--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ ৰাজনৈতিক মহলত ধুমুহা। তৃণমূল কংগ্ৰেছ নেতাৰ এগৰাকী নেতাৰ পুত্ৰৰ জন্মদিনৰ পাৰ্টিত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। পশ্চিমবংগৰ নদীয়াৰ এগৰাকী তৃণমূল কংগ্ৰেছৰ পঞ্চায়ত সদস্যৰ পুত্ৰৰ জন্মদিনৰ পাৰ্টিত এই জঘন্য ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। 

দলবদ্ধ ধৰ্ষণকাণ্ডৰ পাছত কৰুণ মৃত্যু হোৱা ১৪ বছৰীয়া কিশোৰীগৰাকীক পৰৱৰ্তী সময়ত পৰিয়ালৰ কোনোধৰণৰ অনুমতি নোলোৱাকৈ অন্তিম সৎকাৰ কৰা হয় বুলিও কিশোৰীগৰাকীৰ মাতৃয়ে উল্লেখ কৰে। কিশোৰীগৰাকী নৱম শ্ৰেণীত পঢ়ি আছিল। ভুক্তভোগীৰ পৰিয়ালে অপৰাধ সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছত আৰক্ষীয়ে তৃণমূল কংগ্ৰেছৰ পঞ্চায়তৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তজনক ব্ৰজাগোপাল ওৰফে চোহেল গয়ালী বুলি চিনাক্ত কৰা হৈছে। তেওঁক প্ৰথমে আটক কৰা হৈছিল আৰু তাৰ পিছত যোৱা নিশা গ্ৰেপ্তাৰ কৰা হৈছিল। 

তেওঁক সোমবাৰে ৰাণাঘাট আদালতত হাজিৰ কৰোৱা হয়। পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ পাছৰে পৰা ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ ব্যাপক অৱনতি ঘটিছে বুলি বিজেপি আৰু বিৰোধী দল সমূহে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। ৰাণাঘাট আৰক্ষী জিলাৰ অতিৰিক্ত এছপি ৰূপংকৰ সেনগুপ্তাই কয়, "যোৱা নিশা হংশখালী পিএছত এটা অভিযোগ পাইছিলো৷ সেই অনুসৰি, হংশখালী পিএছ গোচৰ নং ৩২৭/২২ ডিটি ১০.০৪.২২ ইউ/এছ ৩৭৬(৩)/৩০২/২০১/৩৪ আইপিচি আৰু ৬ পস্কো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে৷ অনুসন্ধানৰ সময়ত এজন লোকক জেৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। সমগ্ৰ ঘটনাৰ তদন্ত চলি আছে।"



FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন