--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সুদীৰ্ঘ ২৫৬  বছৰ ধৰি একেটা দুৰ্গা  মূৰ্তিতে  পূজা কৰি আহিছে এটা পৰিয়ালে। এক কথাত ২৫৬ বছৰ ধৰি সেই পূজাৰ মূৰ্তি বিসৰ্জন দিয়া হোৱা নাই। ইমান বছৰ পুৰণি যদিও সেই দুৰ্গা প্ৰতিমা পূৰ্বে যেনে আছিল আজিও তেনেই আছে।    উত্তৰ প্ৰদেশৰ বাৰাণসীত থকা এই অতি প্ৰাচীন  দুৰ্গা মূৰ্তিক  পৰম্পৰা অনুসৰি এইবেলিও  উপাসনা কৰা হ'ব। 

 বাৰাণসীৰ আটাইতকৈ পুৰণি বনেদী পৰিয়ালৰ দুৰ্গা পূজা উপলক্ষ্যে এলেকাটোত মানুহৰ মাজত আনন্দৰ লহৰ বৈ গৈছে।  দৰাচলতে হুগলীৰ জনাই ৰোডত থকা মুখাৰ্জী পৰিয়ালৰ দুৰ্গা পূজা বাৰাণসীলৈ গৈছিল। সময়টো আছিল ১৭৬৭। একে বছৰতে বাৰাণসীত প্ৰথমবাৰৰ বাবে পূজা আৰম্ভ কৰা হৈছিল। উত্তৰ প্ৰদেশৰ মদনপুৰা অঞ্চলত দুৰ্গাৰ  এটা মূৰ্তি স্থাপন কৰা হৈছিল আৰু আৰাধনা  কৰা হৈছিল।

 সেই সময়তে  দশমীত অলৌকিক ঘটনা ঘটিছিল। পৰিয়ালৰ সদস্যসহ বহুলোকে মা দুৰ্গাক বিসৰ্জন  দিবলৈ মূৰ্তিটো দাঙি ওপৰলৈ তুলিবলৈ চেষ্টা কৰিছিল। কিন্তু বহু চেষ্টাৰ পাছতো মূৰ্তিটো স্থানান্তৰ কৰিব পৰা নগ'ল। খবৰটো  সমগ্ৰ বাৰাণসীত বিয়পি পৰিল। দুৰ্গা বাটিত ভিৰ বাঢ়িবলৈ ধৰিলে।

কিন্তু সেই নিশা মুখাৰ্জী পৰিয়ালৰ এগৰাকী সদস্যই  দেৱীৰ সপোন দেখিলে। সপোনত দেৱীয়ে কৈছিল "মই ইয়াতে থাকিম। মোক ইয়াৰ পৰা বাহিৰ লৈ যাবলৈ চেষ্টা নকৰিবা"। তেতিয়াৰে পৰাই সেই দুৰ্গা মূৰ্তি বিসৰ্জন দিয়া হোৱা নাই।  কিন্তু  মুখাৰ্জী পৰিয়ালৰ সদস্যসকল অথবা আন কোনেও  নাজানে যে কেনেকৈ মাটিৰ মূৰ্তিটো ২৫০ বছৰৰো অধিক কাল ধৰি  অক্ষত অৱস্থাত আছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ