--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত ভাৰতৰ স্বাস্থ্য সেৱাৰ অভূতপূৰ্ব উন্নয়ন হোৱা বুলি বিভিন্ন মহলে প্ৰচাৰ চলাই আহিছে সেই সময়তে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এক ভয়াৱহ তথ্য ৷ প্ৰতিবেদন খনত কোৱা হৈছে যে বিশ্বত ভাৰতীয়সকলৰ মাজতে  যক্ষ্মা ৰোগীৰ সংখ্যা সৰ্বাধিক।

বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা  প্ৰতিবেদন অনুসৰি ২০২২ চনত ভাৰতত ২৮.২  লাখ লোক যক্ষ্মা ৰোগত আক্ৰান্ত হৈছিল । এয়া সমগ্ৰ বিশ্বত আক্ৰান্ত  মুঠ যক্ষ্মা ৰোগীৰ  ২৭ শতাংশ। ১৯৯৫ চনত বিশ্ব স্বাস্থ্য সংস্থাই প্ৰথমে বিশ্বজুৰি যক্ষ্মা ৰোগৰ তালিকা প্ৰকাশ কৰা আৰম্ভ কৰিছিল। দেখা গৈছে যে ২০২২  চনত বিশ্বত সৰ্বাধিক সংখ্যক লোক এই ৰোগত আক্ৰান্ত হৈছিল।

 শেহতীয়াকৈ প্ৰকাশিত  প্ৰতিবেদন অনুসৰি  ২০২২  চনত বিশ্বজুৰি ৭.৫  নিযুত লোক  যক্ষ্মা ৰোগত আক্ৰান্ত হৈছিল৷ ইয়াৰ ভিতৰত, ৮৭  শতাংশ লোক ৩০  খন দেশৰ। ভাৰত তালিকাৰ শীৰ্ষত আছে (২৭ শতাংশ)। ৰোগত আক্ৰান্ত লোকৰ দিশৰ পৰা আন  আঠখন দেশ হৈছে  ইণ্ডোনেছিয়া (১০ শতাংশ), চীন (৭.১ শতাংশ), ফিলিপাইনছ (৭ শতাংশ), পাকিস্তান (৫.৭ শতাংশ), নাইজেৰিয়া (৪.৫ শতাংশ), বাংলাদেশ (৩.৬ শতাংশ) আৰু কঙ্গো (৩ শতাংশ)।

প্ৰতিবেদনখনত এইবুলিও  কোৱা হৈছে যে ভাৰতত ১২ শতাংশ যক্ষ্মা ৰোগীৰ অৱস্থা সংকটজনক।  যোৱা বছৰ ভাৰতত যক্ষ্মা ৰোগত আক্ৰান্ত হৈ ৩.৪২ লাখ লোকৰ মৃত্যু হৈছিল। অৱশ্যে, মহামাৰীৰ পিছৰ সময়ছোৱাত যক্ষ্মা ৰোগীৰ ৰোগমুক্তিৰ পৰিসংখ্যাই কিছু সকাহ প্ৰদান কৰিছে। ২০২০-২১ বৰ্ষত ভাৰত, ইণ্ডোনেছিয়া আৰু ফিলিপাইনছত  যক্ষ্মা ৰোগৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা ৬০ শতাংশতকৈও অধিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ