--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ এবাৰ প্ৰেক্ষাপটত প্ৰতিথযশা গীতিকাৰ,কবি জাভেদ আখতাৰ৷জাভেদ আখতাৰ প্ৰায়ে তেওঁৰ বিতৰ্কিত বক্তব্যৰ বাবে শিৰোনামত থাকে। বিখ্যাত কবি, গীতিকাৰ জাভেদ আখতাৰ পুনৰ এবাৰ বহুলভাৱে চৰ্চিত হৈছে। যোৱা বৃহস্পতিবাৰে (৯ নৱেম্বৰ, ২০২৩) জয়পুৰ এম এন এছ পাৰ্টীৰ উদ্যোগত আয়োজিত দীপাৱলীৰ অনুষ্ঠানত তেওঁ কয় যে ভগৱান ৰাম আৰু সীতা কেৱল হিন্দু দেৱ-দেৱী নহয় বৰঞ্চ ভাৰতৰ সাংস্কৃতিক ঐতিহ্য বুলিও ক’ব পাৰি৷ 


গীতিকাৰগৰাকীয়ে কয় যে "ৰামায়ণ এক সাংস্কৃতিক ঐতিহ্য৷ মই ৰাম আৰু সীতাৰ ভূমিত জন্ম লৈ গৌৰৱ অনুভৱ কৰিছোঁ। অনুষ্ঠানৰ মঞ্চৰ পৰাই জাভেদ আখতাৰে কয় যে ভাৰতৰ কেৱল হিন্দুৰেই নহয় প্ৰতিটো ধৰ্মৰ লোকৰ বাবে ৰাম-সীতাক ঐতিহ্য বুলি কোৱা হয়। মই গৌৰৱ অনুভৱ কৰিছো যে মই ৰাম আৰু সীতাৰ দেশত জন্ম লৈছো। ৰাম-সীতা ভাৰতৰ প্ৰতিজন ব্যক্তিৰ ঈশ্বৰ।"


জাভেদ আখতাৰে ভাষণত কয় যে ৰাম আৰু সীতা একমাত্ৰ হিন্দু দেৱ-দেৱী নহয়। এয়া ভাৰতৰ সাংস্কৃতিক ঐতিহ্য। তেওঁ নাস্তিক বুলিও দাবী কৰিছিল, তথাপিও তেওঁ ৰাম আৰু সীতাক এই দেশৰ সম্পত্তি বুলি গণ্য কৰে।আখতাৰে আৰু কয় যে আমি যেতিয়া মৰ্যাদা পুৰুষোত্তমৰ কথা কওঁ তেতিয়া কেৱল ৰাম আৰু সীতাৰ কথা মনলৈ আহে। গীতিকাৰ জাভেদ আখতাৰে ৰাইজক জয় সীতা ৰাম শ্লোগান উত্থাপন কৰিবলৈ আহ্বান জনাই গীতিকাৰজনে কৈছিল যে মই লক্ষ্ণৌৰ আৰু সৰুৰে পৰা ধনী মানুহে ইজনে সিজনক শুভ ৰাতিপুৱা কামনা কৰা দেখিছিলো, কিন্তু সেই সময়ত তেওঁ এজন ব্যক্তিক ৰাস্তাৰ কাষেৰে পাৰ হৈ যোৱা দেখিছিল৷য’ত আখতাৰে ব্যক্তিজনক জয় সীতাৰাম বুলি কোৱা শুনিলে। অনুষ্ঠানটোত তেওঁ কয় যে সীতা আৰু ৰামক পৃথকে পৃথকে ভবাটো পাপ। সীতাৰাম শব্দটো প্ৰেম আৰু ঐক্যৰ প্ৰতীক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক