--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বংগৰ  ভোটগ্ৰহণ কেন্দ্ৰত আজি এক আচহুৱা পৰিস্থিতিৰ সন্মুখীন হয় বলীউডৰ অভিনেতা তথা বিজেপিৰ নেতা  মিথুন চক্ৰৱৰ্তী। অভিনেতা তথা বিজেপি নেতা মিথুন চক্ৰৱৰ্তীয়ে শনিবাৰে ভোটদানৰ বাবে কলকাতা জিলাৰ বেলগাছিয়াৰ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হয়। এই সময়ছোৱাত তেওঁক শাৰীত থিয় হৈ থকা দেখা গ’ল যদিও ভোটদান কৰি ওলাই আহোঁতে তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে তেওঁৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰে। 

অভিযোগ অনুসৰি ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ওলাই অহাৰ পিছত অভিনেতাগৰাকীয়ে একাংশ ভোটাৰৰ সৈতে চেলফি ক্লিক কৰিছিল। এই সময়ছোৱাত স্থানীয় তৃণমূল কংগ্ৰেছৰ কাউন্সিলাৰ দেৱিকা চক্ৰৱৰ্তীও তাত উপস্থিত আছিল। দেৱিকা চক্ৰৱৰ্তীয়ে অভিযোগ কৰে যে মিথুন চক্ৰৱৰ্তীয়ে চেলফি ক্লিক কৰি শাৰীত থিয় হৈ থকা ভোটাৰক প্ৰভাৱান্বিত কৰাৰ চেষ্ট কৰিছিল। ইয়াৰ পিছতে ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত তৃণমূল কংগ্ৰেছ কৰ্মীসকলে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে। তৃণমূল কৰ্মীয়ে মিথুন চক্ৰৱৰ্তীক ঘেৰি ধৰি চোৰ-চোৰ বুলি শ্লোগান দিবলৈ আৰম্ভ কৰে। প্ৰতিবাদৰ মাজতে চক্ৰৱৰ্তীয়ে হাঁহি হাঁহি সেই ঠাই এৰি গুচি যায়। তৃণমূল কংগ্ৰেছৰ কাউন্সিলাৰগৰাকীয়ে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত অভিনেতাগৰাকীয়ে কয়, ‘এইবোৰ বিষয়ত মোৰ ক’বলগীয়া একো নাই। আন যিকোনো ভোটাৰৰ দৰে ময়ো পুৱা ভোট দিবলৈ শাৰীত থিয় দিছিলো।’’ 

তেওঁ কয় যে মই মোৰ প্ৰচাৰৰ কৰ্তব্য ৩০ মে’লৈকে সম্পূৰ্ণ নিষ্ঠাৰে পালন কৰিছো। এতিয়া চিনেমা আৰু অভিনয়ৰ বিষয়ত  গুৰুত্ব দিয়াৰ সময় আহি পৰিছে। মিথুন চক্ৰৱৰ্তী সেই ঠাই এৰি যোৱাৰ পিছত  সৃষ্টি হোৱা  উত্তেজনা কমি আহিল। সপ্তম আৰু অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত পশ্চিমবংগৰ ৯খন আসনৰ বাবে ভোটদান কৰা হয়। ইফালে, সন্দেশখালি, ভাংগাৰকে ধৰি বহু অঞ্চলৰ পৰাও নিৰ্বাচনী হিংসাৰ খবৰ পোৱা গৈছে। ভোটদান হোৱা  ৰাজ্যখনৰ ৯খন লোকসভা আসনৰ ভিতৰত কলকাতা-দক্ষিণ আৰু কলকাতা-উত্তৰ; দক্ষিণ ২৪ পৰগনা জিলাৰ  যাদৱপুৰ, জয়নগৰ, মথুৰাপুৰ আৰু ডাইমণ্ড হাৰ্বাৰ, উত্তৰ ২৪ পৰগনা জিলাৰ আছে বাছিৰহাট, বৰাছাট আৰু ডমডম সমষ্টি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু