--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ ভিতৰতে জিলিকি উঠিছে ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান আই আই টি বম্বে৷ বিশ্বৰ শীৰ্ষ ১৫০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত আইআইটি বম্বেৰ নাম অন্তৰ্ভুক্ত হৈছে। উল্লেখযোগ্য যে QS World University Ranking ২০২৪ত আইআইটি বম্বেয়ে ১৫০ খন শীৰ্ষ বিশ্ববিদ্যালৰ ভিতৰত এই স্থান অৰ্জন কৰিছে। 

এই কৃতিত্বৰ বাবে আই আই টি-বম্বেক অভিনন্দন জনাই কিউ এছ ৱৰ্ল্ড ইউনিভাৰ্চিটিৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া নুনজিঅ’ কোৱাৰেলিয়ে কয় যে ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ প্ৰদৰ্শন দেখি মই অতিশয় আনন্দিত হৈছো। এই বছৰ আমি ২৯০০ খন প্ৰতিষ্ঠানক ৰেংকিং লিষ্টত ৰাখিলোঁ আৰু ইয়াত ৪৫ খন ভাৰতীয় বিশ্ববিদ্যালয় আছিল যিবোৰ অতি ভাল আছিল। এই QS World University Ranking ত অন্তৰ্ভুক্ত হোৱা বিশ্ববিদ্যালয়ৰ তালিকাত যোৱা ৯ বছৰত ২৯৭ শতাংশ বৃদ্ধি পাইছে।উল্লেখ্য যে আই আই টি-বম্বেই ১৫০ৰ ভিতৰত ১৪৮ নম্বৰ স্থানত নিজৰ স্থান দখল কৰিছে। কিউ এছৰ চিইঅ’ নুনজিঅ’ কোৱাৰেলিয়ে কয় যে তেওঁ ২০২১ চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছিল আৰু সেই সময়ছোৱাত ভাৰতৰ উচ্চ শিক্ষাৰ উন্নতিৰ প্ৰতি মোদীৰ যি নিষ্ঠা আৰু দায়বদ্ধতা তাক লৈ তেওঁ অতিশয় সন্তুষ্ট।

এই সাফল্যত সুখ প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে কয় যে আজিৰ সময়ত ভাৰতীয় বিশ্ববিদ্যালয়সমূহ বিশ্বমানৰ। তেওঁ আৰু কয় যে তেওঁ সুখী যে এই বছৰ QS World University Ranking ২০২৪ ৰ তালিকাত ভাৰতৰ পৰা ৪৫খন বিশ্ববিদ্যালয় আছিল। তেওঁ আৰু কয় যে বিগত ৯ বছৰত প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ শিক্ষা সন্দৰ্ভত বহু কাম কৰিছে।

মন কৰিবলগীয়া যে ১০০ নম্বৰৰ ভিতৰত ৫১.৭ নম্বৰ লাভ কৰে আই আই টি-বম্বেয়ে। যোৱাবাৰ আই আই টি-বম্বে ১৭৭ নম্বৰ স্থানত আছিল, যিটো এইবাৰ ১৪৯ নম্বৰলৈ উৰ্ধগামী হোৱা দেখা গৈছে।স্মৰ্তব্য যে, প্ৰথমবাৰৰ বাবে আই আই টি-বম্বেয়ে শীৰ্ষ ১৫০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান দখল কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
তামিলনাডুত পদপিষ্ট হৈ ৩৫জনৰ মৃত্যু, ৰাজনীতিক-অভিনেতা বিজয়ৰ জনসভাত অঘটন
স্বদেশী ৪-জি নেটৱৰ্কৰ শুভাৰম্ভ প্রধানমন্ত্রী মোদীৰ
৩ অক্টোবৰত শপত ল'ব হাগ্রামা মহিলাৰীৰ চৰকাৰে, বি পি এফৰ নীতি নির্ধাৰক বৈঠক
ট্রাম্পৰ শুল্ক যুদ্ধৰ পাছতে মোদীয়ে পুটিনলৈ ফ'ন কৰিছিল, নাটোৰ মুৰব্বীৰ দাবী
জুবিনক হেৰুৱাই ম্রিয়মাণ পৰিৱেশত আজি ষষ্ঠী, উত্তাপহীন শাৰদোৎসৱ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি