--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব ক্ষুধা সূচকাংকত ভাৰতৰ স্থান পূৰ্বৰ বছৰতকৈয়ো বেছি বেয়াৰ দিশে গতি কৰিলে।  ২০২৩ বৰ্ষত বিশ্ব ক্ষুধা সূচকাংকত ভাৰতৰ স্থান ১১১ সংখ্যক হৈছে ।উল্লেখ্য  ২০২২ চনত বিশ্ব ক্ষুধা সূচকাংকত ভাৰতৰ স্থান ১০৭ আছিল।  চলিত বছৰত  এই স্থান আৰু আৰু চাৰি ঢাপ  পিছুৱাই গ’ল।

 এই সূচকাংকই সেয়ে স্পষ্ট কৰি দিছে যে ভাৰতত বিগত এটা বছৰত ক্ষুধাতুৰ লোকৰ সংখ্যা কমক চাৰি বৃদ্ধিহে পাইছে।  বিশ্ব ক্ষুধা সূচকাংক প্ৰকাশ কৰাৰ পূৰ্বে বিশ্বৰ ১২১ খন দেশত অধ্যয়ন চলোৱা হৈছিল। লক্ষ্যণীয় কথাটো হ’ল বিশ্ব ক্ষুধা সূচকাংকত ভাৰতক চুবুৰীয়া পাকিস্তান (১০২), বাংলাদেশ (৮১), নেপাল (৬৯) আৰু শ্ৰীলংকাই (৬০) অতিক্ৰম কৰিছে।কেৱল সেয়াই নহয়, শেহতীয়াকৈ প্ৰকাশিত গ্লোবেল হাংগাৰ ইণ্ডেক্সে   দেখুৱাইছে যে বিশ্বৰ সকলো দেশৰ ভিতৰত ভাৰততে 'শিশুৰ অপচয়'ৰ হাৰ সৰ্বাধিক। সেয়া হৈছে ১৮.৭ শতাংশ। 

এই সূচকে ৰ শিশুসকলৰ মাজত পুষ্টিহীনতাৰ হাৰ দেখুৱায়। প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি  ভাৰতত শিশুৰ মাজত পুষ্টিহীনতাৰ হাৰ ১৬.৬ শতাংশ। একেদৰে ১৫ ৰ পৰা ২৪  বছৰ বয়সৰ মহিলাৰ ক্ষেত্ৰত  ৰক্তহীনতাৰ হাৰ  ৫৮.১ শতাংশ ।অৱশ্যে, নতুন দিল্লীয়ে এই প্ৰতিবেদন অস্বীকাৰ কৰিছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে কৈছে যে এই প্ৰতিবেদন  সঠিক নহয়। 

প্ৰতিবেদন খনত গুৰুতৰ পদ্ধতিগত ত্ৰুটি আছে। মন্ত্ৰালয়ে এক বিবৃতি অনুসৰি, শিশুৰ স্বাস্থ্যৰ অৱস্থা গণনা কৰিবলৈ ব্যৱহৃত চাৰিটা চৰ্তৰ তিনিটা কেতিয়াও সমগ্ৰ দেশৰ জনসাধাৰণৰ ভোক সূচকাংক নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি।তদুপৰি প্ৰতিবেদন যুগুত কৰিবলৈ  কেৱল ৩,০০০ শিশুৰ ওপৰত জৰীপ চলোৱা  হৈছিল। এই সূচকবোৰৰ বাবে ব্যৱহৃত তথ্য ৰাষ্ট্ৰসংঘৰ বিভিন্ন প্ৰতিবেদন আৰু অন্যান্য সংগঠনৰ পৰা লোৱা হৈছে, যাৰ ভিতৰত আছে ইউনিচেফ, বিশ্ব বেংক, খাদ্য আৰু কৃষি সংস্থা।

ইপিনে বিৰোধী দলৰ  নেতাসকলে এই প্ৰতিবেদনৰ অচিলালৈ  বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু