--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘আন্তৰ্জাতিক মুদ্ৰা নিধি’-‘আইএমএফ’য়েগোলকীয় প্ৰত্যাহ্বানৰ মাজতো ভাৰতে সম্ভৱ কৰা অৰ্থনৈতিক স্থিতিস্থাপকতা আৰু বিকাশক প্ৰশংসা কৰিছে। সংস্থাটোৱে ইয়াৰ ‘অনুচ্ছেদ-চতুৰ্থবাৰ্ষিক পৰামৰ্শ প্ৰতিবেদন’ত কৈছে যে ভাৰতে এক তাৰকা প্ৰদৰ্শক হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু গোলকীয় বিকাশৰ ১৬ শতাংশতকৈয়ো অধিক অৰিহণা যোগাব বুলি অনুমান কৰা হৈছে। প্ৰতিবেদনখনত কোৱা হৈছে,  সামগ্ৰিক অৰ্থনৈতিক নীতিৰ বিচক্ষণতাৰ সহায়তভাৰত এই বছৰ বিশ্বৰ দ্ৰুততম বিকাশশীল মুখ্য অৰ্থনীতিসমূহৰ ভিতৰত অন্যতমহোৱাৰ পথত আগবাঢ়িছে।

প্ৰতিবেদনখনত লক্ষ্য কৰা হৈছে যে আন্তঃগাঁথনিত বিনিয়োগ কৰিবলৈ আৰু বিকাশৰ বাবে এক দৃঢ় ভিত্তিৰ বাবে প্ৰয়োজনীয় ‘লজিষ্টিক’ বিকশিত কৰিবলৈ চৰকাৰে যথেষ্ট হাৰত শক্তিশালী প্ৰচেষ্টা চলাই আছে। "চৰকাৰে কেইবাটাও গাঁথনিগত সংস্কাৰ কৰিছে। ইয়াৰ ভিতৰত ধ্বজাবাহী হৈছে‘ডিজিটেলকৰণ’।বিগত বহু বছৰ ধৰি ই বিকশিতহৈছে আৰু ভৱিষ্যতে উৎপাদনশীলতা আৰু বিকাশবৃদ্ধিকৰিব পৰাকৈ ভাৰতক এক শক্তিশালী মঞ্চত অৱতীৰ্ণ কৰাব"।  প্ৰতিবেদনখনত চলিত বিত্তীয় বৰ্ষত ভাৰতীয় অৰ্থনীতি ৬.৩% হাৰত বৃদ্ধি হ'ব বুলি অনুমান কৰা হৈছে।

‘আইএমএফ’-য়ে কয়, "যদি ব্যাপক হাৰত সংস্কাৰ প্ৰক্ৰিয়া কাৰ্যকৰী কৰা হয়, তেন্তে শ্ৰমিক আৰু মানৱ মূলধনৰ অধিক অৱদানৰে ভাৰতৰ আৰু অধিক বিকাশৰ সম্ভাৱনা আছে।" নীতিগত প্ৰাথমিকতাসমূহে ‘বিত্তীয় বাফাৰ’ পুনৰ পূৰণ কৰা, মূল্যৰ স্থিৰতা সুৰক্ষিত কৰা, বিত্তীয় স্থিৰতা বজাই ৰখা, আৰু ব্যাপক গাঁথনিগত সংস্কাৰৰ জৰিয়তে সামগ্ৰিক বিকাশ ত্বৰান্বিত কৰত গুৰুত্ব দিব লাগে বুলি ই পৰামৰ্শ দিয়ে।

‘আইএমএফ’-য়ে‘আৰবিআই’-ৰ সক্ৰিয় মুদ্ৰা নীতিৰ পদক্ষেপ আৰু মূল্য স্থিৰতাৰ প্ৰতি প্ৰদান কৰা দৃঢ় প্ৰতিশ্ৰুতিৰ প্ৰশংসা কৰিছে। বৰ্তমানৰ নিৰপেক্ষ মুদ্ৰা নীতিৰ স্থিতি, ‘ডাটা’ নিৰ্ভৰশীল দৃষ্টিভংগীআধাৰিত, উপযুক্ত আৰু লাহে লাহে মুদ্ৰাস্ফীতিক লক্ষ্যলৈ ঘূৰাই অনাৰ প্ৰসংগত ই সন্মতিপ্ৰদান কৰিছে। ‘ভাৰতীয় ৰিজাৰ্ভ বেঙ্ক’ৰ ‘মুদ্ৰা নীতি সমিতি’য়ে সামগ্ৰীসমূহৰ গোলকীয়মূল্য বৃদ্ধিৰ পিছত উচ্চ মুদ্ৰাস্ফীতি হ্ৰাস কৰিবলৈ ২০২২-২৩ বৰ্ষত নীতিগত ‘ৰেপো ৰেট’২৫০‘বেছিছ পইণ্ট’হাৰত বৃদ্ধি কৰি ৬.৫ শতাংশলৈ বৃদ্ধি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক