--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আচৰিত যেন লাগিলেও সত্য৷বিয়েৰ খোৱাৰ অভ্যাস ত্যাগ কৰাত ৬০ কেজি ওজন কমিছে হংকঙৰ এজন লোকৰ। ৰছ বেণ্ডিক্স নামৰ লোকজনে কিছুদিনৰ আগলৈকে দিনটোত ৬-৮ গিলাচ বিয়েৰ খাইছিল যদিও এতিয়া ৰ’ছে বিয়েৰৰ নিচাৰ পৰা বিদায় লৈছে৷

উল্লেখযোগ্য যে,এই নিচাৰ বাবে বেণ্ডিক্সৰ ওজন বহু পৰিমাণে বাঢ়ি গৈছিল আৰু লিভাৰ চিৰ’ছিছ নামৰ বিপজ্জনক লিভাৰ ৰোগকে ধৰি বহু ৰোগত আক্ৰান্ত হৈছিল।বেণ্ডিক্সৰ পেটৰ পৰা অস্ত্ৰোপচাৰৰ জৰিয়তে আঠ লিটাৰ তৰল পদাৰ্থ উলিয়াই দিয়া হৈছিল। 

চাউথ চাইনা মৰ্নিং পোষ্টৰ সৈতে নিজৰ কাহিনী শ্বেয়াৰ কৰি বেণ্ডিক্সে কয় যে ২০২২ চনৰ শেষলৈকে তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈছে। বিয়েৰ ত্যাগ কৰি স্বাস্থ্যসন্মত অভ্যাস গ্ৰহণ কৰি বেণ্ডিক্সে নিজৰ ১২৭কিলোগ্ৰাম ওজনৰ ৬০ কিলোগ্ৰাম হ্ৰাস কৰি ৬৭ কিলোগ্ৰামলৈ মুঠ ওজন কৰিছে৷

ভুক্তভোগী ৰ’ছে লগতে উল্লেখ কৰিছে যে,২০২২ চনত নৱবৰ্ষৰ দিনটোতেই বেণ্ডিক্সৰ ষ্ট্ৰোক হৈছিল। ড্ৰয়িং ৰূমত বহি টিভি চাই থকা অৱস্থাত হঠাৎ তললৈ পৰি গৈছিল। চিকিৎসালয়লৈ যোৱাৰ পথত তেওঁৰ অৱস্থা অধিক বেয়া হোৱাত পাঁচ দিন আই চি ইউত থাকিব লগা হয়। ইয়াৰ পিছত আৰু ৪২ দিন হস্পিতালৰ বিচনাত কটাবলগীয়া হৈছিল।

এই ঘটনাৰ পিছতেই নিজৰ স্বাস্থ্যৰ যত্নৰ বাবে ৰ’ছে মদ্যপানক নিজৰ জীৱনৰ পৰা পৰিত্যাগ কৰি সুস্থ দেহ লাভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷















FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস