--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰেছনৰ দোকানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছবি আঁৰি ৰাখিবলৈ দিয়াৰ নিৰ্দেশে এতিয়া বিভিন্ন জনৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। দৰাচলতে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা (পিএমজিকেৱাই) যোৱা বছৰৰ ডিচেম্বৰ মাহতে  বাতিল কৰা হৈছে।

 সেই সময়ত কেন্দ্ৰই উক্ত আঁচনি বন্ধ কৰাৰ  সিদ্ধান্তৰ বিষয়ে সকলো ৰাজ্যক অৱগত কৰিছিল। প্ৰধানমন্ত্ৰীৰ নামত থকা আঁচনি খন বন্ধ কৰাৰ পিছতো ৰেছনৰ দোকানত মোদীৰ ছবি আঁৰি ৰাখিবলৈ দিয়াৰ নিৰ্দেশে এতিয়া বিভিন্ন জনৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যদিও কোভিডৰ সময়ৰ পৰা চলি অহা আঁচনিখন বন্ধ কৰা হৈছিল, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত হিতাধিকাৰীসকলে ২০২৩  চনত বিনামূলীয়া ৰেচন লাভ কৰিব বুলি ঘোষণা কৰা হৈছিল।

এই আঁচনি খন প্ৰধানমন্ত্ৰীৰ নামৰ সৈতে জড়িত নহয়, সেয়ে বহু ডিলাৰে এতিয়া ৰেছনৰ দোকানত মোদীৰ ছবি আঁৰি ৰাখিব বিচৰা নাই।  বিজেপিয়ে ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে ৰেছনৰ দোকানত মোদীৰ ছবি আঁৰি  প্ৰচাৰৰ কৌশল গ্ৰহণ কৰিব বিচাৰিছে বুলিও বহুতে অভিযোগ কৰিছে।   অল ইণ্ডিয়া ফেয়াৰ প্ৰাইচ শ্বপ ডিলাৰ ফেডাৰেচনে শেহতীয়া নিৰ্দেশৰ তীব্ৰ বিৰোধিতা কৰিছে।


সংগঠনটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিশ্বম্ভৰ বসুৱে কয়, "শেহতীয়াকৈ ভাৰতীয় খাদ্য নিগমে  নিৰ্দেশ দিছে যে সমগ্ৰ দেশৰ ৫.৩৮ লাখ ৰেছনৰ  দোকানত মোদীৰ ছবি আঁৰি ৰাখিব লাগিব।" 

সংস্থাটোৱে এনে  সিদ্ধান্তৰ বিৰোধিতা কৰিছে।  সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত বসুৱে  কয়, "এই আদেশৰ আঁৰত মাত্ৰ এটা কাৰণ আছে। অহা বছৰৰ লোকসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে প্ৰচাৰৰ মাধ্যম হিচাপে ৰেচনৰ দোকান সমূহ বাছনি কৰা হৈছে। "

তেওঁ লগতে 'মানুহক মূৰ্খ বুলি নাভাবিব' বুলিও সকিয়াই দিয়ে।   উল্লেখ্য ২০২০  চনত কেন্দ্ৰই কোভিড মহামাৰী আৰু লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি দৰিদ্ৰ লোকসকলৰ বাবে বিনামূলীয়া ৰেচন প্ৰদানৰ কথা ঘোষণা কৰিছিল। প্ৰধানমন্ত্ৰী গৰিব কল্যাণ অন্ন যোজনা একেৰাহে দুবছৰ চলি থকাৰ পিছত ২০২২ চনৰ ডিচেম্বৰত সেয়া বন্ধ কৰা হৈছিল।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস