--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীসকলৰ ভিতৰত অন্যতম আল কায়েদাৰ মুৰব্বী জাৱাহিৰী মাৰ্কিন ড্ৰোন আক্ৰমণত নিহত হৈছে। এই খবৰে উৎসাহিত কৰি তুলি মাৰ্কিন প্ৰশাসনক।আমেৰিকা যুক্তৰাষ্ট্ৰ ৰাষ্ট্ৰপতি   বিডেনৰ জাৱাহাৰীৰ মৃত্যুৰ খবৰ ৰজহুৱা কৰাৰ পিছতে বহুতে আনন্দ প্ৰকাশ কৰাও দেখা গৈছে। মাৰ্কিন সেনাক বছৰৰ পিছত বছৰ ধৰি ব্যতিব্যস্ত কৰি ৰখা জাৱাহাৰী আছিল এগৰাকী উচ্চ শিক্ষিত লোক।  ৱৰ্ল্ড ট্ৰেড চেণ্টাৰ আক্ৰমণৰ এজন মাষ্টাৰমাইণ্ড জাৱাহাৰীৰ মূৰৰ মূল্য আমেৰিকাই নিৰ্ধাৰণ কৰিছিল ২৫ নিযুত মাকিন ডলাৰ। মাৰ্কিন সেনাই আক্ৰমণ চলোৱাৰ সময়ত সন্ত্ৰাসবাজী নেতা জনে কাবুলৰ ওচৰৰ আল কায়েদাৰ ঘাটিত লুকাই আছিল। 

এক বিবৃতিত বিডেনে কয়: "মোৰ আদেশত শনিবাৰে কাবুলত ড্ৰোন আক্ৰমণ কৰা হৈছিল। এই আক্ৰমণত আল-কায়েদাৰ আমীৰ (প্ৰধান) আয়মান আল-জাৱাহিৰী নিহত হৈছে। 

উল্লেখ্য ২০২০ চনত  আফগানিস্তানৰ পৰা মাৰ্কিন  সৈন্য প্ৰত্যাহাৰক লৈ তালিবানৰ সৈতে আমেৰিকাযুক্ত ৰাষ্ট্ৰই এখন  চুক্তি কৰিছিল। ২০২১ চনৰ ৩১ আগষ্টত আফগানিস্তানৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰাৰ পিছত আমেৰিকাই প্ৰথমবাৰৰ বাবে উগ্ৰপন্থীসকলক নিৰ্মূল কৰিবলৈ  আক্ৰমণ আৰম্ভ কৰিছে।

আফগানিস্তানৰ পৰা সৈন্য প্ৰত্যাহাৰৰ সন্দৰ্ভত বিডেনে কয়, "প্ৰায় ২০ বছৰৰ যুদ্ধৰ পিছত মই আফগানিস্তানৰ পৰা সেনা প্ৰত্যাহাৰ কৰিছিলো। "মই নাভাবো যে সেই দেশত হাজাৰ হাজাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য মোতায়েন কৰাৰ কোনো কাৰণ নাই। কিন্তু আমি আফগানিস্তানত সন্ত্ৰাসবাদ বিৰোধী অভিযান অব্যাহত ৰাখিম বুলি সিদ্ধান্ত লৈছো।ইফালে, তালিবানে কাবুলত হোৱা আক্ৰমণৰ কথা স্বীকাৰ কৰিছে। দলটোৰ এজন মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে আমেৰিকাই  কাবুলত আক্ৰমণ কৰি দোহা চুক্তি উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰে।

১৯৮৮ চনত  পাকিস্তানৰ পেছাৱাৰত ইজিপ্তৰ চিকিৎসক জাৱাহিৰীয়ে ওছামা বিন লাদেনৰ সৈতে যুটীয়াভাৱে আল কায়েদা প্ৰতিষ্ঠা কৰে। আল কায়েদাৰ মুৰব্বী ওচামা বিন লাদেনক ২০১১ চনত পাকিস্তানত হত্যা কৰা হৈছিল। তাৰ পিছত, জাৱাহিৰীয়ে সংগঠনটোৰ দায়িত্বভাৰ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে পাকিস্তান আৰু আফগানিস্তানৰ একাধিক সূত্ৰৰ উদ্ধৃতি দি আৰৱ নিউজে প্ৰকাশ কৰিছিল যে আল-কায়দাৰ মুৰব্বী জন কেইবাদিনো ধৰি অসুস্থ হৈ আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আক্ৰমণৰ ভয়ত তেওঁ চিকিৎসাৰ বাবে ক'লৈও যাব পৰা নাছিল ।১৯৫১ চনৰ ১৯ জুনত গিজাত নাগৰিক আয়মান আল-জাৱাহিৰীৰ জন্ম হৈছিল। ২০১১ চনৰ জুন মাহত, সেই বছৰৰ মে মাহত পাকিস্তানৰ এবটাবাদত আমেৰিকা যুক্তৰাষ্ট্ৰৰ অভিযানত তেওঁৰ পূৰ্বসূৰী ওচামা বিন লাডেনৰ হত্যাৰ পিছত তেওঁক আল-কায়েদাৰ দ্বিতীয় 'জেনেৰেল এমিৰ' হিচাপে ঘোষণা কৰা হয়।

তেওঁ অভিযান্ত্ৰিক বিষয়তো ডিগ্ৰী লাভ কৰিছিল, তেওঁৰ উত্তৰাধিকাৰীও উচ্চ শিক্ষিত আছিল। ৭১ বছৰীয়া জাৱাহিৰী এজন শল্য চিকিৎসকো আছিল আৰু তিনি বছৰ ইজিপ্তৰ সেনাবাহিনীত সেৱা আগবঢ়াইছিল।

 ১৯৯৮ চনত আল-জাৱাহিৰীয়ে ইজিপ্তিয়ান ইছলামিক জিহাদ (ইআইজে) প্ৰতিষ্ঠা কৰিছিল আৰু আল-কায়েদাৰ সৈতে একত্ৰিত হৈছিল। বিন লাদেনৰ এজন গুৰুত্বপূৰ্ণ সহায়ক হিচাপে তেওঁ কাম কৰিছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু