--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
হাৰিয়ানাৰ সোতৰ বছৰীয়া কিশোৰী অন্তিম এতিয়া হৈ পৰিছে সমগ্ৰ দেশৰ বাবে গৌৰৱৰ কাৰণ। মাত্ৰ সোতৰ বছৰ বয়সতে ইতিহাস ৰচনা কৰিলে অন্তিমে। বিশ্ব মল্লযুদ্ধ চেম্পিয়নশ্বীপৰ মহিলা শাখাত সোণৰ পদক লাভ কৰা তেওঁ একমাত্ৰ ভাৰতীয়। 

বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বীপৰ চূড়ান্ত খেলখনত কাজাখাস্থানৰ  অল্টিন শ্বাগায়েভাক ৮-০ নম্বৰত পৰাজিত কৰে ভাৰতৰ অন্তিমে৷ ইউৰোপীয় চেম্পিয়ন অ’লিভিয়া এণ্ডৰিছক পৰাস্ত কৰি তেওঁ চূড়ান্ত খেলখনত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল৷আনকি জাপানৰ আয়াকা কিমুৰাক নিমিষতে পৰাস্ত কৰিবলৈ সক্ষম হৈছিল অন্তিম৷

এক প্ৰত্যাহ্বানমূলক যাত্ৰাৰ পিছতহে অন্তিমে এই পদক লাভ কৰিছিল৷  পৰিয়ালৰ পৰা লাভ কৰা নিস্বাৰ্থ সমৰ্থনে অন্তিমক এই সাফল্য লাভ কৰাত  যথেষ্ট অৰিহণা যোগাইছিল৷ 

২০০৪ চনত ৰাম নিৱাস পাঙ্ঘল আৰু তেওঁৰ পত্নীয়ে তেওঁলোকৰ চতুৰ্থটি সন্তান লাভ কৰিছিল৷ হাৰিয়ানাৰ হিচাৰ জিলাত বাস কৰা এই দম্পতীটোৰ ইতিমধ্যে তিনিগৰাকী জীয়ৰী আছিল৷ আৰু শেষত জন্ম হোৱা কন্যা সন্তানটিৰ নাম থৈছিল -অন্তিম৷

পিতৃৰ দ্বাৰা অনুপ্ৰাণিত হৈ খেলপথাৰত ভৰি থোৱাৰ কৰা ভাবিছিল অন্তিমে৷ অন্তিমৰ এগৰাকী ভগ্নী ৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী কাবাদি খেলুৱৈ৷ অন্তিম দহ বছৰীয়া হৈ থাকোতেই মল্লযুঁজৰ এক অনুষ্ঠান দেখুৱাবলৈ হিচাৰ জিলাৰ মহাবীৰ ষ্টেডিয়ামলৈ লৈ গৈছিল ভগ্নীয়ে৷ 

অন্তিমে মল্লযুদ্ধ খেলিব লাগে বুলি পৰামৰ্শ দিছিল ভগ্নীয়ে ৷ কুস্তি খেলিমেই বুলি নিজৰ মতত অটল হৈ আছিল অন্তিম৷ তদুপৰি মহাবীৰ ষ্টেডিয়ামৰ ৰোশনি দেৱীয়েও অন্তিমক এই  যাত্ৰাত যথেষ্ট সহায় কৰিছিল৷ 

এই দীঘলীয়া যাত্ৰাত যথেষ্ট সংকটৰো সন্মুখীন হৈছে অন্তিম আৰু অন্তিমৰ পিতৃ মাতৃ৷ কিন্তু লক্ষ্যত উপনীত হোৱাৰ পৰা কোনেও তেওঁলোকক বাধা দিব পৰা নাই৷ আজি অন্তিমৰ এই সাফল্যত সকলো ভাৰতীয় উৎফুল্লিত হৈ পৰিছে৷ তদুপৰি মল্লযুঁজেই নিজৰ পৰিচয় বুলি গৰ্ব কৰিছে অন্তিমে৷  











 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু