--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ ভিতৰতে জিলিকি উঠিছে ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান আই আই টি বম্বে৷ বিশ্বৰ শীৰ্ষ ১৫০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত আইআইটি বম্বেৰ নাম অন্তৰ্ভুক্ত হৈছে। উল্লেখযোগ্য যে QS World University Ranking ২০২৪ত আইআইটি বম্বেয়ে ১৫০ খন শীৰ্ষ বিশ্ববিদ্যালৰ ভিতৰত এই স্থান অৰ্জন কৰিছে। 

এই কৃতিত্বৰ বাবে আই আই টি-বম্বেক অভিনন্দন জনাই কিউ এছ ৱৰ্ল্ড ইউনিভাৰ্চিটিৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া নুনজিঅ’ কোৱাৰেলিয়ে কয় যে ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ প্ৰদৰ্শন দেখি মই অতিশয় আনন্দিত হৈছো। এই বছৰ আমি ২৯০০ খন প্ৰতিষ্ঠানক ৰেংকিং লিষ্টত ৰাখিলোঁ আৰু ইয়াত ৪৫ খন ভাৰতীয় বিশ্ববিদ্যালয় আছিল যিবোৰ অতি ভাল আছিল। এই QS World University Ranking ত অন্তৰ্ভুক্ত হোৱা বিশ্ববিদ্যালয়ৰ তালিকাত যোৱা ৯ বছৰত ২৯৭ শতাংশ বৃদ্ধি পাইছে।উল্লেখ্য যে আই আই টি-বম্বেই ১৫০ৰ ভিতৰত ১৪৮ নম্বৰ স্থানত নিজৰ স্থান দখল কৰিছে। কিউ এছৰ চিইঅ’ নুনজিঅ’ কোৱাৰেলিয়ে কয় যে তেওঁ ২০২১ চনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিছিল আৰু সেই সময়ছোৱাত ভাৰতৰ উচ্চ শিক্ষাৰ উন্নতিৰ প্ৰতি মোদীৰ যি নিষ্ঠা আৰু দায়বদ্ধতা তাক লৈ তেওঁ অতিশয় সন্তুষ্ট।

এই সাফল্যত সুখ প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে কয় যে আজিৰ সময়ত ভাৰতীয় বিশ্ববিদ্যালয়সমূহ বিশ্বমানৰ। তেওঁ আৰু কয় যে তেওঁ সুখী যে এই বছৰ QS World University Ranking ২০২৪ ৰ তালিকাত ভাৰতৰ পৰা ৪৫খন বিশ্ববিদ্যালয় আছিল। তেওঁ আৰু কয় যে বিগত ৯ বছৰত প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ শিক্ষা সন্দৰ্ভত বহু কাম কৰিছে।

মন কৰিবলগীয়া যে ১০০ নম্বৰৰ ভিতৰত ৫১.৭ নম্বৰ লাভ কৰে আই আই টি-বম্বেয়ে। যোৱাবাৰ আই আই টি-বম্বে ১৭৭ নম্বৰ স্থানত আছিল, যিটো এইবাৰ ১৪৯ নম্বৰলৈ উৰ্ধগামী হোৱা দেখা গৈছে।স্মৰ্তব্য যে, প্ৰথমবাৰৰ বাবে আই আই টি-বম্বেয়ে শীৰ্ষ ১৫০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান দখল কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement