--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰকাশ পালে বিশ্বৰ ভোকাতুৰ দেশৰ তালিকা৷ গ্ল’বেল হাংগাৰ ইনডেক্স ২০২৩ত ভাৰতৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। ১২৫ খন দেশৰ গ্ল’বেল হাংগাৰ ইনডেক্সত ১১১ নম্বৰ স্থানলৈ অৱনমিত হৈছে ভাৰত। কেৱল এয়াই নহয়, সৰ্বাধিক শিশুৰ অপুষ্টিৰ হাৰ ভাৰততে দেখা গৈছে যাৰ পৰিমাণ ১৮.৭ শতাংশ। ২০২২ চনৰ তুলনাত ভাৰতৰ পৰিস্থিতি আৰু অধিক বেয়া হৈছে আৰু যোৱা বছৰ এই সূচকাংকত ভাৰতে ১০৭ নম্বৰ স্থান লাভ কৰিছিল।

আজি প্ৰকাশ পোৱা এই গ্ল’বেল হাংগাৰ ইনডেক্সত ভাৰতৰ স্ক’ৰ ২৮.৭ শতাংশ, যাৰ ফলত ভাৰতক এনে এটা শ্ৰেণীত স্থান দিয়া হৈছে য’ত ক্ষুধা আৰু অনাহাৰৰ পৰিস্থিতি অতি ভয়াৱহ। গ্ল’বেল হাংগাৰ ইনডেক্স (GHI) হৈছে বিশ্ব, আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ষুধাক ব্যাপকভাৱে জোখা আৰু অনুসৰণ কৰাৰ এক আহিলা।

গ্ল’বেল হাংগাৰ ইনডেক্স অনুসৰি ভাৰতৰ আন চুবুৰীয়া দেশবোৰলৈ চালে পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা আৰু নেপালৰ অৱস্থাও ভাল। গ্ল’বেল হাংগাৰ ইনডেক্স ২০২৩ত পাকিস্তান ১০২, বাংলাদেশ ৮১, নেপাল ৬৯ আৰু শ্ৰীলংকা ৬০ নম্বৰ স্থানত আছে।

কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে যোৱা বছৰ আৰু তাৰ আগৰ বছৰটোত অৰ্থাৎ একেৰাহে ২ বছৰৰ বাবে এই গ্ল’বেল হাংগাৰ ইনডেক্সৰ প্ৰতিবেদন সম্পূৰ্ণৰূপে নাকচ কৰিছিল। মন্ত্ৰালয়ে কৈছিল যে কেৱল শিশুৰ ওপৰত গুৰুত্ব আৰোপ কৰা মেট্ৰিক ব্যৱহাৰ কৰি বিশ্বব্যাপী ক্ষুধাৰ হিচাপ কৰিব নালাগে। মন্ত্ৰালয়ে ইয়াক ভোক জুখিবলৈ ভুল উপায় বুলি অভিহিত কৰিছিল। GHI 2022 সন্দৰ্ভত মন্ত্ৰালয়ে লগতে কয় যে ভোক গণনাৰ বাবে ব্যৱহাৰ কৰা ৪টা পদ্ধতিৰ ভিতৰত ৩টা কেৱল শিশুৰ স্বাস্থ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু