--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
হাৰিয়ানাৰ সোতৰ বছৰীয়া কিশোৰী অন্তিম এতিয়া হৈ পৰিছে সমগ্ৰ দেশৰ বাবে গৌৰৱৰ কাৰণ। মাত্ৰ সোতৰ বছৰ বয়সতে ইতিহাস ৰচনা কৰিলে অন্তিমে। বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বীপৰ মহিলা শাখাত সোণৰ পদক লাভ কৰা তেওঁ একমাত্ৰ ভাৰতীয়। 

বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বীপৰ চূড়ান্ত খেলখনত কাজাখাস্থানৰ  অল্টিন শ্বাগায়েভাক ৮-০ নম্বৰত পৰাজিত কৰে ভাৰতৰ অন্তিমে৷ ইউৰোপীয় চেম্পিয়ন অ’লিভিয়া এণ্ডৰিছক পৰাস্ত কৰি তেওঁ চূড়ান্ত খেলখনত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল৷আনকি জাপানৰ আয়াকা কিমুৰাক নিমিষতে পৰাস্ত কৰিবলৈ সক্ষম হৈছিল অন্তিম৷

এক প্ৰত্যাহ্বানমূলক যাত্ৰাৰ পিছতহে অন্তিমে এই পদক লাভ কৰিছিল৷  পৰিয়ালৰ পৰা লাভ কৰা নিস্বাৰ্থ সমৰ্থনে অন্তিমক এই সাফল্য লাভ কৰাত  যথেষ্ট অৰিহণা যোগাইছিল৷ 

২০০৪ চনত ৰাম নিৱাস পাঙ্ঘল আৰু তেওঁৰ পত্নীয়ে তেওঁলোকৰ চতুৰ্থটি সন্তান লাভ কৰিছিল৷ হাৰিয়ানাৰ হিচাৰ জিলাত বাস কৰা এই দম্পতীটোৰ ইতিমধ্যে তিনিগৰাকী জীয়ৰী আছিল৷ আৰু শেষত জন্ম হোৱা কন্যা সন্তানটিৰ নাম থৈছিল -অন্তিম৷

পিতৃৰ দ্বাৰা অনুপ্ৰাণিত হৈ খেলপথাৰত ভৰি থোৱাৰ কৰা ভাবিছিল অন্তিমে৷ অন্তিমৰ এগৰাকী ভগ্নী ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী কাবাদি খেলুৱৈ৷ অন্তিম দহ বছৰীয়া হৈ থাকোতেই মল্লযুঁজৰ এক অনুষ্ঠান দেখুৱাবলৈ হিচাৰ জিলাৰ মহাবীৰ ষ্টেডিয়ামলৈ লৈ গৈছিল ভগ্নীয়ে৷ 

অন্তিমে মল্লযুদ্ধ খেলিব লাগে বুলি পৰামৰ্শ দিছিল ভগ্নীয়ে ৷ কুস্তি খেলিমেই বুলি নিজৰ মতত অটল হৈ আছিল অন্তিম৷ তদুপৰি মহাবীৰ ষ্টেডিয়ামৰ ৰোশনি দেৱীয়েও অন্তিমক এই  যাত্ৰাত যথেষ্ট সহায় কৰিছিল৷ 

এই দীঘলীয়া যাত্ৰাত যথেষ্ট সংকটৰো সন্মুখীন হৈছে অন্তিম আৰু অন্তিমৰ পিতৃ মাতৃ৷ কিন্তু লক্ষ্যত উপনীত হোৱাৰ পৰা কোনেও তেওঁলোকক বাধা দিব পৰা নাই৷ আজি অন্তিমৰ এই সাফল্যত সকলো ভাৰতীয় উৎফুল্লিত হৈ পৰিছে৷ তদুপৰি মল্লযুঁজেই নিজৰ পৰিচয় বুলি গৰ্ব কৰিছে অন্তিমে৷  











 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক