--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত মানুহৰ বাবে মেছেজ আদান-প্ৰদান এক অপৰিহাৰ্য অংগ হৈ পৰিছে। ফোনত কথা নপতাকৈয়ে মেছেজ পঠিয়াই নানা বাৰ্তালাপ কৰিব পাৰি। চিঠিৰ স্থান কেতিয়াবাই দখল কৰিলে মেছেজে। পিছে আপুনি জানেনে বিশ্বৰ প্ৰথমটো মেছেজৰ কথা। ১৯৯২ চনৰ ৩ ডিচেম্বৰত প্ৰেৰণ কৰা হৈছিল বিশ্বৰ প্ৰথমটো মেছেজ। বিশ্বৰ প্ৰথমটো মেছেজ বিক্ৰী হবলৈ গৈ আছে। নিলামৰ বাবে আগবঢ়োৱা হব বিশ্বৰ প্ৰথমটো মেছেজ। এই মেছেজটো ভোডাফোন নেটৱৰ্ক ব্যৱহাৰকাৰী তথা ভোডাফোনৰে এজন কৰ্মচাৰীয়ে অন্য এজন কৰ্মচাৰীলৈ প্ৰেৰণ কৰিছিল। খ্ৰীষ্টমাছৰ শুভেচ্ছা জনাই মেছেজটো প্ৰেৰণ কৰা হৈছিল। মেছেজটোত লিখা আছিল 'MERRY CHRISTMAS'.

নিলাম কেন্দ্ৰৰ যোগেদি সেই মেছেজটো বিক্ৰীৰ বাবে যো-জা চলোৱা হৈছে। নিলামত ইয়াৰ মূল্য ২ কোটি বা ধিক হোৱাৰ সম্ভাৱনাই দেখা দিছে। ২১ ডিচেম্বৰলৈ চলিব এই নিলাম প্ৰক্ৰিয়া। পিছে সেই সাধাৰণ দুটা শব্দৰ মেছেজটো বিক্ৰী কৰি উপাৰ্জন কৰা এই বৃহৎ পৰিমাণৰ টকাৰে কি কৰিব ভোডাফোনে?

এই সন্দৰ্ভত ভোডাফোনে কয় যে,সমগ্ৰ ধনৰাশি শৰণাৰ্থী শিবিৰৰ বাবে দান কৰা হ'ব। উল্লেখ্য যে, ১৯৯২ ৰ ডিচেম্বৰত প্ৰথমটো মেছেজৰ পাছত ১৯৯৫ চনলৈ সমগ্ৰ বিশ্বতে কেৱল মাত্ৰ ০.৪ শতাংশ লোকেহে প্ৰতিমাহে মেছেজৰ ব্যৱহাৰ কৰিছিল। অভিযন্তা নীল পাপৱৰ্থ নামৰ লোকজনে ৰিচাৰ্ড জাৰ্ভিছ নামৰ এজন লোকলৈ বিশ্বৰ প্ৰথমটো মেছেজ প্ৰেৰণ কৰিছিল। ৰিচাৰ্ড জাৰ্ভিছে সেই মেছেজটো পাইছিল অৰ্বিটেল 901 হেণ্ডছেটত। ছফ্টৱেৰ ইঞ্জিনীয়াৰ নীল পাপৱৰ্থ হৈছে মেছেজ বা এছএমএছৰ সৃষ্টিকৰ্তা।

আৰু পঢ়কঃ দুটা বিত্তীয় বৰ্ষত ফুটাকড়ি,এইবাৰ পালে মাত্ৰ ১০% ধন! অসমক কিয় হেয় জ্ঞান কেন্দ্ৰৰ?


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ