--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  সোমবাৰৰ পিছত  মঙলবাৰেও সংসদৰ পৰা  বিৰোধী সাংসদ নিলম্বনৰ ধাৰা অব্যাহত থাকিল। মঙলবাৰে লোকসভাৰ ৫০ জন বিৰোধী সাংসদক লোকসভাৰ পৰা নিলম্বিত কৰা হৈছে। নিলম্বিত সাংসদসকলে পৰৱৰ্তী দিনবোৰৰ বাবে শীতকালীন অধিৱেশনত উপস্থিত থাকিব নোৱাৰিব। চলিত অধিৱেশনত সৰ্বসৰ্বাধিক ১৪১ গৰাকী  বিৰোধী দলৰ  সাংসদক নিলম্বিত কৰা হৈছে। ভাৰতৰ সংসদীয়  ইতিহাসত  এনে ঘটা তেনেই বিৰল। 

কংগ্ৰেছ নেতা তথা সাংসদ মনীষ তিৱাৰীয়ে কয়, "দেশখন এখন আৰক্ষী শাসিত দেশলৈ গতি কৰিছে।’’ উল্লেখ্য   সাংসদ সুপ্ৰিয়া চুলে , মনিশ তিৱাৰী , শশী থাৰুৰ , মহম্মদ ফাইজল, কাৰ্তি চিদাম্বৰম , সুদীপ বন্দোপাধ্যায়   , দিম্পল যাদৱ , দানিশ আলি , মালা ৰয় , ৰাজীৱ ৰঞ্জন সিং , সন্তোষ কুমাৰ , প্ৰতিভা সিং , মহম্মদ ছাদিক , জগবীৰ সিং গিল , মহাবলী সিং , এম কে বিষ্ণু প্ৰসাদ , ফাৰুক আব্দুল্লা , গুৰজিত সিং , ফজলুৰ ৰহমান , ৰৱনীত সিং বিট্টু , কে সুধাকৰণ আৰু সুশীল কুমাৰ ৰিংকুক মঙলবাৰে নিলম্বন   কৰা হৈছে। 


সংসদত গেছ আক্ৰমণৰ পিছতে বিৰোধীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা সদনত বিবৃতি দাবী কৰি আহিছে৷ কিন্তু চৰকাৰে এই দাবী মানি নোলোৱাত আজিও উত্তপ্ত হৈ পৰে সদন৷ সদনত বিশৃঙ্খল পৰিস্থিতৰ  সৃষ্টি কৰাৰ অভিযোগত শীতকালীন অধিৱেশনৰ বাকী সময়ৰ বাবে কালি মুঠ ৩৩ গৰাকী  বিৰোধী সাংসদক লোকসভাৰ পৰা নিলম্বিত কৰা হৈছিল৷ শেহতীয়াকৈ সংসদৰ নিৰাপত্তা উলংঘন আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ বিবৃতিৰ দাবীত বিৰোধী সদস্যসকলৰ নিৰন্তৰ প্ৰতিবাদৰ পিছত  পুনৰ ৩৩ জন সাংসদক নিলম্বিত কৰিছিল৷  

নিলম্বিত সাংসদসকলৰ ভিতৰত আছিল কংগ্ৰেছৰ অধীৰ ৰঞ্জন চৌধুৰী, ডিএমকেৰ সাংসদ টি আৰ বালু আৰু দয়ানিধি মৰাণ, আৰু টিএমচিৰ সৌগত ৰয়, কংগ্ৰেছৰ গৌৰৱ গগৈ, আব্দুল খালেক আদি৷  নিলম্বন সন্দৰ্ভত বক্তব্য ৰাখি লোকসভাৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে কয়, "মোৰ লগতে আন বহু  নেতাক নিলম্বন কৰা হৈছে৷ আমি আগতে নিলম্বিত কৰা আমাৰ সাংসদসকলক পুনৰ ঘূৰাই  আনিবলৈ  আৰু গৃহমন্ত্ৰীয়ে সদনলৈ আহি সংসদৰ নিৰাপত্তা উলংঘনৰ বিষয়ত বিবৃতি দিবলৈ কেইবাদিনো ধৰি দাবী কৰি আহিছো।" তেওঁ লগতে কয়, "আজি চৰকাৰে অত্যাচাৰৰ চৰমসীমাত  উপনীত হৈছে।"

 নিলম্বিতসকলৰ মাজৰে  ৩১ জনক শীতকালীন অধিৱেশনৰ বাকী সময়ৰ বাবে নিলম্বিত কৰা হৈছিল, তিনিজনক বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদনৰ  বাবে নিলম্বিত কৰা হৈছে। কে জয়কুমাৰ, বিজয় বসন্ত আৰু আব্দুল খালেকে শ্ল'গান দিবলৈ অধ্যক্ষৰ মঞ্চত উঠিছিল। এই সাংসদসকলক নিলম্বন কৰাৰ  প্ৰস্তাৱটো সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে সদনত উপস্থাপন কৰিছিল। পিছত সেই প্ৰস্তাৱ   ধ্বনি ভোটৰ দ্বাৰা গ্ৰহণ কৰা হয়। সংসদৰ নিৰাপত্তা উলংঘনক লৈ বিৰোধী সাংসদসকলৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত লোক সভা  কালি দিনটোৰ বাবে স্থগিত ৰখা হৈছিল। 

লক্ষণীয়ভাৱে, সংসদৰ নিৰাপত্তা উলংঘনৰ এদিন পিছত ১৪ ডিচেম্বৰত লোকসভাৰ ১৩ জন সাংসদ আৰু ৰাজ্যসভাৰ এজন সাংসদক সংসদত "উচ্ছৃংখল আচৰণ"ৰ বাবে নিলম্বিত কৰা হৈছিল৷ লোকসভাৰ পৰা নিলম্বিত হোৱা সংসদসদস্যসকলৰ ভিতৰত মণিকাম ঠাকুৰ, কানিমোঝি, পি আৰ নটৰাজন, ভি কে শ্ৰীকন্দন, বেনি বাহানন, কে সুব্ৰমন্যম, এছ ভেঙ্কটেচন আৰু মহম্মদ জাৱেদ অন্যতম৷ তৃণমূল কংগ্ৰেছৰ ডেৰেক অ'ব্ৰাইন হৈছে ৰাজ্যসভাৰ  পৰা নিলম্বিত একমাত্ৰ সাংসদ৷  ৰাজ্যসভাৰ এজন সাংসদকে ধৰি এতিয়ালৈকে মুঠ  ৪৭ জন বিৰোধী সাংসদক শীতকালীন অধিৱেশনৰ বাকী দিন কেইটাৰ  বাবে সদনৰ পৰা নিলম্বিত কৰা হৈছিল।এতিয়া সেই সংখ্যা ১৪১ হ’লগৈ।
FOLLOW US F
POPULAR
FEATURE
TRENDY
স্মার্ট জলসিঞ্চন পদ্ধতিৰ উদ্ভাৱন আই আই টি, বম্বেৰ
ৰাছিয়াত বিমান দুর্ঘটনাত ৪৮জনৰ মৃত্যু
শীতল পানীয়, কুঁহিয়াৰৰ ৰস, নেমুৰ চৰবতৰ বিপণীত গ্ৰাহকৰ ভিৰ
কি কি বাস্তুদোষ থাকিলে টোপনি ব্যাহত হয়?
৭৭ বছৰত নদীত বিলীন ৰাজ্যৰ ৪৩২ গাঁও
বাৰ্ষিক টোল পাছৰ বুকিং কেতিয়াৰ পৰা আৰম্ভ হ’ব?
যুদ্ধক্ষেত্ৰত পৰিণত মুজিবুৰৰ গৃহ চহৰ গোপালগঞ্জ ;১৪জনক গ্ৰেপ্তাৰ, ২২ ঘণ্টীয়া সান্ধ্য আইন জাৰি
২ খন নাওৰ সৈতে ৩৪ জন ভাৰতীয় মাছমৰীয়াক আটক
ট্ৰাম্পৰ ভ্ৰমণ খবৰ মিছা ! স্পষ্টীকৰণ হোৱাইট হাউচৰ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
মাজুলীৰ পথাৰত ছিঁৰাল ফাট