--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতীয় নাগৰিকৰ ‘জীৱনৰ সহজতা’ৰ উন্নতিৰ চৰকাৰী দাবী আৰু ভাৰতে বিশ্বৰ আটাইতকৈ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰাৰ মাজতে ভাৰতে বিশ্ব সুখ প্ৰতিবেদন ২০২৩ত ভাল ফলাফল দেখুৱাব পৰা নাই।যদিও ভাৰতে বিশ্বৰ সুখী দেশৰ তালিকাত নিজৰ স্থান উন্নত কৰিছে, তথাপি এই সূচকাংকত ভাৰত এতিয়াও আটাইতকৈ বেয়া স্থানত আছে৷

 ইয়াৰ পূৰ্বে ভাৰত বিশ্বৰ সুখী দেশৰ তালিকাত ১৩৬ নম্বৰ স্থানত আছিল, যিটো ১০ পইণ্টৰ সামান্য উন্নতিৰ পিছত এতিয়া ১২৬ নম্বৰত উপনীত হৈছে।  ভাৰত বৰ্তমান পাকিস্তানৰো তলত, যিয়ে এতিয়ালৈকে হোৱা আটাইতকৈ ভয়াৱহ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে। ১৩৭খন দেশৰ ভিতৰত ১০৮ নম্বৰ স্থানত পাকিস্তানে স্থান লাভ কৰিছে।

 বহল সমীক্ষাত সামৰি লোৱা বিভিন্ন কাৰকৰ ভিত্তিত বিশেষজ্ঞসকলে মূল্যায়ন কৰি সুখৰ প্ৰতিবেদন-২০২৩ত যুদ্ধবিধ্বস্ত ৰাছিয়া আৰু ইউক্ৰেইনক ভাৰততকৈ উচ্চ স্থান প্ৰদান কৰিছে। ভাৰতৰ সৰ্বকালৰ প্ৰিয় বন্ধু বুলি গণ্য কৰা ৰাছিয়াই ৭০ নম্বৰ স্থান লাভ কৰাৰ বিপৰীতে ২০২২ চনত ১৩৬ সংখ্যক স্থানৰ পৰা ২০২৩ চনত ইউক্ৰেইনে ৯২ নম্বৰ স্থান লাভ কৰিছে।

 যদিও এই প্ৰতিবেদন সন্দৰ্ভত ভাৰতৰ চৰকাৰী পক্ষৰ পৰা কোনো আনুষ্ঠানিক মন্তব্য অহা নাই, তথাপি বেছিভাগ ভাৰতীয় নাগৰিকে বিশ্ব সুখ প্ৰতিবেদনত ভাৰতৰ ৰেংকিঙৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে। মুম্বাইৰ পৰা আৰ পি জি এণ্টাৰপ্ৰাইজৰ অধ্যক্ষ হৰ্ষ গোৱেংকাই এই প্ৰতিবেদন সন্দৰ্ভত টুইট কৰি কয় যে, ‘মই বিশ্বাস কৰোঁ যে ৰাষ্ট্ৰৰ অৱস্থা প্ৰতিফলিত কৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিমাপ- গ্ল’বেল হেপিনেছ ইনডেক্স-২০২৩ত ভাৰতে দুৰ্ভাগ্যজনক প্ৰদৰ্শন কৰাটো দেখি মই দুখী ৷

 এই সুখী দেশৰ প্ৰতিবেদনৰ ওপৰত বিভিন্ন আৱেগ প্ৰদৰ্শন কৰি গৰুডা ইণ্টাৰনেশ্যনেল পাব্লিছিং ভেঞ্চাৰৰ লেখক-প্ৰতিষ্ঠাপক আন এজন ভাৰতীয় সংক্ৰান্ত ছানুৱে টুইট কৰে যে, “মই এই জৰীপবোৰক গুৰুত্বসহকাৰে লোৱা নাছিলো। প্ৰায় সকলোবোৰেই ডাটা ডিজাইনৰ ওপৰত নিৰ্ভৰশীল।” ভাৰতৰ আন এজন নাগৰিক সঞ্চিত খাণ্ডেলৱালে বিশ্বৰ সুখী দেশৰ প্ৰতিবেদনখনক ‘পক্ষপাতমূলক’ আৰু এজেণ্ডা-চালিত নম্বৰ বুলি অভিহিত কৰি নাকচ কৰে।

 উল্লেখযোগ্য যে,এই প্ৰতিবেদন অনুসৰি ভাৰতৰ চুবুৰীয়া দেশ নেপালে সুখৰ সূচাংকত ভাৰততকৈ বহু ভাল স্থান লাভ কৰি ৭৮ নম্বৰত অৱস্থান গ্ৰহণ কৰিছে। শেহতীয়াকৈ আটাইতকৈ ভয়াৱহ অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱা শ্ৰীলংকাইও অলপ সুস্থ হৈ উঠি  ১১২ নম্বৰ স্থান লাভ কৰি বিশ্বৰ সুখী দেশৰ তালিকাত ভাৰততকৈ আগত অৱস্থান গ্ৰহণ কৰিছে৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰিজার্ভ বেংকে বান্ধি দিয়া ‘সহনশীলতাৰ সীমা’ অতিক্ৰম; খুচুৰা মুদ্রাস্ফীতি ৬.০৯%লৈ বৃদ্ধি
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী