--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত ভাৰতৰ স্বাস্থ্য সেৱাৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি বিভিন্ন মহলে প্ৰচাৰ চলাই আহিছে সেই সময়তে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এক ভয়াৱহ তথ্য ৷ প্ৰতিবেদন খনত কোৱা হৈছে যে বিশ্বত ভাৰতীয়সকলৰ মাজতে  যক্ষ্মা ৰোগীৰ সংখ্যা সৰ্বাধিক।

বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা  প্ৰতিবেদন অনুসৰি ২০২২ চনত ভাৰতত ২৮.২  লাখ লোক যক্ষ্মা ৰোগত আক্ৰান্ত হৈছিল । এয়া সমগ্ৰ বিশ্বত আক্ৰান্ত  মুঠ যক্ষ্মা ৰোগীৰ  ২৭ শতাংশ। ১৯৯৫ চনত বিশ্ব স্বাস্থ্য সংস্থাই প্ৰথমে বিশ্বজুৰি যক্ষ্মা ৰোগৰ তালিকা প্ৰকাশ কৰা আৰম্ভ কৰিছিল। দেখা গৈছে যে ২০২২  চনত বিশ্বত সৰ্বাধিক সংখ্যক লোক এই ৰোগত আক্ৰান্ত হৈছিল।

 শেহতীয়াকৈ প্ৰকাশিত  প্ৰতিবেদন অনুসৰি  ২০২২  চনত বিশ্বজুৰি ৭.৫  নিযুত লোক  যক্ষ্মা ৰোগত আক্ৰান্ত হৈছিল৷ ইয়াৰ ভিতৰত, ৮৭  শতাংশ লোক ৩০  খন দেশৰ। ভাৰত তালিকাৰ শীৰ্ষত আছে (২৭ শতাংশ)। ৰোগত আক্ৰান্ত লোকৰ দিশৰ পৰা আন  আঠখন দেশ হৈছে  ইণ্ডোনেছিয়া (১০ শতাংশ), চীন (৭.১ শতাংশ), ফিলিপাইনছ (৭ শতাংশ), পাকিস্তান (৫.৭ শতাংশ), নাইজেৰিয়া (৪.৫ শতাংশ), বাংলাদেশ (৩.৬ শতাংশ) আৰু কঙ্গো (৩ শতাংশ)।

প্ৰতিবেদনখনত এইবুলিও  কোৱা হৈছে যে ভাৰতত ১২ শতাংশ যক্ষ্মা ৰোগীৰ অৱস্থা সংকটজনক।  যোৱা বছৰ ভাৰতত যক্ষ্মা ৰোগত আক্ৰান্ত হৈ ৩.৪২ লাখ লোকৰ মৃত্যু হৈছিল। অৱশ্যে, মহামাৰীৰ পিছৰ সময়ছোৱাত যক্ষ্মা ৰোগীৰ ৰোগমুক্তিৰ পৰিসংখ্যাই কিছু সকাহ প্ৰদান কৰিছে। ২০২০-২১ বৰ্ষত ভাৰত, ইণ্ডোনেছিয়া আৰু ফিলিপাইনছত  যক্ষ্মা ৰোগৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা ৬০ শতাংশতকৈও অধিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক