--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত মানুহৰ বাবে মেছেজ আদান-প্ৰদান এক অপৰিহাৰ্য অংগ হৈ পৰিছে। ফোনত কথা নপতাকৈয়ে মেছেজ পঠিয়াই নানা বাৰ্তালাপ কৰিব পাৰি। চিঠিৰ স্থান কেতিয়াবাই দখল কৰিলে মেছেজে। পিছে আপুনি জানেনে বিশ্বৰ প্ৰথমটো মেছেজৰ কথা। ১৯৯২ চনৰ ৩ ডিচেম্বৰত প্ৰেৰণ কৰা হৈছিল বিশ্বৰ প্ৰথমটো মেছেজ। বিশ্বৰ প্ৰথমটো মেছেজ বিক্ৰী হবলৈ গৈ আছে। নিলামৰ বাবে আগবঢ়োৱা হব বিশ্বৰ প্ৰথমটো মেছেজ। এই মেছেজটো ভোডাফোন নেটৱৰ্ক ব্যৱহাৰকাৰী তথা ভোডাফোনৰে এজন কৰ্মচাৰীয়ে অন্য এজন কৰ্মচাৰীলৈ প্ৰেৰণ কৰিছিল। খ্ৰীষ্টমাছৰ শুভেচ্ছা জনাই মেছেজটো প্ৰেৰণ কৰা হৈছিল। মেছেজটোত লিখা আছিল 'MERRY CHRISTMAS'.

নিলাম কেন্দ্ৰৰ যোগেদি সেই মেছেজটো বিক্ৰীৰ বাবে যো-জা চলোৱা হৈছে। নিলামত ইয়াৰ মূল্য ২ কোটি বা ধিক হোৱাৰ সম্ভাৱনাই দেখা দিছে। ২১ ডিচেম্বৰলৈ চলিব এই নিলাম প্ৰক্ৰিয়া। পিছে সেই সাধাৰণ দুটা শব্দৰ মেছেজটো বিক্ৰী কৰি উপাৰ্জন কৰা এই বৃহৎ পৰিমাণৰ টকাৰে কি কৰিব ভোডাফোনে?

এই সন্দৰ্ভত ভোডাফোনে কয় যে,সমগ্ৰ ধনৰাশি শৰণাৰ্থী শিবিৰৰ বাবে দান কৰা হ'ব। উল্লেখ্য যে, ১৯৯২ ৰ ডিচেম্বৰত প্ৰথমটো মেছেজৰ পাছত ১৯৯৫ চনলৈ সমগ্ৰ বিশ্বতে কেৱল মাত্ৰ ০.৪ শতাংশ লোকেহে প্ৰতিমাহে মেছেজৰ ব্যৱহাৰ কৰিছিল। অভিযন্তা নীল পাপৱৰ্থ নামৰ লোকজনে ৰিচাৰ্ড জাৰ্ভিছ নামৰ এজন লোকলৈ বিশ্বৰ প্ৰথমটো মেছেজ প্ৰেৰণ কৰিছিল। ৰিচাৰ্ড জাৰ্ভিছে সেই মেছেজটো পাইছিল অৰ্বিটেল 901 হেণ্ডছেটত। ছফ্টৱেৰ ইঞ্জিনীয়াৰ নীল পাপৱৰ্থ হৈছে মেছেজ বা এছএমএছৰ সৃষ্টিকৰ্তা।

আৰু পঢ়কঃ দুটা বিত্তীয় বৰ্ষত ফুটাকড়ি,এইবাৰ পালে মাত্ৰ ১০% ধন! অসমক কিয় হেয় জ্ঞান কেন্দ্ৰৰ?


FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু