--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ ৰাজনৈতিক মহলত ধুমুহা। তৃণমূল কংগ্ৰেছ নেতাৰ এগৰাকী নেতাৰ পুত্ৰৰ জন্মদিনৰ পাৰ্টিত এগৰাকী কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। পশ্চিমবংগৰ নদীয়াৰ এগৰাকী তৃণমূল কংগ্ৰেছৰ পঞ্চায়ত সদস্যৰ পুত্ৰৰ জন্মদিনৰ পাৰ্টিত এই জঘন্য ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। 

দলবদ্ধ ধৰ্ষণকাণ্ডৰ পাছত কৰুণ মৃত্যু হোৱা ১৪ বছৰীয়া কিশোৰীগৰাকীক পৰৱৰ্তী সময়ত পৰিয়ালৰ কোনোধৰণৰ অনুমতি নোলোৱাকৈ অন্তিম সৎকাৰ কৰা হয় বুলিও কিশোৰীগৰাকীৰ মাতৃয়ে উল্লেখ কৰে। কিশোৰীগৰাকী নৱম শ্ৰেণীত পঢ়ি আছিল। ভুক্তভোগীৰ পৰিয়ালে অপৰাধ সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছত আৰক্ষীয়ে তৃণমূল কংগ্ৰেছৰ পঞ্চায়তৰ এজন সদস্যক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তজনক ব্ৰজাগোপাল ওৰফে চোহেল গয়ালী বুলি চিনাক্ত কৰা হৈছে। তেওঁক প্ৰথমে আটক কৰা হৈছিল আৰু তাৰ পিছত যোৱা নিশা গ্ৰেপ্তাৰ কৰা হৈছিল। 

তেওঁক সোমবাৰে ৰাণাঘাট আদালতত হাজিৰ কৰোৱা হয়। পশ্চিমবংগত বিধানসভা নিৰ্বাচনৰ পাছৰে পৰা ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস্থিতিৰ ব্যাপক অৱনতি ঘটিছে বুলি বিজেপি আৰু বিৰোধী দল সমূহে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। ৰাণাঘাট আৰক্ষী জিলাৰ অতিৰিক্ত এছপি ৰূপংকৰ সেনগুপ্তাই কয়, "যোৱা নিশা হংশখালী পিএছত এটা অভিযোগ পাইছিলো৷ সেই অনুসৰি, হংশখালী পিএছ গোচৰ নং ৩২৭/২২ ডিটি ১০.০৪.২২ ইউ/এছ ৩৭৬(৩)/৩০২/২০১/৩৪ আইপিচি আৰু ৬ পস্কো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে৷ অনুসন্ধানৰ সময়ত এজন লোকক জেৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে। সমগ্ৰ ঘটনাৰ তদন্ত চলি আছে।"



FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ