--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা সংঘৰ্ষই দেশজুৰি সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ৷ এই সংঘৰ্ষৰ এদিনৰ পাছতে সোমবাৰে বিশ্ববিদ্যালয়খনৰ কৰ্তপক্ষই কয় যে, ‘যিকোনো ধৰণৰ হিংসাৰ প্ৰতি ইয়াৰ এক শূন্য সহনশীলতা নীতি অৱলম্বন কৰিবলৈ বাধ্য হ’ব। যিয়ে শিক্ষাৰ্থীসকলক এনেধৰণৰ যিকোনো ঘটনাৰ পৰা বিৰত থাকিবলৈ সতৰ্ক কৰি দিয়ে, লগতে চৌহদত শান্তি আৰু সম্প্ৰীতি বজাই ৰখাত যাতে সহায় কৰে। যদি কোনোবাই এনে কাৰ্যত লিপ্ত হোৱা দেখা যায়, তেন্তে বিশ্ববিদ্যালয়ৰ নিয়ম অনুসৰি তেওঁলোকৰ ওপৰত পদক্ষেপৰ গ্ৰহণ কৰিব আৰু যাৰবাবে দায়বদ্ধ হ’ব শিক্ষাৰ্থী৷

উপাচাৰ্যগৰাকীয়ে সোমবাৰে হিংসাৰ সূত্ৰপাত হোৱা হোষ্টেল পৰিদৰ্শন কৰে আৰু ঘটনাটোক লৈ বিতৰ্কৰ মাজতে ছাত্ৰ-ছাত্ৰীসকলক সাক্ষাৎ কৰে। নিৰাপত্তাৰক্ষীসকলক এনে ধৰণৰ যিকোনো ইণ্ডেণ্ট প্ৰতিৰোধ কৰিবলৈ সতৰ্ক হ’বলৈ আৰু প্ৰশাসনৰ ওচৰত তৎক্ষণাৎ প্ৰতিবেদন দাখিলও কৰিবলৈও নিৰ্দেশ দিয়ে উপাচাৰ্যগৰাকীয়ে।

দুটা ছাত্ৰ গোট- বাওঁপন্থী ছাত্ৰ সন্থা, অল ইণ্ডিয়া ষ্টুডেণ্টছ এছ’চিয়েচন আৰু আৰ এছএছৰ সৈতে সম্পৰ্কিত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ- দেওবাৰে ইজনে সিজনৰ বিৰুদ্ধে চৌহদত হিংসাত্মক ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে আৰু তেওঁলোকৰ দাবীৰ সমৰ্থন ৰখাৰ বাবে ছ’চিয়েল মিডিয়াত ভিডিঅ’ আৰু ফটো শ্বেয়াৰ কৰে।

জৱাহৰলাল নেহৰু ছাত্ৰ সন্থাৰ সভাপতি আইশে ঘোষে অভিযোগ কৰিছিল যে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ(এবিভিপি)ৰ সদস্যসকলে হুলস্থূল পৰিৱেশৰ সৃষ্টি কৰিছিল, আৰু কুকুৰা ৰন্ধাৰ বাবে কাবেৰী হোষ্টেলৰ মেছৰ সদস্যসকলক আক্ৰমণ কৰিছিল। দাবীসমূহৰ বিৰোধিতা কৰি এবিভিপিয়ে কয় যে ৰাম নৱমী উপলক্ষে আয়োজিত এক প্ৰাৰ্থনা অনুষ্ঠানবাওঁপন্থী ছাত্ৰ সংগঠনসমূহে শ্ল’গান দি ব্যাঘাত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন