--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা আৰু ৰাজ্যসভাৰ পৰা ১৪১ গৰাকী সাংসদক নিলম্বন কৰাৰ পিছত সংসদ চৌহদত বিৰোধী সাংসদসকলে  প্ৰতিবাদ সাব্যস্ত কৰে। এনে পৰিবাদৰ সময়তে   তৃণমূল কংগ্ৰেছৰ নিলম্বিত সাংসদ কল্যাণ বেনাৰ্জীয়ে ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰক  উপহাস কৰি কৰা  মিমিক্ৰিৱে আচৰিত কৰি তুলিছে ধনখৰক। ধনখৰে এনে কাৰ্যক  "হাস্যকৰ" আৰু "গ্ৰহণযোগ্য" নহয় বুলি মন্তব্য কৰিছে। লক্ষ্যণীয় কথাটো হ’ল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সাংসদগৰাকীয়ে কৰা মিমিক্ৰিৰ  মোবাইলত দৃশ্যগ্ৰহণ কৰি আছিল। 
 

ধনখৰে ঘটনাটো লক্ষ্য কৰি কয়, " এনেদৰে মিমিক্ৰি কৰাটো লজ্জাজনক। কোনো জ্যেষ্ঠ নেতাই এনে নকৰে।’ উল্লেখ্য  মঙলবাৰে লোকসভাৰ ৫০ জন বিৰোধী সাংসদক লোকসভাৰ পৰা নিলম্বিত কৰা হৈছে। নিলম্বিত সাংসদসকলে পৰৱৰ্তী দিনবোৰৰ বাবে শীতকালীন অধিৱেশনত উপস্থিত থাকিব নোৱাৰিব। চলিত অধিৱেশনত সৰ্বসৰ্বাধিক ১৪১ গৰাকী  বিৰোধী দলৰ  সাংসদক নিলম্বিত কৰা হৈছে। ভাৰতৰ সংসদীয়  ইতিহাসত  এনে ঘটা তেনেই বিৰল। 

কংগ্ৰেছ নেতা তথা সাংসদ মনীষ তিৱাৰীয়ে কয়, "দেশখন এখন আৰক্ষী শাসিত দেশলৈ গতি কৰিছে।’’ উল্লেখ্য   সাংসদ সুপ্ৰিয়া চুলে , মনিশ তিৱাৰী , শশী থাৰুৰ , মহম্মদ ফাইজল, কাৰ্তি চিদাম্বৰম , সুদীপ বন্দোপাধ্যায়   , দিম্পল যাদৱ , দানিশ আলি , মালা ৰয় , ৰাজীৱ ৰঞ্জন সিং , সন্তোষ কুমাৰ , প্ৰতিভা সিং , মহম্মদ ছাদিক , জগবীৰ সিং গিল , মহাবলী সিং , এম কে বিষ্ণু প্ৰসাদ , ফাৰুক আব্দুল্লা , গুৰজিত সিং , ফজলুৰ ৰহমান , ৰৱনীত সিং বিট্টু , কে সুধাকৰণ আৰু সুশীল কুমাৰ ৰিংকুক মঙলবাৰে নিলম্বন   কৰা হৈছে। 


সংসদত গেছ আক্ৰমণৰ পিছতে বিৰোধীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা সদনত বিবৃতি দাবী কৰি আহিছে৷ কিন্তু চৰকাৰে এই দাবী মানি নোলোৱাত আজিও উত্তপ্ত হৈ পৰে সদন৷ সদনত বিশৃঙ্খল পৰিস্থিতৰ  সৃষ্টি কৰাৰ অভিযোগত শীতকালীন অধিৱেশনৰ বাকী সময়ৰ বাবে কালি মুঠ ৩৩ গৰাকী  বিৰোধী সাংসদক লোকসভাৰ পৰা নিলম্বিত কৰা হৈছিল৷ শেহতীয়াকৈ সংসদৰ নিৰাপত্তা উলংঘন আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বিবৃতিৰ দাবীত বিৰোধী সদস্যসকলৰ নিৰন্তৰ প্ৰতিবাদৰ পিছত  পুনৰ ৩৩ জন সাংসদক নিলম্বিত কৰিছিল৷  

নিলম্বিত সাংসদসকলৰ ভিতৰত আছিল কংগ্ৰেছৰ অধীৰ ৰঞ্জন চৌধুৰী, ডিএমকেৰ সাংসদ টি আৰ বালু আৰু দয়ানিধি মৰাণ, আৰু টিএমচিৰ সৌগত ৰয়, কংগ্ৰেছৰ গৌৰৱ গগৈ, আব্দুল খালেক আদি৷  নিলম্বন সন্দৰ্ভত বক্তব্য ৰাখি লোকসভাৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে কয়, "মোৰ লগতে আন বহু  নেতাক নিলম্বন কৰা হৈছে৷ আমি আগতে নিলম্বিত কৰা আমাৰ সাংসদসকলক পুনৰ ঘূৰাই  আনিবলৈ  আৰু গৃহমন্ত্ৰীয়ে সদনলৈ আহি সংসদৰ নিৰাপত্তা উলংঘনৰ বিষয়ত বিবৃতি দিবলৈ কেইবাদিনো ধৰি দাবী কৰি আহিছো।" তেওঁ লগতে কয়, "আজি চৰকাৰে অত্যাচাৰৰ চৰমসীমাত  উপনীত হৈছে।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
EDৰ তালাচীত হস্তক্ষেপ কৰা মমতা বেনার্জীক ভর্ৎসনা উচ্চতম ন্যায়ালয়ৰ
গুৱাহাটীত অঘটন! উবেৰত গৈ থকা অৱস্থাত নিৰুদ্দিষ্ট শিক্ষয়িত্ৰী
পুনৰ মহানগৰীৰ স্মাৰ্ট আৰক্ষীক চেলেঞ্জ চোৰৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান