--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুদীৰ্ঘ ২৫৬  বছৰ ধৰি একেটা দুৰ্গা  মূৰ্তিতে  পূজা কৰি আহিছে এটা পৰিয়ালে। এক কথাত ২৫৬ বছৰ ধৰি সেই পূজাৰ মূৰ্তি বিসৰ্জন দিয়া হোৱা নাই। ইমান বছৰ পুৰণি যদিও সেই দুৰ্গা প্ৰতিমা পূৰ্বে যেনে আছিল আজিও তেনেই আছে।    উত্তৰ প্ৰদেশৰ বাৰাণসীত থকা এই অতি প্ৰাচীন  দুৰ্গা মূৰ্তিক  পৰম্পৰা অনুসৰি এইবেলিও  উপাসনা কৰা হ'ব। 

 বাৰাণসীৰ আটাইতকৈ পুৰণি বনেদী পৰিয়ালৰ দুৰ্গা পূজা উপলক্ষ্যে এলেকাটোত মানুহৰ মাজত আনন্দৰ লহৰ বৈ গৈছে।  দৰাচলতে হুগলীৰ জনাই ৰোডত থকা মুখাৰ্জী পৰিয়ালৰ দুৰ্গা পূজা বাৰাণসীলৈ গৈছিল। সময়টো আছিল ১৭৬৭। একে বছৰতে বাৰাণসীত প্ৰথমবাৰৰ বাবে পূজা আৰম্ভ কৰা হৈছিল। উত্তৰ প্ৰদেশৰ মদনপুৰা অঞ্চলত দুৰ্গাৰ  এটা মূৰ্তি স্থাপন কৰা হৈছিল আৰু আৰাধনা  কৰা হৈছিল।

 সেই সময়তে  দশমীত অলৌকিক ঘটনা ঘটিছিল। পৰিয়ালৰ সদস্যসহ বহুলোকে মা দুৰ্গাক বিসৰ্জন  দিবলৈ মূৰ্তিটো দাঙি ওপৰলৈ তুলিবলৈ চেষ্টা কৰিছিল। কিন্তু বহু চেষ্টাৰ পাছতো মূৰ্তিটো স্থানান্তৰ কৰিব পৰা নগ'ল। খবৰটো  সমগ্ৰ বাৰাণসীত বিয়পি পৰিল। দুৰ্গা বাটিত ভিৰ বাঢ়িবলৈ ধৰিলে।

কিন্তু সেই নিশা মুখাৰ্জী পৰিয়ালৰ এগৰাকী সদস্যই  দেৱীৰ সপোন দেখিলে। সপোনত দেৱীয়ে কৈছিল "মই ইয়াতে থাকিম। মোক ইয়াৰ পৰা বাহিৰ লৈ যাবলৈ চেষ্টা নকৰিবা"। তেতিয়াৰে পৰাই সেই দুৰ্গা মূৰ্তি বিসৰ্জন দিয়া হোৱা নাই।  কিন্তু  মুখাৰ্জী পৰিয়ালৰ সদস্যসকল অথবা আন কোনেও  নাজানে যে কেনেকৈ মাটিৰ মূৰ্তিটো ২৫০ বছৰৰো অধিক কাল ধৰি  অক্ষত অৱস্থাত আছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু