--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীসকলৰ ভিতৰত অন্যতম আল কায়েদাৰ মুৰব্বী জাৱাহিৰী মাৰ্কিন ড্ৰোন আক্ৰমণত নিহত হৈছে। এই খবৰে উৎসাহিত কৰি তুলি মাৰ্কিন প্ৰশাসনক।আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতি   বিডেনৰ জাৱাহাৰীৰ মৃত্যুৰ খবৰ ৰজহুৱা কৰাৰ পিছতে বহুতে আনন্দ প্ৰকাশ কৰাও দেখা গৈছে। মাৰ্কিন সেনাক বছৰৰ পিছত বছৰ ধৰি ব্যতিব্যস্ত কৰি ৰখা জাৱাহাৰী আছিল এগৰাকী উচ্চ শিক্ষিত লোক।  ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আক্ৰমণৰ এজন মাষ্টাৰমাইণ্ড জাৱাহাৰীৰ মূৰৰ মূল্য আমেৰিকাই নিৰ্ধাৰণ কৰিছিল ২৫ নিযুত মাকিন ডলাৰ। মাৰ্কিন সেনাই আক্ৰমণ চলোৱাৰ সময়ত সন্ত্ৰাসবাজী নেতা জনে কাবুলৰ ওচৰৰ আল কায়েদাৰ ঘাটিত লুকাই আছিল। 

এক বিবৃতিত বিডেনে কয়: "মোৰ আদেশত শনিবাৰে কাবুলত ড্ৰোন আক্ৰমণ কৰা হৈছিল। এই আক্ৰমণত আল-কায়েদাৰ আমীৰ (প্ৰধান) আয়মান আল-জাৱাহিৰী নিহত হৈছে। 

উল্লেখ্য ২০২০ চনত  আফগানিস্তানৰ পৰা মাৰ্কিন  সৈন্য প্ৰত্যাহাৰক লৈ তালিবানৰ সৈতে আমেৰিকাযুক্ত ৰাষ্ট্ৰই এখন  চুক্তি কৰিছিল। ২০২১ চনৰ ৩১ আগষ্টত আফগানিস্তানৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰাৰ পিছত আমেৰিকাই প্ৰথমবাৰৰ বাবে উগ্ৰপন্থীসকলক নিৰ্মূল কৰিবলৈ  আক্ৰমণ আৰম্ভ কৰিছে।

আফগানিস্তানৰ পৰা সৈন্য প্ৰত্যাহাৰৰ সন্দৰ্ভত বিডেনে কয়, "প্ৰায় ২০ বছৰৰ যুদ্ধৰ পিছত মই আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰ কৰিছিলো। "মই নাভাবো যে সেই দেশত হাজাৰ হাজাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য মোতায়েন কৰাৰ কোনো কাৰণ নাই। কিন্তু আমি আফগানিস্তানত সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত ৰাখিম বুলি সিদ্ধান্ত লৈছো।ইফালে, তালিবানে কাবুলত হোৱা আক্ৰমণৰ কথা স্বীকাৰ কৰিছে। দলটোৰ এজন মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে আমেৰিকাই  কাবুলত আক্ৰমণ কৰি দোহা চুক্তি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰে।

১৯৮৮ চনত  পাকিস্তানৰ পেছাৱাৰত ইজিপ্তৰ চিকিৎসক জাৱাহিৰীয়ে ওছামা বিন লাদেনৰ সৈতে যুটীয়াভাৱে আল কায়েদা প্ৰতিষ্ঠা কৰে। আল কায়েদাৰ মুৰব্বী ওচামা বিন লাদেনক ২০১১ চনত পাকিস্তানত হত্যা কৰা হৈছিল। তাৰ পিছত, জাৱাহিৰীয়ে সংগঠনটোৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে পাকিস্তান আৰু আফগানিস্তানৰ একাধিক সূত্ৰৰ উদ্ধৃতি দি আৰৱ নিউজে প্ৰকাশ কৰিছিল যে আল-কায়দাৰ মুৰব্বী জন কেইবাদিনো ধৰি অসুস্থ হৈ আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আক্ৰমণৰ ভয়ত তেওঁ চিকিৎসাৰ বাবে ক'লৈও যাব পৰা নাছিল ।১৯৫১ চনৰ ১৯ জুনত গিজাত নাগৰিক আয়মান আল-জাৱাহিৰীৰ জন্ম হৈছিল। ২০১১ চনৰ জুন মাহত, সেই বছৰৰ মে মাহত পাকিস্তানৰ এবটাবাদত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অভিযানত তেওঁৰ পূৰ্বসূৰী ওচামা বিন লাডেনৰ হত্যাৰ পিছত তেওঁক আল-কায়েদাৰ দ্বিতীয় 'জেনেৰেল এমিৰ' হিচাপে ঘোষণা কৰা হয়।

তেওঁ অভিযান্ত্ৰিক বিষয়তো ডিগ্ৰী লাভ কৰিছিল, তেওঁৰ উত্তৰাধিকাৰীও উচ্চ শিক্ষিত আছিল। ৭১ বছৰীয়া জাৱাহিৰী এজন শল্য চিকিৎসকো আছিল আৰু তিনি বছৰ ইজিপ্তৰ সেনাবাহিনীত সেৱা আগবঢ়াইছিল।

 ১৯৯৮ চনত আল-জাৱাহিৰীয়ে ইজিপ্তিয়ান ইছলামিক জিহাদ (ইআইজে) প্ৰতিষ্ঠা কৰিছিল আৰু আল-কায়েদাৰ সৈতে একত্ৰিত হৈছিল। বিন লাদেনৰ এজন গুৰুত্বপূৰ্ণ সহায়ক হিচাপে তেওঁ কাম কৰিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক