--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বংগৰ  ভোটগ্ৰহণ কেন্দ্ৰত আজি এক আচহুৱা পৰিস্থিতিৰ সন্মুখীন হয় বলীউডৰ অভিনেতা তথা বিজেপিৰ নেতা  মিথুন চক্ৰৱৰ্তী। অভিনেতা তথা বিজেপি নেতা মিথুন চক্ৰৱৰ্তীয়ে শনিবাৰে ভোটদানৰ বাবে কলকাতা জিলাৰ বেলগাছিয়াৰ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হয়। এই সময়ছোৱাত তেওঁক শাৰীত থিয় হৈ থকা দেখা গ’ল যদিও ভোটদান কৰি ওলাই আহোঁতে তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে তেওঁৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰে। 

অভিযোগ অনুসৰি ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ওলাই অহাৰ পিছত অভিনেতাগৰাকীয়ে একাংশ ভোটাৰৰ সৈতে চেলফি ক্লিক কৰিছিল। এই সময়ছোৱাত স্থানীয় তৃণমূল কংগ্ৰেছৰ কাউন্সিলাৰ দেৱিকা চক্ৰৱৰ্তীও তাত উপস্থিত আছিল। দেৱিকা চক্ৰৱৰ্তীয়ে অভিযোগ কৰে যে মিথুন চক্ৰৱৰ্তীয়ে চেলফি ক্লিক কৰি শাৰীত থিয় হৈ থকা ভোটাৰক প্ৰভাৱান্বিত কৰাৰ চেষ্ট কৰিছিল। ইয়াৰ পিছতে ভোটগ্ৰহণ কেন্দ্ৰৰ বাহিৰত তৃণমূল কংগ্ৰেছ কৰ্মীসকলে তেওঁৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আৰম্ভ কৰে। তৃণমূল কৰ্মীয়ে মিথুন চক্ৰৱৰ্তীক ঘেৰি ধৰি চোৰ-চোৰ বুলি শ্লোগান দিবলৈ আৰম্ভ কৰে। প্ৰতিবাদৰ মাজতে চক্ৰৱৰ্তীয়ে হাঁহি হাঁহি সেই ঠাই এৰি গুচি যায়। তৃণমূল কংগ্ৰেছৰ কাউন্সিলাৰগৰাকীয়ে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত অভিনেতাগৰাকীয়ে কয়, ‘এইবোৰ বিষয়ত মোৰ ক’বলগীয়া একো নাই। আন যিকোনো ভোটাৰৰ দৰে ময়ো পুৱা ভোট দিবলৈ শাৰীত থিয় দিছিলো।’’ 

তেওঁ কয় যে মই মোৰ প্ৰচাৰৰ কৰ্তব্য ৩০ মে’লৈকে সম্পূৰ্ণ নিষ্ঠাৰে পালন কৰিছো। এতিয়া চিনেমা আৰু অভিনয়ৰ বিষয়ত  গুৰুত্ব দিয়াৰ সময় আহি পৰিছে। মিথুন চক্ৰৱৰ্তী সেই ঠাই এৰি যোৱাৰ পিছত  সৃষ্টি হোৱা  উত্তেজনা কমি আহিল। সপ্তম আৰু অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত পশ্চিমবংগৰ ৯খন আসনৰ বাবে ভোটদান কৰা হয়। ইফালে, সন্দেশখালি, ভাংগাৰকে ধৰি বহু অঞ্চলৰ পৰাও নিৰ্বাচনী হিংসাৰ খবৰ পোৱা গৈছে। ভোটদান হোৱা  ৰাজ্যখনৰ ৯খন লোকসভা আসনৰ ভিতৰত কলকাতা-দক্ষিণ আৰু কলকাতা-উত্তৰ; দক্ষিণ ২৪ পৰগনা জিলাৰ  যাদৱপুৰ, জয়নগৰ, মথুৰাপুৰ আৰু ডাইমণ্ড হাৰ্বাৰ, উত্তৰ ২৪ পৰগনা জিলাৰ আছে বাছিৰহাট, বৰাছাট আৰু ডমডম সমষ্টি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement