--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰকাশ পালে বিশ্বৰ ভোকাতুৰ দেশৰ তালিকা৷ গ্ল’বেল হাংগাৰ ইনডেক্স ২০২৩ত ভাৰতৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। ১২৫ খন দেশৰ গ্ল’বেল হাংগাৰ ইনডেক্সত ১১১ নম্বৰ স্থানলৈ অৱনমিত হৈছে ভাৰত। কেৱল এয়াই নহয়, সৰ্বাধিক শিশুৰ অপুষ্টিৰ হাৰ ভাৰততে দেখা গৈছে যাৰ পৰিমাণ ১৮.৭ শতাংশ। ২০২২ চনৰ তুলনাত ভাৰতৰ পৰিস্থিতি আৰু অধিক বেয়া হৈছে আৰু যোৱা বছৰ এই সূচকাংকত ভাৰতে ১০৭ নম্বৰ স্থান লাভ কৰিছিল।

আজি প্ৰকাশ পোৱা এই গ্ল’বেল হাংগাৰ ইনডেক্সত ভাৰতৰ স্ক’ৰ ২৮.৭ শতাংশ, যাৰ ফলত ভাৰতক এনে এটা শ্ৰেণীত স্থান দিয়া হৈছে য’ত ক্ষুধা আৰু অনাহাৰৰ পৰিস্থিতি অতি ভয়াৱহ। গ্ল’বেল হাংগাৰ ইনডেক্স (GHI) হৈছে বিশ্ব, আঞ্চলিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ষুধাক ব্যাপকভাৱে জোখা আৰু অনুসৰণ কৰাৰ এক আহিলা।

গ্ল’বেল হাংগাৰ ইনডেক্স অনুসৰি ভাৰতৰ আন চুবুৰীয়া দেশবোৰলৈ চালে পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা আৰু নেপালৰ অৱস্থাও ভাল। গ্ল’বেল হাংগাৰ ইনডেক্স ২০২৩ত পাকিস্তান ১০২, বাংলাদেশ ৮১, নেপাল ৬৯ আৰু শ্ৰীলংকা ৬০ নম্বৰ স্থানত আছে।

কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে যোৱা বছৰ আৰু তাৰ আগৰ বছৰটোত অৰ্থাৎ একেৰাহে ২ বছৰৰ বাবে এই গ্ল’বেল হাংগাৰ ইনডেক্সৰ প্ৰতিবেদন সম্পূৰ্ণৰূপে নাকচ কৰিছিল। মন্ত্ৰালয়ে কৈছিল যে কেৱল শিশুৰ ওপৰত গুৰুত্ব আৰোপ কৰা মেট্ৰিক ব্যৱহাৰ কৰি বিশ্বব্যাপী ক্ষুধাৰ হিচাপ কৰিব নালাগে। মন্ত্ৰালয়ে ইয়াক ভোক জুখিবলৈ ভুল উপায় বুলি অভিহিত কৰিছিল। GHI 2022 সন্দৰ্ভত মন্ত্ৰালয়ে লগতে কয় যে ভোক গণনাৰ বাবে ব্যৱহাৰ কৰা ৪টা পদ্ধতিৰ ভিতৰত ৩টা কেৱল শিশুৰ স্বাস্থ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ