--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব ক্ষুধা সূচকাংকত ভাৰতৰ স্থান পূৰ্বৰ বছৰতকৈয়ো বেছি বেয়াৰ দিশে গতি কৰিলে।  ২০২৩ বৰ্ষত বিশ্ব ক্ষুধা সূচকাংকত ভাৰতৰ স্থান ১১১ সংখ্যক হৈছে ।উল্লেখ্য  ২০২২ চনত বিশ্ব ক্ষুধা সূচকাংকত ভাৰতৰ স্থান ১০৭ আছিল।  চলিত বছৰত  এই স্থান আৰু আৰু চাৰি ঢাপ  পিছুৱাই গ’ল।

 এই সূচকাংকই সেয়ে স্পষ্ট কৰি দিছে যে ভাৰতত বিগত এটা বছৰত ক্ষুধাতুৰ লোকৰ সংখ্যা কমক চাৰি বৃদ্ধিহে পাইছে।  বিশ্ব ক্ষুধা সূচকাংক প্ৰকাশ কৰাৰ পূৰ্বে বিশ্বৰ ১২১ খন দেশত অধ্যয়ন চলোৱা হৈছিল। লক্ষ্যণীয় কথাটো হ’ল বিশ্ব ক্ষুধা সূচকাংকত ভাৰতক চুবুৰীয়া পাকিস্তান (১০২), বাংলাদেশ (৮১), নেপাল (৬৯) আৰু শ্ৰীলংকাই (৬০) অতিক্ৰম কৰিছে।কেৱল সেয়াই নহয়, শেহতীয়াকৈ প্ৰকাশিত গ্লোবেল হাংগাৰ ইণ্ডেক্সে   দেখুৱাইছে যে বিশ্বৰ সকলো দেশৰ ভিতৰত ভাৰততে 'শিশুৰ অপচয়'ৰ হাৰ সৰ্বাধিক। সেয়া হৈছে ১৮.৭ শতাংশ। 

এই সূচকে ৰ শিশুসকলৰ মাজত পুষ্টিহীনতাৰ হাৰ দেখুৱায়। প্ৰতিবেদনত প্ৰকাশিত তথ্য অনুসৰি  ভাৰতত শিশুৰ মাজত পুষ্টিহীনতাৰ হাৰ ১৬.৬ শতাংশ। একেদৰে ১৫ ৰ পৰা ২৪  বছৰ বয়সৰ মহিলাৰ ক্ষেত্ৰত  ৰক্তহীনতাৰ হাৰ  ৫৮.১ শতাংশ ।অৱশ্যে, নতুন দিল্লীয়ে এই প্ৰতিবেদন অস্বীকাৰ কৰিছে। মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে কৈছে যে এই প্ৰতিবেদন  সঠিক নহয়। 

প্ৰতিবেদন খনত গুৰুতৰ পদ্ধতিগত ত্ৰুটি আছে। মন্ত্ৰালয়ে এক বিবৃতি অনুসৰি, শিশুৰ স্বাস্থ্যৰ অৱস্থা গণনা কৰিবলৈ ব্যৱহৃত চাৰিটা চৰ্তৰ তিনিটা কেতিয়াও সমগ্ৰ দেশৰ জনসাধাৰণৰ ভোক সূচকাংক নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি।তদুপৰি প্ৰতিবেদন যুগুত কৰিবলৈ  কেৱল ৩,০০০ শিশুৰ ওপৰত জৰীপ চলোৱা  হৈছিল। এই সূচকবোৰৰ বাবে ব্যৱহৃত তথ্য ৰাষ্ট্ৰসংঘৰ বিভিন্ন প্ৰতিবেদন আৰু অন্যান্য সংগঠনৰ পৰা লোৱা হৈছে, যাৰ ভিতৰত আছে ইউনিচেফ, বিশ্ব বেংক, খাদ্য আৰু কৃষি সংস্থা।

ইপিনে বিৰোধী দলৰ  নেতাসকলে এই প্ৰতিবেদনৰ অচিলালৈ  বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰিছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ