--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘আন্তৰ্জাতিক মুদ্ৰা নিধি’-‘আইএমএফ’য়েগোলকীয় প্ৰত্যাহ্বানৰ মাজতো ভাৰতে সম্ভৱ কৰা অৰ্থনৈতিক স্থিতিস্থাপকতা আৰু বিকাশক প্ৰশংসা কৰিছে। সংস্থাটোৱে ইয়াৰ ‘অনুচ্ছেদ-চতুৰ্থবাৰ্ষিক পৰামৰ্শ প্ৰতিবেদন’ত কৈছে যে ভাৰতে এক তাৰকা প্ৰদৰ্শক হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু গোলকীয় বিকাশৰ ১৬ শতাংশতকৈয়ো অধিক অৰিহণা যোগাব বুলি অনুমান কৰা হৈছে। প্ৰতিবেদনখনত কোৱা হৈছে,  সামগ্ৰিক অৰ্থনৈতিক নীতিৰ বিচক্ষণতাৰ সহায়তভাৰত এই বছৰ বিশ্বৰ দ্ৰুততম বিকাশশীল মুখ্য অৰ্থনীতিসমূহৰ ভিতৰত অন্যতমহোৱাৰ পথত আগবাঢ়িছে।

প্ৰতিবেদনখনত লক্ষ্য কৰা হৈছে যে আন্তঃগাঁথনিত বিনিয়োগ কৰিবলৈ আৰু বিকাশৰ বাবে এক দৃঢ় ভিত্তিৰ বাবে প্ৰয়োজনীয় ‘লজিষ্টিক’ বিকশিত কৰিবলৈ চৰকাৰে যথেষ্ট হাৰত শক্তিশালী প্ৰচেষ্টা চলাই আছে। "চৰকাৰে কেইবাটাও গাঁথনিগত সংস্কাৰ কৰিছে। ইয়াৰ ভিতৰত ধ্বজাবাহী হৈছে‘ডিজিটেলকৰণ’।বিগত বহু বছৰ ধৰি ই বিকশিতহৈছে আৰু ভৱিষ্যতে উৎপাদনশীলতা আৰু বিকাশবৃদ্ধিকৰিব পৰাকৈ ভাৰতক এক শক্তিশালী মঞ্চত অৱতীৰ্ণ কৰাব"।  প্ৰতিবেদনখনত চলিত বিত্তীয় বৰ্ষত ভাৰতীয় অৰ্থনীতি ৬.৩% হাৰত বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে।

‘আইএমএফ’-য়ে কয়, "যদি ব্যাপক হাৰত সংস্কাৰ প্ৰক্ৰিয়া কাৰ্যকৰী কৰা হয়, তেন্তে শ্ৰমিক আৰু মানৱ মূলধনৰ অধিক অৱদানৰে ভাৰতৰ আৰু অধিক বিকাশৰ সম্ভাৱনা আছে।" নীতিগত প্ৰাথমিকতাসমূহে ‘বিত্তীয় বাফাৰ’ পুনৰ পূৰণ কৰা, মূল্যৰ স্থিৰতা সুৰক্ষিত কৰা, বিত্তীয় স্থিৰতা বজাই ৰখা, আৰু ব্যাপক গাঁথনিগত সংস্কাৰৰ জৰিয়তে সামগ্ৰিক বিকাশ ত্বৰান্বিত কৰত গুৰুত্ব দিব লাগে বুলি ই পৰামৰ্শ দিয়ে।

‘আইএমএফ’-য়ে‘আৰবিআই’-ৰ সক্ৰিয় মুদ্ৰা নীতিৰ পদক্ষেপ আৰু মূল্য স্থিৰতাৰ প্ৰতি প্ৰদান কৰা দৃঢ় প্ৰতিশ্ৰুতিৰ প্ৰশংসা কৰিছে। বৰ্তমানৰ নিৰপেক্ষ মুদ্ৰা নীতিৰ স্থিতি, ‘ডাটা’ নিৰ্ভৰশীল দৃষ্টিভংগীআধাৰিত, উপযুক্ত আৰু লাহে লাহে মুদ্ৰাস্ফীতিক লক্ষ্যলৈ ঘূৰাই অনাৰ প্ৰসংগত ই সন্মতিপ্ৰদান কৰিছে। ‘ভাৰতীয় ৰিজাৰ্ভ বেঙ্ক’ৰ ‘মুদ্ৰা নীতি সমিতি’য়ে সামগ্ৰীসমূহৰ গোলকীয়মূল্য বৃদ্ধিৰ পিছত উচ্চ মুদ্ৰাস্ফীতি হ্ৰাস কৰিবলৈ ২০২২-২৩ বৰ্ষত নীতিগত ‘ৰেপো ৰেট’২৫০‘বেছিছ পইণ্ট’হাৰত বৃদ্ধি কৰি ৬.৫ শতাংশলৈ বৃদ্ধি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক