--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ৫০ বছৰ পুৰণি ৰায়কলৈ খ্ৰীষ্টান জনসংখ্যাৰে পৰিপূৰ্ণ দেশ আমেৰিকাত তীব্ৰ  বাদানুবাদৰ সৃষ্টি হৈ আছিল৷ একাংশ আমেৰিকানে অৰ্ধ শতিকা প্ৰাচীন "ৰো বনাম ৱেড"ৰ ৰায়টো মানিলৈ আমেৰিকাত মহিলাসকলক গৰ্ভপাতৰ অনুমতি দিব লাগে বুলি দাবী জনাই আহিছিল যদিও একাংশ গোড়া খ্ৰীষ্টান লোকে গৰ্ভপাত খ্ৰীষ্টান ধৰ্মৰ পৰিপন্থী বুলি সেই ৰায় তেতিয়াও মানি ল’ব নোৱাৰি বুলি কৈ আহিছিল৷

 গৰ্ভপাতকলৈ এনে বাদানুবাদ চলি থকাৰ মাজতে শেহতীয়াকৈ মাৰ্কিন উচ্চতম ন্যায়ালয়ে ৫০ বছৰ পুৰণি  "ৰো বনাম ৱেড"ৰ ৰায়টো একাষৰীয়া কৰি থৈ  সেই গুৰুত্বপূৰ্ণ ৰায়টোৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰি আমেৰিকাত গৰ্ভপাত নিষিদ্ধ কৰি ৰখাৰেই পোষকতা কৰে৷ 

 "ৰো বনাম ৱেড"ৰ ৰায়টোক নাকচ কৰি মাৰ্কিন উচ্চতম ন্যায়ালয়ে গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ প্ৰত্যাহাৰ কৰে  আৰু প্ৰতিখন প্ৰদেশকে গৰ্ভপাতৰ বিষয়টোত অনুমোদন দিব নে নিদিয়ে সেই বিষয়ত সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰে৷

উচ্চতম ন্যায়ালয়ে মিচিচিপি প্ৰদেশত গৰ্ভধাৰণৰ ১৫ সপ্তাহৰ পিছত গৰ্ভপাতৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি প্ৰাদেশিক চৰকাৰৰ সপক্ষে ৰায় দিয়াত গৰ্ভপাতৰ সাংবিধানিক নিজেই অধিকাৰ বাতিল হৈ পৰে।

উচ্চতম ন্যায়ালয়ৰ ৰায়টোত কোৱা হৈছে, “গৰ্ভপাতৰ অধিকাৰ সংবিধানৰ অধীনত সামৰি ল’ব নোৱাৰি… লগতে গৰ্ভপাত নিয়ন্ত্ৰণ কৰাৰ অধিকাৰ মানুহৰ হাতত তথা নিৰ্বাচিত জনপ্ৰতিনিধিৰ হাতত ন্যস্ত থকা উচিত।‘’

লক্ষ্যণীয় ভাবে উচ্চতম ন্যায়ালয়ৰ ছয়গৰাকী ন্যায়াধীশে গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ বাতিল কৰাৰ সপক্ষে ভোট দিয়ে। আনহাতে তিনিগৰাকীয়ে ইয়াৰ বিৰোধিতা কৰে।

এই ৰায়দানৰ পিছতে আমেৰিকাৰ আধাতকৈ বেছি প্ৰদেশত গৰ্ভপাত নিষিদ্ধ হৈ পৰিব বা ইয়াৰ বিৰুদ্ধে নতুনকৈ  নিষেধাজ্ঞা আৰোপ কৰা হ’ব পাৰে ।

 উচ্চতম ন্যায়ালয়ৰ এনে ৰায়দানৰ পিছতে ইতিমধ্যে গৰ্ভপাত বিৰোধী আইন প্ৰণয়ন কৰা  ১৩ খন প্ৰদেশত  গৰ্ভপাত নিষিদ্ধ হৈ পৰিব। 

উল্লেখ্য  ১৯৭৩ চনৰ "ৰো বনাম ৱেড"ৰ ৰায়টোত কোৱা হৈছিল যে মহিলাসকলৰ নিজৰ শৰীৰৰ ওপৰত গোপনীয়তাৰ সাংবিধানিক অধিকাৰ আছে আৰু তাৰ  ওপৰত ভিত্তি কৰিয়েই গৰ্ভপাতৰ অধিকাৰো আছে। 

 ৰায়টোৱে ধৰ্মীয় অনুভূতিত আঘাত হনা বুলি সেই সময়তে আমেৰিকাত তীব্ৰ প্ৰতিবাদ হৈছিল৷ অৱশেষত  উচ্চতম ন্যায়ালয়ৰ  ৰায়ৰ পিছত গৰ্ভপাত বিৰোধী শিবিৰ আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
যান-বাহন আৰক্ষীত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ নন্দিনী কাশ্যপ
'GMCHৰ পৰা এ'প'ললৈ নিবলৈ কেতিয়াও কোৱা নাছিল নন্দিনীৰ পৰিয়ালে! নন্দিনী কাশ্যপৰ মাতৃয়ে মিছা কোৱাৰ অভিযোগ ছামিউলৰ ভাতৃৰ
খেলি থাকোঁতে হাৰ্ট এটেকত মৃত্যু ২৫ বছৰীয়া যুৱকৰ
উৰিয়ামঘাটত সর্ববৃহৎ উচ্ছেদ অভিযান আৰম্ভ
মহানগৰীত জমেটোৰ উত্তৰ-পূৱৰ মেনেজাৰ মনীষ লহকৰৰ আত্মহত্যা
ভাৰতীয় দলত একাধিক পৰিবৰ্তনৰ সম্ভাৱনা
মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিৰূপ মন্তব্য! অখিল গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল হিন্দু যুৱ ছাত্ৰ পৰিষদৰ
ৰূপহীহাটৰ SI বিষ্ণু দাসৰ বিৰুদ্ধে ধন লোৱাৰ অভিযোগ