--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰিকেটৰ জগতখনত আক্ৰমণাত্মক বেটিঙৰ কথা ক’লে পোনপ্ৰথমেই নিশ্চয় উচ্চাৰিত হ'ব বীৰেন্দ্ৰ ছেহৱাগৰ নাম। মাৰমুখী বেটিঙেৰে বিপক্ষৰ বলাৰক ত্ৰাহি মধুসূদন দেখুওৱা ছেহৱাগক ভাৰতীয় ক্ৰিকেট দলৰ ইতিহাসত অন্যতম শ্ৰেষ্ঠ অপেনাৰ হিচাপে স্বীকৃতি দিয়া হয়। টেষ্ট, এদিনীয়া, টি-২০ —যিয়েই নহওক কিয়, ক্ৰিকেটৰ আটাইকেইটা ফৰ্মেটতে স্বভাৱসিদ্ধ আক্ৰমণাত্মক শৈলীৰেই বেটিং কৰে ছেহৱাগে। সন্মুখত লাগিলে স্পীডষ্টাৰ আখটাৰেই থাকক বা ব্ৰেট লী, মুৰুলীধৰণেই থাকক বা ৱাৰ্ন; নিৰ্বিকাৰ ছেহৱাগ। লক্ষ্য এটাই, বাউণ্ডেৰীৰ বাহিৰলৈ পঠাব লাগে বল আৰু খৰতকীয়াকৈ সংগ্ৰহ কৰিব লাগে ৰান। পিছে এনে কৰিবলৈ গৈ কেতিয়াবা সোনকালেই পেভিলিয়নমুখীও হ’বলগীয়া হয়, তথাপি নিজৰ এই আক্ৰমণাত্মক বেটিং ষ্টাইল অব্যাহত ৰাখি ছেহৱাগে দলক প্ৰদান কৰে এক সুদৃঢ় আৰম্ভণি।

পিছে দেশৰ এগৰাকী শ্ৰেষ্ঠ অপেনিং বেটাৰ হিচাপে পৰিগণিত হোৱালৈকে ছেহৱাগৰ যাত্ৰাও যথেষ্ট আকৰ্ষণীয়। প্ৰথম অৱস্থাত দলৰ বেটিং লাইন আপৰ ষষ্ঠ বা সপ্তম স্থানত, কেতিয়াবা পঞ্চম স্থানত বেটিং কৰিছিল ছেহৱাগে। গতিকে প্ৰায়ে ছেহৱাগে নিজকে প্ৰকাশ কৰাৰ ভাল সুযোগ পোৱা নাছিল। তথাপি নিম্নক্ৰমৰ স্থানতে বেটিং কৰিবলৈ আহি ছেহৱাগে আক্ৰমণাত্মক শৈলীৰে বেটিং কৰি কিছু প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল।

পিছে দেশৰ হৈ ইনিংছ আৰম্ভ কৰাৰ সুযোগ পোৱাৰ পিছতহে ছেহৱাগৰ কেৰিয়াৰে উত্থানৰ সুযোগ পাইছিল। ইনিংছ আৰম্ভ কৰিয়ে আক্ৰমণাত্মক ষ্ট্ৰোকেৰে ভাৰতৰ ক্ৰিকেট অনুৰাগীসকলক এক নতুন উদ্যম আনি দিছিল ছেহৱাগে। পিছে অনুৰাগীয়ে আনন্দ পালেও বিপক্ষৰ বলাৰসকলৰ বাবে ছেহৱাগৰ এই বেটিং তাণ্ডৱ দুঃস্বপ্নতকৈ কোনোগুণে কম নাছিল।

মিডল অৰ্ডাৰৰ পৰা অপেনিঙলৈ ছেহৱাগৰ এই উত্থান  ভাৰতীয় ক্ৰিকেটৰ বাবেই এক টাৰ্ণিং পইণ্ট হিচাপে বিবেচিত হৈছিল। পিছে ছেহৱাগৰ এই উত্থানৰ আঁৰত কোন আছিল সেয়া জানেনে? সেই সময়ত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কৰ দায়িত্বত আছিল সৌৰভ গাঙ্গুলী। গতিকে ছেহৱাগক এই নতুন দায়িত্ব দিয়াৰ কৃতিত্ব নিশ্চয় গাঙ্গুলীলৈ যাব। 

পিছে গাঙ্গুলীক এই সিদ্ধান্ত গ্ৰহণত পৰামৰ্শ দিছিল আন এগৰাকী ক্ৰিকেটাৰেহে। তাতে তেওঁ কোনো বিশেষজ্ঞ বেটাৰো নাছিল, আছিল এগৰাকী বিশেষজ্ঞ বলাৰহে। শেহতীয়াকৈ এক ক্ৰিকেট বিষয়ক অনুষ্ঠানত ছেহৱাগে নিজেই এই সিদ্ধান্তৰ আঁৰত থকা খেলুৱৈগৰাকীৰ নাম প্ৰকাশ কৰিছে। ষ্টাৰ স্পৰ্টছত সম্প্ৰচাৰিত এই অনুষ্ঠানটোত অংশ লৈছিল  পাকিস্তানৰ প্ৰাক্তন স্পীডষ্টাৰ ছোৱেইব আখটাৰ আৰু ছেহৱাগ।

দুয়োগৰাকী প্ৰাক্তন খেলুৱৈয়ে বাৰ্তালাপত বিপক্ষ খেলুৱৈ হিচাপে সেই সময়ৰ নানা স্মৃতি ৰোমন্থন কৰে। বাৰ্তালাপৰ মাজতে আখটাৰে ছেহৱাগক ভাৰতৰ হৈ বেটিং আৰম্ভ কৰাৰ সিদ্ধান্ত কোনে লৈছিল বুলি প্ৰশ্ন কৰে। এই প্ৰশ্নৰ উত্তৰতে ছেহৱাগে উল্লেখ কৰে নিজৰ কেৰিয়াৰৰ উত্থানত চমকপ্ৰদ প্ৰভাৱ পেলোৱা এই দিকনিৰ্ণয়কাৰী  সিদ্ধান্তৰ আঁৰত থকা খেলুৱৈগৰাকীৰ নাম।

আখটাৰৰ প্ৰশ্নৰ উত্তৰত ছেহৱাগে জানিবলৈ দিয়া মতে এই ধাৰণাটো প্ৰথমে সমুখলৈ আনিছিল তাৰকা বেগী বলাৰ জাহিৰ খানে। জাহিৰ খানেই সৌৰভ গাংগুলীক ছেহৱাগৰ নাম অপেনিঙৰ বাবে গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। তাৰ পিছতেই মিডল অৰ্ডাৰত বেটিং কৰা ছেহৱাগৰ কান্ধত পৰে অপেনিঙৰ দায়িত্ব।

ছেহৱাগে এই বিশেষ সিদ্ধান্তৰ বিষয়ে ৰাজহুৱা কৰাৰ পিছতে ক্ৰিকেট অনুৰাগীসকলৰ মাজত এই বিষয়ক লৈ যথেষ্ট চৰ্চা চলিছে। এনে এটা যুগান্তকাৰী সিদ্ধান্তৰ বাবে জাহিৰ খানক কৃতজ্ঞতা জনোৱাৰ লগতে তেওঁৰ প্ৰতিভা চিনাক্তকৰণৰ দক্ষতাকো শলাগ লয় অনুৰাগীসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু