--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মহিলা ক্ৰিকেট বিশ্বৰ কিংবদন্তীত পৰিণত হোৱা ভাৰতীয় তাৰকা পেচাৰ ঝুলন গোস্বামীয়ে বিদায় জনাবলৈ সাজু হৈছে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেটক। ইংলেণ্ডৰ বিৰুদ্ধে আগন্তুক শৃংখলাৰ অন্তিমখন এদিনীয়াৰ পিছতে আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ যৱনিকা পেলাব গোস্বামীয়ে। ৩৯ বছৰ বয়সতো ভাৰতীয় ক্ৰিকেট দলটোৰ বলিং আক্ৰমণৰ নেতৃত্ব বহন কৰি থকা ঝুলন গোস্বামীৰ এই সিদ্ধান্তৰ কথা ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ এক সূত্ৰই প্ৰকাশ কৰিছে।

মহিলা ক্ৰিকেটৰ ইতিহাসত সৰ্বকালৰ এগৰাকী শ্ৰেষ্ঠ বেগী বলাৰ তথা কেথ্ৰিন ফিটজপেট্ৰিকৰ অৱসৰৰ পিছত দ্ৰুততম বলাৰ হিচাপে পৰিগণিত গোস্বামীয়ে ইতিপূৰ্বে ২০১৮ চনৰ আগষ্টত টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল। উল্লেখ্য যে চলিত বৰ্ষৰ মাৰ্চত অনুষ্ঠিত হোৱা মহিলা বিশ্বকাপৰ পাছৰ পৰাই মহিলা বিশ্বকাপৰ পাছৰ পৰাই ভাৰতীয় দলৰ বাহিৰত আছে গোস্বামী। শ্ৰীলংকাৰ বিৰুদ্ধে শেহতীয়া এদিনীয়া শৃংখলাত তেওঁক বিশ্ৰাম দিয়া হৈছিল।

২০০২ চনৰ ৬ জানুৱাৰীত চেন্নাইত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ হৈ অভিষেক ঘটোৱাৰ পিছত নিজৰ ২০ বছৰীয়া ক্ৰিকেট কেৰিয়াৰত ঝুলন গোস্বামী মহিলা ক্ৰিকেট ইতিহাসৰ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী বলাৰ হিচাপে পৰিগণিত হৈছে। তিনিওটা ফৰ্মেটত বৰ্তমানলৈকে ৩৫২ টা উইকেট দখল কৰিছে কিংবদন্তী বলাৰগৰাকীয়ে।

কেৰিয়াৰৰ ১২ খন টেষ্ট, ১৯৯ খন এদিনীয়া আৰু ৬৮ খন টি-২০ ত ঝুলন গোস্বামীৰ নামত আছে ক্ৰমে ৪৪, ২৫০ আৰু ৫৬ টা উইকেট। তদুপৰি নিম্নক্ৰমত এগৰাকী বেটাৰ হিচাপেও তাৰকাগৰাকীয়ে টেষ্টত দুটা অৰ্ধশতকসহ ২৯১, এদিনীয়াত এটা অৰ্ধশতকসহ ১,২২৬ আৰু টি-২০ ত ৪০৫ ৰান সংগ্ৰহ কৰিছে।

উল্লেখ্য যে ২০১৭ চনৰ মে’ মাহত কেথ্ৰিন ফিটজপেট্ৰিকৰ নামত থকা সৰ্বাধিক এদিনীয়া উইকেট (১৮০) ৰ ৰেকৰ্ড ভংগ কৰি এদিনীয়াত এক নতুন অভিলেখ স্থাপন কৰিছিল। তাৰ পিছতে ২০১৮ চনৰ ৭ ফেব্ৰুৱাৰীত এদিনীয়াত ২০০ টা উইকেট দখল কৰা বিশ্বৰ প্ৰথম গৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছিল গোস্বামী। বিগত বিশ্বকাপত ঝুলনে আন এক ঈৰ্ষণীয় সাফল্যৰে এদিনীয়াত স্পৰ্শ কৰিছিল ২৫০ টা উইকেটৰ মাইলষ্ট’ন।

এই দীঘলীয়া কেৰিয়াৰত চাৰিখনকৈ বিশ্বকাপতো ভাৰতক প্ৰতিনিধিত্ব কৰা তাৰকাগৰাকীয়ে ভাৰতীয় দলটোৰ অধিনায়কৰ দায়িত্বও বহন কৰিছিল। ২০০৭ চনত আই চি চি- ৰ বৰ্ষশ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰৰ সন্মান লাভ কৰা গোস্বামীক ২০১০ চনত অৰ্জুন সন্মান আৰু ২০১২ চনত পদ্মশ্ৰীৰে সন্মানিত কৰে ভাৰত চৰকাৰে।

উল্লেখ্য যে বিগত মহিলা বিশ্বকাপৰ পাছতে আন এগৰাকী কিংবদন্তী ভাৰতীয় মহিলা ক্ৰিকেট তাৰকা মিতালী ৰাজেও অৱসৰ গ্ৰহণ কৰিছিল। মিতালীৰ নামতে আছে আন্ত:ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটৰ সৰ্বাধিক ৰানৰ অভিলেখ। এতিয়া আন্ত:ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটৰ সৰ্বাধিক উইকেট দখলকাৰী বলাৰ ঝুলন গোস্বামীৰ অৱসৰে মহিলা ক্ৰিকেটৰ এক গৌৰৱময় যুগৰ অন্ত পেলাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক