--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা ৫০ বছৰ পুৰণি ৰায়কলৈ খ্ৰীষ্টান জনসংখ্যাৰে পৰিপূৰ্ণ দেশ আমেৰিকাত তীব্ৰ  বাদানুবাদৰ সৃষ্টি হৈ আছিল৷ একাংশ আমেৰিকানে অৰ্ধ শতিকা প্ৰাচীন "ৰো বনাম ৱেড"ৰ ৰায়টো মানিলৈ আমেৰিকাত মহিলাসকলক গৰ্ভপাতৰ অনুমতি দিব লাগে বুলি দাবী জনাই আহিছিল যদিও একাংশ গোড়া খ্ৰীষ্টান লোকে গৰ্ভপাত খ্ৰীষ্টান ধৰ্মৰ পৰিপন্থী বুলি সেই ৰায় তেতিয়াও মানি ল’ব নোৱাৰি বুলি কৈ আহিছিল৷

 গৰ্ভপাতকলৈ এনে বাদানুবাদ চলি থকাৰ মাজতে শেহতীয়াকৈ মাৰ্কিন উচ্চতম ন্যায়ালয়ে ৫০ বছৰ পুৰণি  "ৰো বনাম ৱেড"ৰ ৰায়টো একাষৰীয়া কৰি থৈ  সেই গুৰুত্বপূৰ্ণ ৰায়টোৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰি আমেৰিকাত গৰ্ভপাত নিষিদ্ধ কৰি ৰখাৰেই পোষকতা কৰে৷ 

 "ৰো বনাম ৱেড"ৰ ৰায়টোক নাকচ কৰি মাৰ্কিন উচ্চতম ন্যায়ালয়ে গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ প্ৰত্যাহাৰ কৰে  আৰু প্ৰতিখন প্ৰদেশকে গৰ্ভপাতৰ বিষয়টোত অনুমোদন দিব নে নিদিয়ে সেই বিষয়ত সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰে৷

উচ্চতম ন্যায়ালয়ে মিচিচিপি প্ৰদেশত গৰ্ভধাৰণৰ ১৫ সপ্তাহৰ পিছত গৰ্ভপাতৰ ওপৰত জাৰি কৰা নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি প্ৰাদেশিক চৰকাৰৰ সপক্ষে ৰায় দিয়াত গৰ্ভপাতৰ সাংবিধানিক নিজেই অধিকাৰ বাতিল হৈ পৰে।

উচ্চতম ন্যায়ালয়ৰ ৰায়টোত কোৱা হৈছে, “গৰ্ভপাতৰ অধিকাৰ সংবিধানৰ অধীনত সামৰি ল’ব নোৱাৰি… লগতে গৰ্ভপাত নিয়ন্ত্ৰণ কৰাৰ অধিকাৰ মানুহৰ হাতত তথা নিৰ্বাচিত জনপ্ৰতিনিধিৰ হাতত ন্যস্ত থকা উচিত।‘’

লক্ষ্যণীয় ভাবে উচ্চতম ন্যায়ালয়ৰ ছয়গৰাকী ন্যায়াধীশে গৰ্ভপাতৰ সাংবিধানিক অধিকাৰ বাতিল কৰাৰ সপক্ষে ভোট দিয়ে। আনহাতে তিনিগৰাকীয়ে ইয়াৰ বিৰোধিতা কৰে।

এই ৰায়দানৰ পিছতে আমেৰিকাৰ আধাতকৈ বেছি প্ৰদেশত গৰ্ভপাত নিষিদ্ধ হৈ পৰিব বা ইয়াৰ বিৰুদ্ধে নতুনকৈ  নিষেধাজ্ঞা আৰোপ কৰা হ’ব পাৰে ।

 উচ্চতম ন্যায়ালয়ৰ এনে ৰায়দানৰ পিছতে ইতিমধ্যে গৰ্ভপাত বিৰোধী আইন প্ৰণয়ন কৰা  ১৩ খন প্ৰদেশত  গৰ্ভপাত নিষিদ্ধ হৈ পৰিব। 

উল্লেখ্য  ১৯৭৩ চনৰ "ৰো বনাম ৱেড"ৰ ৰায়টোত কোৱা হৈছিল যে মহিলাসকলৰ নিজৰ শৰীৰৰ ওপৰত গোপনীয়তাৰ সাংবিধানিক অধিকাৰ আছে আৰু তাৰ  ওপৰত ভিত্তি কৰিয়েই গৰ্ভপাতৰ অধিকাৰো আছে। 

 ৰায়টোৱে ধৰ্মীয় অনুভূতিত আঘাত হনা বুলি সেই সময়তে আমেৰিকাত তীব্ৰ প্ৰতিবাদ হৈছিল৷ অৱশেষত  উচ্চতম ন্যায়ালয়ৰ  ৰায়ৰ পিছত গৰ্ভপাত বিৰোধী শিবিৰ আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?