৰ মৃত্যুৰ কথা নিশ্চিত কৰে। 


তেওঁৰ পৰিয়ালে কিছুদিন পূৰ্বে  কৈছিল যে কৰ্কট ৰোগৰ বিৰুদ্ধে ষ্ট্ৰীকৰ যুঁজ কঠিন হৈ আহিছে। মে’ মাহত তেওঁৰ অৱস্থাৰ অৱনতি ঘটিছিল আৰু তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ  সিদ্ধান্ত লোৱা হৈছিল। তেওঁক দক্ষিণ আফ্ৰিকাৰ বিশেষজ্ঞ চিকিৎসকে চিকিৎসা কৰি আছিল। কিন্তু তেওঁৰ প্ৰাণৰক্ষা কৰিব পৰা নগ’ল।হিথ হিল্টন ষ্ট্ৰীক (১৬ মাৰ্চ ১৯৭৪ – ২২ আগষ্ট ২০২৩)ৰ বুলাৱায়োত জন্মগ্ৰহণ কৰিছিল। 

 জিম্বাবোৱেৰ এজন প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ  হিথ ষ্ট্ৰীক মুখ্যতঃ জিম্বাবোৱে ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ এজন অলৰাউণ্ডাৰ আছিল। তেওঁ দলটোৰ অধিনায়ক হিচাপেও নিযুক্তি লাভ  কৰিছিল। তেওঁ ১৯৯৫-৯৬ বৰ্ষত মাটাবেলেলেণ্ডৰ হৈ ঘৰুৱা ক্ৰিকেট খেলিছিল। ইয়াৰ পিছত তেওঁ দেশ খনৰ হৈ বহু কেইখন আন্তঃৰাষ্ট্ৰীয় খেলত নিজৰ ক্ৰীড়া প্ৰতিভা উদঙাই দিবলৈ সক্ষম হৈছিল। উল্লেখ্য কিছুদিন পূৰ্বে খেলুৱৈগৰাকীৰ মত্যু হোৱা বুলি এটা উৰা বাতৰি ওলাইছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব