--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক’ভিডকালীন সময়ছোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন অসহায়লোকক সহায়ৰ হাত আগবঢ়াই অহা বলীউড অভিনেতা তথা সমাজসেৱক ছনু সুদে এগৰাকী কণমানিক আগবঢ়াইছে সহায়ৰ হাত৷ বিহাৰৰ বাসিন্দা চৌমুখী কুমাৰী নামৰ এগৰাকী কণমানি ছোৱালীৰ জন্ম হৈছিল চাৰিখন ভৰি আৰু চাৰিখন বাহুলৈ। বৃহস্পতিবাৰে চৌমুখীৰ ফটো শ্বেয়াৰ কৰি ছনুৱে তেওঁৰ অনুৰাগীসকলক কৈছিল যে, তেওঁৰ এটা অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয়৷ 

অস্ত্ৰোপচাৰৰ আগত আৰু পাছত চৌমুখীৰ ফটো পোষ্ট কৰি ছনুৱে লিখিছিল, ‘মেৰা আৰু চৌমুখী কুমাৰীকা চফৰ কাম্যব ৰহা (মোৰ আৰু চৌমুখী কুমাৰীৰ যাত্ৰা এতিয়া সফল প্ৰমাণিত হৈছে)। চাৰিখন ভৰি আৰু চাৰিখন হাতেৰ সৈতে চৌমুখীৰ জন্ম বিহাৰৰ এখন সৰু গাঁৱত হৈছিল। এতিয়া তেঁওৰ সফল অস্ত্ৰোপচাৰৰ পাছত ঘৰলৈ উভতি যাবলৈ সাজু হৈছে।’

অভিনেতা সুনীল চেট্টী, পূজা বাত্ৰা, ৰিধিমা পণ্ডিত, আৰু এষা গুপ্তাই চনুৰ এই মহানুভৱতাক উচ্চ প্ৰশংসা কৰে। ইয়াৰ লগতে অভিনেতাগৰাকীৰ অসংখ্য অনুৰাগীয়ে ছনুৰ এই পদক্ষেপক যথেষ্ট শলাগ লয়৷ ছনুৱে বৰ্তমান এমটিভিৰ ৰ’ডিজত জড়িত হৈ আছে৷  নতুন ছিজনৰ প্ৰথম খণ্ডটো ৮ এপ্ৰিলত প্ৰিমিয়াৰ হৈছিল। তেওঁ অলপতে ড০ চন্দ্ৰপ্ৰকাশ দ্বিবেদীৰ ছবি সম্ৰাট পৃথ্বীৰাজত চান্দ বৰাইৰ চৰিত্ৰতো অভিনয় কৰিছিল। চলচ্চিত্ৰখন ২০২২ চনৰ ৩ জুনত হিন্দী, তামিল আৰু তেলেগু ভাষাত মুক্তি দিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত