--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰিকেটৰ জগতখনত আক্ৰমণাত্মক বেটিঙৰ কথা ক’লে পোনপ্ৰথমেই নিশ্চয় উচ্চাৰিত হ'ব বীৰেন্দ্ৰ ছেহৱাগৰ নাম। মাৰমুখী বেটিঙেৰে বিপক্ষৰ বলাৰক ত্ৰাহি মধুসূদন দেখুওৱা ছেহৱাগক ভাৰতীয় ক্ৰিকেট দলৰ ইতিহাসত অন্যতম শ্ৰেষ্ঠ অপেনাৰ হিচাপে স্বীকৃতি দিয়া হয়। টেষ্ট, এদিনীয়া, টি-২০ —যিয়েই নহওক কিয়, ক্ৰিকেটৰ আটাইকেইটা ফৰ্মেটতে স্বভাৱসিদ্ধ আক্ৰমণাত্মক শৈলীৰেই বেটিং কৰে ছেহৱাগে। সন্মুখত লাগিলে স্পীডষ্টাৰ আখটাৰেই থাকক বা ব্ৰেট লী, মুৰুলীধৰণেই থাকক বা ৱাৰ্ন; নিৰ্বিকাৰ ছেহৱাগ। লক্ষ্য এটাই, বাউণ্ডেৰীৰ বাহিৰলৈ পঠাব লাগে বল আৰু খৰতকীয়াকৈ সংগ্ৰহ কৰিব লাগে ৰান। পিছে এনে কৰিবলৈ গৈ কেতিয়াবা সোনকালেই পেভিলিয়নমুখীও হ’বলগীয়া হয়, তথাপি নিজৰ এই আক্ৰমণাত্মক বেটিং ষ্টাইল অব্যাহত ৰাখি ছেহৱাগে দলক প্ৰদান কৰে এক সুদৃঢ় আৰম্ভণি।

পিছে দেশৰ এগৰাকী শ্ৰেষ্ঠ অপেনিং বেটাৰ হিচাপে পৰিগণিত হোৱালৈকে ছেহৱাগৰ যাত্ৰাও যথেষ্ট আকৰ্ষণীয়। প্ৰথম অৱস্থাত দলৰ বেটিং লাইন আপৰ ষষ্ঠ বা সপ্তম স্থানত, কেতিয়াবা পঞ্চম স্থানত বেটিং কৰিছিল ছেহৱাগে। গতিকে প্ৰায়ে ছেহৱাগে নিজকে প্ৰকাশ কৰাৰ ভাল সুযোগ পোৱা নাছিল। তথাপি নিম্নক্ৰমৰ স্থানতে বেটিং কৰিবলৈ আহি ছেহৱাগে আক্ৰমণাত্মক শৈলীৰে বেটিং কৰি কিছু প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল।

পিছে দেশৰ হৈ ইনিংছ আৰম্ভ কৰাৰ সুযোগ পোৱাৰ পিছতহে ছেহৱাগৰ কেৰিয়াৰে উত্থানৰ সুযোগ পাইছিল। ইনিংছ আৰম্ভ কৰিয়ে আক্ৰমণাত্মক ষ্ট্ৰোকেৰে ভাৰতৰ ক্ৰিকেট অনুৰাগীসকলক এক নতুন উদ্যম আনি দিছিল ছেহৱাগে। পিছে অনুৰাগীয়ে আনন্দ পালেও বিপক্ষৰ বলাৰসকলৰ বাবে ছেহৱাগৰ এই বেটিং তাণ্ডৱ দুঃস্বপ্নতকৈ কোনোগুণে কম নাছিল।

মিডল অৰ্ডাৰৰ পৰা অপেনিঙলৈ ছেহৱাগৰ এই উত্থান  ভাৰতীয় ক্ৰিকেটৰ বাবেই এক টাৰ্ণিং পইণ্ট হিচাপে বিবেচিত হৈছিল। পিছে ছেহৱাগৰ এই উত্থানৰ আঁৰত কোন আছিল সেয়া জানেনে? সেই সময়ত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কৰ দায়িত্বত আছিল সৌৰভ গাঙ্গুলী। গতিকে ছেহৱাগক এই নতুন দায়িত্ব দিয়াৰ কৃতিত্ব নিশ্চয় গাঙ্গুলীলৈ যাব। 

পিছে গাঙ্গুলীক এই সিদ্ধান্ত গ্ৰহণত পৰামৰ্শ দিছিল আন এগৰাকী ক্ৰিকেটাৰেহে। তাতে তেওঁ কোনো বিশেষজ্ঞ বেটাৰো নাছিল, আছিল এগৰাকী বিশেষজ্ঞ বলাৰহে। শেহতীয়াকৈ এক ক্ৰিকেট বিষয়ক অনুষ্ঠানত ছেহৱাগে নিজেই এই সিদ্ধান্তৰ আঁৰত থকা খেলুৱৈগৰাকীৰ নাম প্ৰকাশ কৰিছে। ষ্টাৰ স্পৰ্টছত সম্প্ৰচাৰিত এই অনুষ্ঠানটোত অংশ লৈছিল  পাকিস্তানৰ প্ৰাক্তন স্পীডষ্টাৰ ছোৱেইব আখটাৰ আৰু ছেহৱাগ।

দুয়োগৰাকী প্ৰাক্তন খেলুৱৈয়ে বাৰ্তালাপত বিপক্ষ খেলুৱৈ হিচাপে সেই সময়ৰ নানা স্মৃতি ৰোমন্থন কৰে। বাৰ্তালাপৰ মাজতে আখটাৰে ছেহৱাগক ভাৰতৰ হৈ বেটিং আৰম্ভ কৰাৰ সিদ্ধান্ত কোনে লৈছিল বুলি প্ৰশ্ন কৰে। এই প্ৰশ্নৰ উত্তৰতে ছেহৱাগে উল্লেখ কৰে নিজৰ কেৰিয়াৰৰ উত্থানত চমকপ্ৰদ প্ৰভাৱ পেলোৱা এই দিকনিৰ্ণয়কাৰী  সিদ্ধান্তৰ আঁৰত থকা খেলুৱৈগৰাকীৰ নাম।

আখটাৰৰ প্ৰশ্নৰ উত্তৰত ছেহৱাগে জানিবলৈ দিয়া মতে এই ধাৰণাটো প্ৰথমে সমুখলৈ আনিছিল তাৰকা বেগী বলাৰ জাহিৰ খানে। জাহিৰ খানেই সৌৰভ গাংগুলীক ছেহৱাগৰ নাম অপেনিঙৰ বাবে গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। তাৰ পিছতেই মিডল অৰ্ডাৰত বেটিং কৰা ছেহৱাগৰ কান্ধত পৰে অপেনিঙৰ দায়িত্ব।

ছেহৱাগে এই বিশেষ সিদ্ধান্তৰ বিষয়ে ৰাজহুৱা কৰাৰ পিছতে ক্ৰিকেট অনুৰাগীসকলৰ মাজত এই বিষয়ক লৈ যথেষ্ট চৰ্চা চলিছে। এনে এটা যুগান্তকাৰী সিদ্ধান্তৰ বাবে জাহিৰ খানক কৃতজ্ঞতা জনোৱাৰ লগতে তেওঁৰ প্ৰতিভা চিনাক্তকৰণৰ দক্ষতাকো শলাগ লয় অনুৰাগীসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক