--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰেছনৰ দোকানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি আঁৰি ৰাখিবলৈ দিয়াৰ নিৰ্দেশে এতিয়া বিভিন্ন জনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দৰাচলতে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা (পিএমজিকেৱাই) যোৱা বছৰৰ ডিচেম্বৰ মাহতে  বাতিল কৰা হৈছে।

 সেই সময়ত কেন্দ্ৰই উক্ত আঁচনি বন্ধ কৰাৰ  সিদ্ধান্তৰ বিষয়ে সকলো ৰাজ্যক অৱগত কৰিছিল। প্ৰধানমন্ত্ৰীৰ নামত থকা আঁচনি খন বন্ধ কৰাৰ পিছতো ৰেছনৰ দোকানত মোদীৰ ছবি আঁৰি ৰাখিবলৈ দিয়াৰ নিৰ্দেশে এতিয়া বিভিন্ন জনৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যদিও কোভিডৰ সময়ৰ পৰা চলি অহা আঁচনিখন বন্ধ কৰা হৈছিল, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলে ২০২৩  চনত বিনামূলীয়া ৰেচন লাভ কৰিব বুলি ঘোষণা কৰা হৈছিল।

এই আঁচনি খন প্ৰধানমন্ত্ৰীৰ নামৰ সৈতে জড়িত নহয়, সেয়ে বহু ডিলাৰে এতিয়া ৰেছনৰ দোকানত মোদীৰ ছবি আঁৰি ৰাখিব বিচৰা নাই।  বিজেপিয়ে ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে ৰেছনৰ দোকানত মোদীৰ ছবি আঁৰি  প্ৰচাৰৰ কৌশল গ্ৰহণ কৰিব বিচাৰিছে বুলিও বহুতে অভিযোগ কৰিছে।   অল ইণ্ডিয়া ফেয়াৰ প্ৰাইচ শ্বপ ডিলাৰ ফেডাৰেচনে শেহতীয়া নিৰ্দেশৰ তীব্ৰ বিৰোধিতা কৰিছে।


সংগঠনটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিশ্বম্ভৰ বসুৱে কয়, "শেহতীয়াকৈ ভাৰতীয় খাদ্য নিগমে  নিৰ্দেশ দিছে যে সমগ্ৰ দেশৰ ৫.৩৮ লাখ ৰেছনৰ  দোকানত মোদীৰ ছবি আঁৰি ৰাখিব লাগিব।" 

সংস্থাটোৱে এনে  সিদ্ধান্তৰ বিৰোধিতা কৰিছে।  সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত বসুৱে  কয়, "এই আদেশৰ আঁৰত মাত্ৰ এটা কাৰণ আছে। অহা বছৰৰ লোকসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰৰ মাধ্যম হিচাপে ৰেচনৰ দোকান সমূহ বাছনি কৰা হৈছে। "

তেওঁ লগতে 'মানুহক মূৰ্খ বুলি নাভাবিব' বুলিও সকিয়াই দিয়ে।   উল্লেখ্য ২০২০  চনত কেন্দ্ৰই কোভিড মহামাৰী আৰু লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি দৰিদ্ৰ লোকসকলৰ বাবে বিনামূলীয়া ৰেচন প্ৰদানৰ কথা ঘোষণা কৰিছিল। প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা একেৰাহে দুবছৰ চলি থকাৰ পিছত ২০২২ চনৰ ডিচেম্বৰত সেয়া বন্ধ কৰা হৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ