--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সমগ্ৰ বিশ্বতে এতিয়া ভাৰতৰ জয়গুণ বাজিবলৈ আৰম্ভ কৰিছে। চিলিকন ভেলীৰ আইটি কোম্পানীৰ শীৰ্ষ স্থানত বহি থকা ভাৰতীয়ই হওক বা দেশৰ উঠি অহা প্ৰজন্মক শিক্ষিত কৰাত ব্ৰতী হৈ থকা শিক্ষকেই হওক, সকলোৱে এনে দক্ষতা আৰু প্ৰতিভাৰ পৰিচয় দিছে যে, সকলোৱে তেওঁলোকৰ কৃতি আৰু কৃতিত্বক স্বীকাৰ কৰিবলৈ বাধ্য হৈ পৰিছে। এই সাফল্যৰ শেহতীয়া উদাহৰণ হৈছে, পাঁচখন ভাৰতীয় বিদ্যালয়ে শিক্ষাৰ ক্ষেত্ৰত ইংলেণ্ডত প্ৰথমবাৰৰ বাবে প্ৰদান কৰিবলগীয়া 'বিশ্বৰ শ্ৰেষ্ঠ বিদ্যালয়' স্বীকৃতিৰ বাবে প্ৰস্তুত কৰা তালিকাৰ শীৰ্ষ ১০খন বিদ্যালয়ৰ তালিকাত ভাৰতৰ ৫ খন বিদ্যালয়ে স্থান পাইছে। 

এই তালিকাত স্থান লাভ কৰা দেশৰ বিদ্যালয়কেইখনৰ অন্যতম হৈছে, মুম্বাইৰ এছকেভিএমৰ চিএনএম স্কুল, ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ লাজপট নগৰ-৩ৰ এছডিএমচি প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয় দুখনক ৱৰ্ল্ড বেষ্ট স্কুল ফৰ ইনোভেচনৰ শ্ৰেণীৰ শীৰ্ষ দহখন স্কুলৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। আনফালে, কমিউনিটী কোলাবোৰেচন বা সামূহিক সহযোগৰ শ্ৰেণীৰ শীৰ্ষ দহখন বিদ্যালয়ৰ তালিকাত স্থান লাভ কৰিছে মুম্বাইৰ খোজ স্কুল আৰু পুণেৰ বোপখেলত থকা পিচিএমচি ইংলিছ মিডিয়াম স্কুলে স্থান লাভ কৰিছে। আনহাতে হাওৰাত থকা সমাৰিতন মিছন স্কুল (হাই)য়ে আন এটা শ্ৰেণীৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ তালিকাভুক্ত হৈছে। ‘অ’ভাৰকামিং এডভাৰ্চিটী’ শ্ৰেণীত স্থান দিয়া হৈছে এই বিদ্যালয়খনক।

টি-৪ শিক্ষা আৰু 'বিশ্বৰ শ্ৰেষ্ঠ বিদ্যালয়' বঁটাৰ প্ৰতিষ্ঠাপক বিকাশ পোতাই কয়, "কোভিডৰ ফলত বিদ্যালয় আৰু বিশ্ববিদ্যালয় বন্ধ হোৱাৰ ফলত ১.৫ বিলিয়নতকৈও অধিক শিক্ষাৰ্থী প্ৰভাৱিত হৈছিল। ৰাষ্ট্ৰসংঘই মহামাৰীৰ আগতেই সতৰ্ক কৰি দিছিল যে বিশ্বব্যাপী শিক্ষাৰ সংকট গভীৰ হ'ব পাৰে কিয়নো ২০৩০ চনৰ ভিতৰত গুণগত শিক্ষা লাভকৰাত ইতিমধ্যে পলম হৈছে," তেওঁ কয়, "প্ৰণালীগত পৰিৱৰ্তন অনাৰ লক্ষ্যৰে আমি তৃণমূল পৰ্যায়ত সমাধান বিচাৰি বিশ্বৰ শ্ৰেষ্ঠ বিদ্যালয় বঁটা স্থাপন কৰিছো। শিক্ষাৰ্থীসকলৰ জীৱনত পৰিৱৰ্তন আনি আৰু অনুপ্ৰেৰণাদায়ক বিদ্যালয়ৰ কাহিনী ক'লে শিক্ষাৰ পৰিৱৰ্তন হ'ব পাৰে।"

বিশ্বৰ শ্ৰেষ্ঠ বিদ্যালয় বঁটা প্ৰদানৰ এই পদক্ষেৰ ইউকে আধাৰিত ডিজিটেল মিডিয়া প্লেটফৰ্ম টি-4 এডুকেশ্বনৰ দ্বাৰা আৰম্ভ কৰা হৈছে। সংশ্লিষ্ট শ্ৰেণীৰ চূড়ান্ত বিজয়ীসকলক এই বছৰৰ অক্টোবৰত ঘোষণা কৰা হ'ব। পাঁচখন পুৰস্কাৰ বিজয়ী বিদ্যালয়ৰ মাজত ২.৫ নিযুত ডলাৰৰ পুৰস্কাৰ সমানে বিতৰণ কৰা হ'ব আৰু প্ৰতিখন বিজয়ী বিদ্যালয়ে ৫০ হাজাৰ ডলাৰৰ পুৰস্কাৰ লাভ কৰিব।
মন কৰিবলগীয়া কথাটো হৈছে যে, দেশৰ পাঁচখনকৈ বিদ্যালয়ে ব্যতিক্ৰমিতাৰ নিদৰ্শনেৰে বিশ্বৰ শ্ৰেষ্ঠ বিদ্যালয়ৰ সূচীত চামিল হোৱাৰ দিশে অগ্ৰসৰ হৈছে। কিন্তু তাৰ সৈতে তুলনা কৰিব পৰাকৈ অসমৰ কোনো বিদ্যালয় নথকাটো অতি উদ্বেগৰ বিষয়। দীঘলীয়া সময় ধৰি এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ শিক্ষামন্ত্ৰী হৈ থকাৰ আছিল যদিও বিদ্যালয়সমূহে আনক আকৰ্ষিত কৰিব পৰাকৈ বিশেষ উন্নতি সাধিব নোৱৰাটো নিশ্চয় চিন্তাৰ বিষয়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ